1. News

লখিমপুৰ-মাজুলিক দুগ্ধ উৎপাদনত স্বাৱলম্বী কৰিবলৈ LN Vertical Tank স্থাপন

PANKAJ KHANIKAR
PANKAJ KHANIKAR
LN Vertical Tank Opening in Lakhimpur
LN Vertical Tank Opening in Lakhimpur

দুগ্ধ উৎপাদনত আমাৰ ৰাজ্যখনক আত্মনিৰ্ভৰশীল কৰাৰ বাবে কৃত্ৰিম প্ৰজননৰ জৰিয়তে গাইগৰুৰ সংখ্যা বৃদ্ধিত পশুপালন বিভাগে বিশেষ গুৰুত্ব আৰোপ কৰিছে ৰাজ্যৰ পশুপালন বিভাগে। সেই উদ্দেশ্য ২০ জুন তাৰিখে লখিমপুৰ জিলাৰ চৰাইমৰীয়াস্থিত "বিস্তৃত গো উন্নয়ন প্ৰকল্প (ICDP) কাৰ্যালয়"ৰ চৌহদত Frozen Semen Straw নষ্ট নোহোৱাকৈ মজুত কৰি ৰখাৰ বাবে প্ৰয়োজনীয় নাইট্ৰজেন গেছৰ এটি ভঁৰাল গোটৰ শুভ উদ্বোধন কৰে।

লগতে গোধনৰ কৃত্ৰিম প্ৰজননৰ বাবে প্ৰয়োজনীয় "Sexed Sorted Semen"ৰ আনুষ্ঠানিক বিতৰণ কাৰ্যসূচী শুভাৰম্ভণি কৰে  মন্ত্ৰী শ্ৰীঅতুল বৰাই।  উল্লেখ্য যে  ১৩ জুনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ বাবে আনুষ্ঠানিকভাৱে গুৱাহাটীত এই sexed sorted semen বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিছিল। ।

লগতে পঢ়ক- 

Stevia farming : এক একৰত ষ্টেভিয়া খেতি কৰি বছৰি ৬ লাখ উপাৰ্জন কৰক

প্ৰাৰম্ভিক পৰ্যায়ত লখিমপুৰ জিলাখনে ২,৬১০ Sexed Sorted Semen straws  লাভ কৰিছে। উল্লেখযোগ্য যে লখিমপুৰ আৰু মাজুলী জিলাত কৃত্ৰিম প্ৰজননৰ বাবে প্ৰয়োজন হবলগীয়া নাইট্ৰজেন গেছৰ ৩০০০ লিটাৰৰ LN Vertical Tankটো স্থাপন কৰে খানাপাৰাস্থিত অসম পশুধন উন্নয়ন অভিকৰণে (ALDA)। এই পদক্ষেপসমূহৰ জৰিয়তে জিলা দুখনৰ পশুপালকসকল যথেষ্ট উপকৃত হ'ব আৰু বিভাগটোৰ উন্নয়নমুখী যাত্ৰা যথেষ্ট ত্বৰান্বিত হ'ব।

LN Vertical Tank
LN Vertical Tank

অনুষ্ঠানটোত লখিমপুৰৰ জিলা উপায়ুক্ত সুমিত সত্তাৱন , জিলা পশুপালন আৰু পশুচিকিংসা বিষয়া ডা° কুলধৰ শইকীয়া , বিস্তৃত গো উন্নয়ন প্ৰকল্পৰ ভাৰপ্ৰাপ্ত বিষয়া ডা অক্ষয়াভট কেশৰীৰ লগতে ডা° ছত্ৰপতি গয়াৰী, ডা° টিকেন্দ্ৰ সোনোৱাল, ডা° অজিত শৰ্মা, ডা° বিনোদ কছাৰী , ডা° অনুপল শইকীয়া প্ৰমুখ্যে বিভাগৰ সংশ্লিষ্ট বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে।

লগতে পঢ়ক- 

Grand Harvest of Bodo paddy : ৰাজ্যজুৰি অব্যাহত "বৰো ধান চপোৱা উৎসৱ"

English Summary: Distributed Sexed Sorted Semen straws by Atul bora in Lakhimpur

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.