 
            দীপাৱলীলৈ মাজত মাথো কেইটামান দিন বাকী থকাৰ সময়ত বৰপেটাৰোডৰ পালপাৰাৰ মৃৎশিল্পী সকলে মাটিৰ চাকি প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে। খৰিৰ দাম বৃদ্ধি হোৱাৰ বাবে ইলেকট্ৰিক ভাটি দিবলৈ অনুৰোধ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক বৰপেটাৰোডৰ পালপাৰাৰ মৃৎশিল্পী সকলৰ।
বৰপেটা ৰোডৰ পালপাৰাৰ মৃৎশিল্পী সকলে পূৰ্বৰে পৰাই মাটিৰে সজোৱা বিভিন্ন সাসামগ্ৰী নিৰ্মাণ কৰি সেইবোৰ বিক্ৰী কৰি তেওলোকৰ জীৱন জীৱিকা চলাই আহিছে৷ কিন্তু চীনকে ধৰি ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ৰঙবিৰঙৰ চাকিৰে বজাৰ ভৰি পৰাৰ বাবে মৃৎশিল্পী সকলে মাটিৰে তৈয়াৰ কৰা চাকিৰ সমাদৰ কমিছে৷ ফলত পূৰ্বৰ দৰে এই মৃৎশিল্পী সকলে বনোৱা চাকিৰ বিক্ৰীও কম হয়৷
বৰপেটাৰোডৰ পালপাৰাৰ মৃৎশিল্পী সকলে নিজৰ ঘৰতেই বিভিন্ন প্ৰকাৰৰ চাকি সজাই বহু কষ্টেৰে ৰদত শুকুৱাই খৰিৰে জুইত পুৰি সেইবোৰত ৰঙ সানি ৰঙীন কৰি দিপাৱলীৰ বাবে বিক্ৰীৰবাবে প্ৰস্তুত কৰিছে।
নিখিল চন্দ্ৰ পাল নামৰ (মৃৎশিল্পী) জনে কয় যে দিপাৱলীৰ সময়ত বৈদ্যুতিক বিভিন্ন চাকি বজাৰত প্ৰচুৰ পৰিমানে উপলব্ধ হোৱাৰ বাবে বৰপেটাৰোডৰ পালপাৰাত থকা মৃৎশিল্পী সকলে বিগত বৰ্ষত কৈ অতি কম পৰিমাণে এইবাৰ মাটিৰ চাকি প্ৰস্তুত কৰিছে। পৰিয়ালে প্ৰতি মাত্ৰ ১০/১২ হাজাৰ চাকি হে বনোৱা বুলি জানিবলৈ দিয়ে৷ লকডাউনৰ সময়ৰে পৰাই এই মৃৎশিল্পী সকলে অতিকৈ জুৰুলা হৈ পৰা বুলি উল্লেখ কৰি কয় এহাজাৰ চাকি মাত্ৰ 600/700 টকাত বিক্ৰী হয়। চৰকাৰে মৃৎশিল্পী সকলক বৰ্তমানলৈকে কোনোধৰণৰ সহায় কৰা নাই বুলিও কয়।
মৃৎশিল্পী সকলে বনোৱা বিভিন্ন চাকি-সামগ্ৰী খৰিৰে পুৰি টনকিয়াল কৰিব লাগে৷ খৰিৰ দাম অত্যাধিক বৃদ্ধি পোৱাত মৃৎশিল্পী সকলে বনোৱা চাকি-সামগ্ৰী বিক্ৰী কৰি লাভ নহয়৷ সেয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক বৰপেটাৰোডৰ বাহঁবাৰীৰ পালপাৰাৰ মৃৎশিল্পী সকলক ইলেকট্ৰিক ভাটি এটা দিবলৈ দাবী জনাইছে।
 
                     
                     
                     
                     
                                         
                                             
                                             
                         
                         
                         
                         
                        
Share your comments