1. News

কৃষকক চৰকাৰী ধান ক্ৰয় কেন্দত ধান বিক্ৰি কৰিবলৈ আহ্বান দক্ষিণ শালমৰাৰ কৃষি বিষয়াৰ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Hatshingmari Paddy market
Hatshingmari Paddy market

দেওবাৰে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ কৃষি বিভাগৰ জিলা কৃষি বিষয়াৰ তত্বাৱধানত তিনিজনীয়া এটা সজাতি দলে হাটশিঙিমাৰীৰ ধানৰ বজাৰ পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত কৃষি বিষয়াসকলে নন্যূতম সমৰ্থন মূল্যত ধান বিক্ৰিৰ লাভলাভ সন্দৰ্ভত কৃষকৰ মাজত সজাগতা সৃষ্টি কৰে।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ধান ক্ৰয় ব্যৱস্থাক আৰু অধিক শক্তিশালী কৰি তুলিবলৈ জিলা উপায়ুক্তৰ নেতৃত্বত আয়োজন কৰা উচ্চ পৰ্যায়ৰ বৈঠকত লোৱা সিদ্ধান্ত মৰ্মে দেওবাৰে জিলা কৃষি বিষয়া মাইনুল হক, কৃষি উন্নয়ন বিষয়া মিঠু গগৈ আৰু মিডিয়া বিশেষজ্ঞ হীৰক জ্যোতি শৰ্মাই হাটশিঙিমাৰীস্থিত ধানৰ বজাৰ পৰিদৰ্শন কৰে।

লগতে পঢ়ক- 

১০০ টকাৰে কৰা শস্য বীমাৰে ১৪,৯৬৪ টকা লাভ কৰিলে যোছেফ পেগুৱে

লগতে জিলা কৃষি বিষয়া মাইনুল হকে উক্ত স্থানত ধান বিক্ৰী আৰু কিনিৱলৈ উপস্থিত থকা সমূহ কৃষক ৰাইজ আৰু ধান বিক্ৰেতাক চৰকাৰী নিৰ্ধাৰিত মূল্য মোনে প্ৰতি ৮১৬ টকা আৰু কুইণ্টলে প্ৰতি ২০৪০ টকা দৰত ঝাউডাঙ্গাস্থিত ধান বিক্ৰী কেন্দ্ৰতহে ধান বিক্ৰী কৰিৱলৈ বিনম্ৰ অনুৰোধ জনায়। লগতে ধান বিক্ৰীৰ বাবে প্ৰমাণপত্ৰ হাটশিঙিমাৰীস্থিত জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ পৰা শীঘ্ৰে সংগ্ৰহ কৰি ধান ক্ৰয় কেন্দ্ৰলৈ যাৱলৈ অনুৰোধ জনায়।

উল্লেখ্য যে কৃষকৰ পৰা ন্যূনতম সমৰ্থন মূল্যযোগে ধান ক্ৰয় কৰা ব্যৱস্থাই উৎসাহিত কৰি তুলিছে ৰাজ্যখনৰ কৃষকক। কৃষকৰ পৰা চৰকাৰে ন্যূনতম সমৰ্থন মূল্যত বিভিন্ন চৰকাৰী সংস্থাৰ জৰিয়তে ধান ক্ৰয় কৰিবলৈ লোৱাৰে পৰা বেচৰকাৰী পৰ্যায়তো ধানৰ মূল্য যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। ইয়াৰ ফলত সামগ্ৰিকভাবে লাভৱান হৈছে ৰাজ্যখনৰ কৃষক।মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ ধান খেতিৰ সৈতে জড়িত কৃষকসকল লাভৱান হোৱাৰ বাবে প্ৰতি কুইণ্টল ধান ন্যূনতম সমৰ্থন মূল্য ২,০৪০ টকা দৰত ক্ৰয় কৰাৰ বাবে সংশ্লিষ্ট বিভাগ আৰু সংস্থাসমূহক নিৰ্দেশ দিয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ কৃষকসকলৰ মাজত ধান বিক্ৰীৰ ক্ষেত্ৰত এক প্ৰতিযোগিতামূলক পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।

লগতে পঢ়ক- 

Bhushan-f1 : এবাৰ ৰুলে এবছৰলৈ ঘনাই ঘনাই লাগি থাকিব জাতিলাও

English Summary: District agriculture officer visited Hatshingmari Paddy market

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.