1. News

চৰাইদেউত কৃষি যান্ত্ৰিকীকৰণৰ উপ-মিছনৰ অধিনত কৃষিযন্ত্ৰ বিতৰণ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
চৰাইদেউত কৃষি যান্ত্ৰিকীকৰণৰ উপ-মিছনৰ অধিনত কৃষিযন্ত্ৰ বিতৰণ
চৰাইদেউত কৃষি যান্ত্ৰিকীকৰণৰ উপ-মিছনৰ অধিনত কৃষিযন্ত্ৰ বিতৰণ

চৰাইদেউ জিলাত কৃষকৰ মাজত কৃষি যন্ত্ৰ-পাতি সামগ্ৰী বিতৰণ। ৰাজ্যৰ কৃষি বিভাগে মৰাণ বীজ ফাৰ্মত আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিতৰণ কৰা হয় কৃষি-যন্ত্ৰপাতিসমূহ। Sub-Mission on Agricultural Mechanization (SMAM-2022-2023) আঁচনিৰ অধীনত কৃষকসকলক বিতৰণ কৰে এই যন্ত্ৰপাতিসমূহ।

অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে কৃষক হিতাধীকাৰীৰ মাজত কৃষিযন্ত্ৰসমূহ বিতৰণ কৰে। যন্ত্ৰ-পাতি বিতৰণ অনুষ্ঠানটোত জিলা কৃষি বিষয়া ৰবীন য়েইন, কৃষি উন্নয়ন বিষয়া তথা বিভাগীয় বিষয়া-কৰ্মচাৰীৰ উপস্থিতি থাকে।

উল্লেখ্য যে কৃষি যান্ত্ৰিকীকৰণৰ উপ-মিছন (Sub-Mission on Agricultural Mechanization (SMAM-2022-2023)  আঁচনিৰ জৰিয়তে কৃষকসকলক সৱলীকৰণৰ উদ্দেশ্যে ভাৰত চৰকাৰে কৃষি যান্ত্ৰিকীকৰণৰ বিভিন্ন কাম-কাজ আৰম্ভ কৰিছে। উদাহৰণস্বৰূপে- কাষ্টম হাইৰিং চেণ্টাৰ স্থাপন, কৃষি যন্ত্ৰপাতিৰ বেংক লগতে কৃষকৰ মাজত বিভিন্ন যন্ত্ৰ-পাতি বিতৰণ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে।

কৃষকৰ আয় দুগুণ কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰি অহা আঁচনিসমূহৰে এক অংশ Sub-Mission on Agricultural Mechanization আঁচনি। এই আঁচনিৰ লক্ষ্য প্ৰান্তীয় আৰু ক্ষুদ্ৰ কৃষকসকলৰ লগতে পিছপৰা অঞ্চলসমূহত কৃষি যান্ত্ৰিকীকৰণৰ প্ৰসাৰতা বৃদ্ধি কৰা। সেই উদ্দেশ্য আগত ৰাখিয়েই সোমবাৰে এই আঁচনিৰ অধিনত কৃষকসকলৰ মাজত বিতৰণ কৰে কৃষিযন্ত্ৰ সামগ্ৰীসমূহ।

লগতে পঢ়ক- 

বানপীড়িত অঞ্চলৰ পশুপালকসকলে পশুখাদ্যৰ বাবে ওচৰৰ পশুপালন আৰু পশুচিকিৎসা বিষয়াৰে যোগাযোগ কৰক

English Summary: Distribute farm mechanism in Charaideo

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.