1. News

আপোনাৰ অঞ্চলত বাল্য বিবাহ হৈছে যদি এই নম্বৰত ফোন কৰক

KJ Staff
KJ Staff
Child Marriage
Child Marriage

ৰাজ্যত বাল্য বিবাহ নিৰ্মূল কৰিবলৈ অসম চৰকাৰে গ্ৰহণ কৰিছে সংকল্প। নাবালিকাক বিয়া কৰোৱা পুৰুষৰ বিৰুদ্ধে এক বৃহৎ পদক্ষেপ লৈছে অসম চৰকাৰে। বাল্য বিবাহ কৰা পুৰুষৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ লগতে এনে লোকক গ্ৰেপ্তাৰ কৰা হ’ব বুলি প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমৰ জৰিয়তে আজি এই কথা প্ৰকাশ কৰে। এতিয়ালৈচে আৰক্ষীয়ে ৰাজ্যজুৰি ৪,০০৪টা গোচৰ পঞ্জীয়ন কৰিছে আৰু আহিবলগীয়া সময়ত এই ক্ষেত্ৰত অধিক ব্যৱস্থা গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। এই গোচৰসমূহৰ ওপৰত ৩ ফেব্ৰুৱাৰী অৰ্থাৎ শুকুৰবাৰে পৰা ব্যৱস্থা লোৱা আৰম্ভ কৰা হ’ব। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সকলোকে সহযোগ কৰিবলৈ অনুৰোধ জনায়। মুখ্যমন্ত্ৰীগৰাকীয়ে জিলা ভিত্তিক গোচৰৰ তথ্য জাৰী কৰিছে য’ত ধুবুৰীত সৰ্বাধিক গোচৰ ৰুজু হৈছে।

অসমৰ বিভিন্ন জিলাৰ ভিতৰত ধুবুৰীত মুঠ ৩৭০টা গোচৰ, হোজাইত ২৫৫টা, কোকৰাঝাৰ ২০৪টা গোচৰ ৰুজু কৰা হৈছে। লগতে মৰিগাঁৱত ২২৪টা, নগাঁৱত ১১৩টা, নলবাৰীত ১৭১টা, দক্ষিণ শালমৰাত ১৪৫টা গোচৰ ৰুজু হৈছে। এই গোচৰৰ তালিকাত কাৰ্বি আংলঙত ১২৬ টা, তামুলপুৰত ১১০টা, গোৱালপাৰাত ১৫৭টা, ওদালগুৰিত ২৩৫টা, বজালীত ১৩২টা, বাক্সাত ১৫৩টা গোচৰ ৰুজু কৰা হৈছে।

বাল্যবিবাহৰ বিৰুদ্ধে
বঙাইগাঁৱত ১২৩টা, গুৱাহাটীত ১৯২টা গোচৰ, দৰঙত ১২৫ টা, ধেমাজিত ১০১টা গোচৰ ৰুজুৰ উপৰিও বৰপেটাত বাল্যবিবাহৰ বিৰুদ্ধে ৮১টা গোচৰ ৰুজু কৰা হৈছে।

এই প্ৰসংগত অসম আৰক্ষীয়ে সামাজিক মাধ্যমত এটা প’ষ্ট দিছে, য’ত লিখা হৈছে- ‘’ কন্যাশিশুৰ বাল্যবিবাহে আমাৰ শিশুৰ বৰ্তমান আৰু ভৱিষ্যৎ দুয়োটাকেই বিপদাপন্ন কৰি তোলে। এখন সমাজ হিচাপে প্ৰতিগৰাকী শিশুৰেই সুৰক্ষা সুনিশ্চিত কৰাটো আমাৰ নৈতিক দায়িত্ব। বাল্যবিবাহৰ খবৰ পোৱা মাত্ৰকেই নিকটৱৰ্তী আৰক্ষী থানাত খবৰ দিয়ক।‘’

বাল্য বিবাহৰ ঘটনাৰ বিষয়ে গম পালে অসম আৰক্ষীক খবৰ দিয়ক এই নম্বৰতঃ ৯১৩২৬৯৯৭৩৫

লগতে পঢ়কঃ AGRICULTURE BUDGET: কৃষক, পশু/মীন পালক, কৃষি উদ্যোগীৰ বাবে নতুন আঁচনি ঘোষণা

English Summary: Drive against child marriage by Assam Govt

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.