1. News

ইণ্ডিয়া ভেটিভাৰ নেটৱৰ্কৰ সভাপতি হিচাপে নিৰ্বাচিত হ’ল ডাঃ চি কে অশোক কুমাৰ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Dr CK Ashok Kumar Selected as the President of India Vetiver Network
Dr CK Ashok Kumar Selected as the President of India Vetiver Network

আজি ইণ্ডিয়া ভেটিভাৰ নেটৱৰ্কৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰিলে ফাৰ্ষ্ট ৱৰ্ল্ড কমিউনিটিৰ প্ৰতিষ্ঠাপক তথা সঞ্চালক ডাঃ চি কে অশোক কুমাৰে। ১৯৯৫ চনত গঠন হোৱা ইণ্ডিয়া ভেটিভাৰ নেটৱৰ্ক ইণ্টাৰনেশ্যনেলে দেশৰ লগতে বিশ্বৰ ভিন্ন প্ৰান্তত ভেটিভা ঘাঁহ আৰু তেলৰ অপৰিসীম সম্ভাৱনা ওপৰত কাম কৰি আহিছে।

ইণ্ডিয়া ভেটিভাৰ নেটৱৰ্কৰ সভাপতি হিচাপে দায়িত্বগ্ৰহণৰ অংশস্বৰূপে আজি কেইবাখনো দেশৰ বিশিষ্ট পেছাদাৰী ব্যক্তিয়ে ভেটিভা সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে এক ৰোড মেপ প্ৰস্তুত কৰিবলৈ কৃষি জাগৰণ মিডিয়া গ্ৰুপৰ মুখ্য সম্পাদক মিষ্টাৰ এম চি ডমিনিকৰ তত্বাৱধানত এখন বৈঠকো অনুষ্ঠিত কৰে।

ইণ্ডিয়া ভেটিভাৰ নেটৱৰ্কৰ সভাপতি হিচাপে ড০ অশোকৰ নামটো প্ৰস্তাৱ কৰিছিল এগ্ৰিকালচাৰ ৱৰ্ল্ড আলোচনীৰ সম্পাদক আৰু মুখ্য কাৰ্যবাহী বিষয়া মমতা জৈনে। তেওঁৰ তত্বাৱধানতে শেহতীয়াকৈ এগ্ৰিকালচাৰ ৱৰ্ল্ড আলোচনীত ভেটিভাক কেন্দ্ৰ কৰি এটা বিশেষ সংস্কৰণ প্ৰকাশ কৰিছিল। জানিব পৰা মতে,, ভেটিভাৰৰ জলবায়ু পৰিৱৰ্তন লাঘৱ কৰা, মাটিক সুৰক্ষা দিয়া আৰু আমাৰ পৰিৱেশ সুৰক্ষিত কৰাৰ লগতে ইয়াৰ অপৰিসীম ঔষধি গুণো আছে।

দ্য ভেটিভাৰ নেটৱৰ্ক ইণ্টাৰনেশ্যনেলৰ প্ৰতিষ্ঠাপক মিষ্টাৰ ৰিচাৰ্ড গ্ৰিমশ্ব’। তেওঁ ভেটিভাৰ সন্দৰ্ভত সজাগতা সৃষ্টি, প্ৰশিক্ষণ কাৰ্যসূচী সংগঠিত কৰা, গৱেষণা কেন্দ্ৰ স্থাপন, ভেটিভাৰৰ সম্ভাৱনাৰ দিশত কৃষকসকলক জড়িত কৰা, চৰকাৰৰ সকলো স্তৰৰ সৈতে সমন্বয় আদিৰ দিশত দীৰ্ঘদিনে কাম কৰি আহিছে।

Founder of Vetiver Network International Dick Grimshaw (Left) and Founder of First World Community Dr CK Ashok (Right)
Founder of Vetiver Network International Dick Grimshaw (Left) and Founder of First World Community Dr CK Ashok (Right)

এইক্ষেত্ৰখনত বিশেষভাৱে কাম কৰি অহা কেইজন ব্যক্তি হ’ল হৰিদাস, ডাঃ এম মনি, মিষ্টাৰ পতঞ্জলি ঝা, মিষ্টাৰ ভিনচেণ্ট পি, ডাঃ প্ৰদীপ কুমাৰ, ডাঃ বাবুলাল মাহাটো, ডাঃ দেৱেশ ৱালিয়া, মিষ্টাৰ ৰবিনছন ভানোহ, মিষ্টাৰ আব্দুল ছামাদ, মিষ্টাৰ ছামছুন নবী, ডাঃ সুব্ৰমণিয়ান পি এন আদি।

লগতে পঢ়ক- 

কৃষকক চৰকাৰী ধান ক্ৰয় কেন্দত ধান বিক্ৰি কৰিবলৈ আহ্বান দক্ষিণ শালমৰাৰ কৃষি বিষয়াৰ

English Summary: Dr CK Ashok Kumar Selected as the President of India Vetiver Network

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.