
ৰাজ্যৰ বানপীড়িত এলেকাসমূহ ৰাজ্যৰ পশুপালন বিভাগে পশুখাদ্য বিতৰণ কাৰ্যসূচী অব্যাহত ৰাখিছে। যিসসমূহ বানপীড়িত অঞ্চলত এতিয়াও চৰকাৰ অগোচৰে আছে বা পশু খাদ্য লাভ কৰা নাই তেওঁলোকক নিকটবৰ্তী পশুপালন আৰু পশুচিকিৎসা বিষয়াৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ৰাজ্যৰ কৃষি বিভাগে।
শেহতীয়াকৈ এই কাৰ্যসূচীৰ অংশস্বৰূপে নলবাৰী জিলাৰ বানাক্রান্ত এলেকা সমূহত পশুধনৰ বাবে খাদ্য বিতৰণ কৰা হৈ আছে। জিলাখনৰ সাহপুৰ, গামাৰীমুৰি, ঘগ্রাপাৰ, নলবাৰী ৰাজহ চক্ৰ আৰু টিহু ৰাজহ চক্ৰৰ বানাক্ৰান্ত গাঁওসমূহত পশুপালক সকলৰ মাজত গো-খাদ্য বিতৰণ কৰা দেখা গৈছে। নলবাৰী জিলাৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সকলো বিষয়া-কৰ্মচাৰী আৰু ক্ষেত্ৰ সহায়ক সকলে বিতৰণ কার্য্যসূচীত বিভিন্ন ধৰণে সহায় সহযোগিতা কৰিছে।
লগতে পঢ়ক-
ড্ৰেগন ফলতকৈ অধিক উপাৰ্জন দিব ক’লা কুঁহিয়াৰৰ খেতিয়ে : পুলি পাবলৈ আজিয়ে যোগাযোগ কৰক

ইফালে, লখিমপুৰ জিলাতো বানপীড়িত এলেকা সমূহত পশুধনৰ বাবে পশুখাদ্য বিতৰণ কৰা হৈ আছে। নাওবৈছা উন্নয়ন খন্ডতো ডাঃ ৰাজকুম্পানী দেওৰী আৰু কৰ্মচাৰীসকলে পশুধনৰ বাবে পশুখাদ্য বিতৰণ কৰে। বিভিন্ন অঞ্চল সমূহত পশু চিকিৎসা শিবিৰৰ জৰিয়তে পশুধনৰ স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসা কৰোৱা হয়।
বৰপেটাতো ৰাজহ বানপীড়িত এলেকা সমূহত পশুধনৰ বাবে পশুখাদ্য বিতৰণ কৰা হৈ আছে। লগতে বৰপেটাৰ বিদ্যামন্দিৰ শিক্ষানুস্থানত অনুষ্ঠিত হোৱা সাহায্য শিবিৰত পশু চিকিৎসক সকলৰ দল এটাৰ দ্বাৰা পশুচিকিৎসা আৰু স্বাস্থ্য পৰীক্ষা কৰোৱা কৰায়। পশুপালকসকলে যিকোনো পশুপালন আৰু পশুচিকিৎসা সম্বন্ধীয় তথ্যৰ বাবে নিকটবৰ্তী পশুপালন আৰু পশুচিকিৎসা বিষয়াৰ সৈতে যোগাযোগ কৰক।
লগতে পঢ়ক-
Share your comments