Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 19 October, 2022 5:52 PM IST
দীপাৱলীলৈ উপলক্ষে মাটিৰ চাকি প্ৰস্তুত কৰাত ব্যস্ত মৃৎশিল্পীসকল

দীপাৱলীলৈ মাজত মাথো কেইটামান দিন বাকী থকাৰ সময়ত বৰপেটাৰোডৰ পালপাৰাৰ মৃৎশিল্পী সকলে মাটিৰ চাকি প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে। খৰিৰ দাম বৃদ্ধি হোৱাৰ বাবে ইলেকট্ৰিক ভাটি দিবলৈ অনুৰোধ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক বৰপেটাৰোডৰ পালপাৰাৰ মৃৎশিল্পী সকলৰ।

বৰপেটা ৰোডৰ পালপাৰাৰ মৃৎশিল্পী সকলে পূৰ্বৰে পৰাই মাটিৰে সজোৱা বিভিন্ন সাসামগ্ৰী নিৰ্মাণ কৰি সেইবোৰ বিক্ৰী কৰি তেওলোকৰ জীৱন জীৱিকা চলাই আহিছে৷ কিন্তু চীনকে ধৰি ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ৰঙবিৰঙৰ চাকিৰে বজাৰ ভৰি পৰাৰ বাবে মৃৎশিল্পী সকলে মাটিৰে তৈয়াৰ কৰা চাকিৰ সমাদৰ কমিছে৷ ফলত পূৰ্বৰ দৰে এই মৃৎশিল্পী সকলে বনোৱা চাকিৰ বিক্ৰীও কম হয়৷

বৰপেটাৰোডৰ পালপাৰাৰ মৃৎশিল্পী সকলে নিজৰ ঘৰতেই বিভিন্ন প্ৰকাৰৰ চাকি সজাই বহু কষ্টেৰে ৰদত শুকুৱাই খৰিৰে জুইত পুৰি সেইবোৰত ৰঙ সানি ৰঙীন কৰি দিপাৱলীৰ বাবে বিক্ৰীৰবাবে প্ৰস্তুত কৰিছে।

নিখিল চন্দ্ৰ পাল নামৰ (মৃৎশিল্পী) জনে কয় যে দিপাৱলীৰ সময়ত বৈদ্যুতিক বিভিন্ন চাকি বজাৰত প্ৰচুৰ পৰিমানে উপলব্ধ হোৱাৰ বাবে বৰপেটাৰোডৰ পালপাৰাত থকা মৃৎশিল্পী সকলে বিগত বৰ্ষত কৈ অতি কম পৰিমাণে এইবাৰ মাটিৰ চাকি প্ৰস্তুত কৰিছে। পৰিয়ালে প্ৰতি মাত্ৰ ১০/১২ হাজাৰ চাকি হে বনোৱা বুলি জানিবলৈ দিয়ে৷ লকডাউনৰ সময়ৰে পৰাই এই মৃৎশিল্পী সকলে অতিকৈ জুৰুলা হৈ পৰা বুলি উল্লেখ কৰি কয় এহাজাৰ চাকি মাত্ৰ 600/700 টকাত বিক্ৰী হয়। চৰকাৰে মৃৎশিল্পী সকলক বৰ্তমানলৈকে কোনোধৰণৰ সহায় কৰা নাই বুলিও কয়।

মৃৎশিল্পী সকলে বনোৱা বিভিন্ন চাকি-সামগ্ৰী খৰিৰে পুৰি টনকিয়াল কৰিব লাগে৷ খৰিৰ দাম অত্যাধিক বৃদ্ধি পোৱাত মৃৎশিল্পী সকলে বনোৱা চাকি-সামগ্ৰী বিক্ৰী কৰি লাভ নহয়৷ সেয়ে  মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক বৰপেটাৰোডৰ বাহঁবাৰীৰ পালপাৰাৰ মৃৎশিল্পী সকলক ইলেকট্ৰিক ভাটি এটা দিবলৈ দাবী জনাইছে।

লগতে পঢ়ক-বিকি ডনাৰকো প্ৰত্যাহ্বান! এতিয়ালৈকে ২০ লাখ টকাৰ বীৰ্যদান গোলু-২ৰ

প্ৰেৰকঃ গনেশ চাহা, এফ টি জে, বৰপেটা

English Summary: Diwali and Barpeta potery industy
Published on: 19 October 2022, 05:42 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now