1. এগ্ৰিপেডিয়া

Sesame Farming & its benefit : তিল খেতি কৃষি পদ্ধতি বিষযে জানো আঁহক

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Sesame Farming & its benefit
Sesame Farming & its benefit

তিলৰ তেল অতি মূল্যৱান। প্ৰায় সকলো ৰাজ্যতে উৎপন্ন হোৱা অতি লাভজনক তিল খেতিৰ কৃষি পদ্ধতি চমুকৈ এনেধৰণৰ-

মাটি -

পানী ওলাই যোৱাৰ সু-ব্যৱস্থা থকা বালি পলসুৱা মাটি এই খেতিৰ বাবে উপযুক্ত।

পথাৰ প্ৰস্তুত:

৩-৪ বাৰ হাল বাই, মৈ দি মাটিডৰা মিহি কৰি ল’ব লাগে।

বীজ সিঁচাৰ সময় -

জুলাই মাহৰপৰা ছেপ্তম্বৰৰপ্ৰথম পষেকৰ ভিতৰত বীজ সিঁচিব লাগে।

বীজ নিৰ্বাচন:

এছ পি ১১৮১(মুগা)- ৭০-৭৫ দিন

এছ টি ১৬৮৩(ক’লা)- ৯০-৯৫ দিন

গৌৰী(মুগা)- ৭৫-৮০ দিন

বিনায়ক(মুগা)- ৭৫-৮০ দিন

আৰ টি-১(ক’লা)- ৮০-৯০ দিন

পঞ্জাব তিল নং-১(বগা)- ৭৫-৮৫ দিন

লগতে পঢ়ক- 

Gir Gaai : এজনী গিৰ গাইৰ দাম কিমান, দৈনিক কিমান লিটাৰ গাখীৰ দিয়ে!

বীজৰ পৰিমাণ -

সিঁচি কৰা বা শাৰীবদ্ধ প্ৰণালীৰে কৰা- উভয় ক্ষেত্ৰতে প্ৰতি বিঘাত ৬০০ গ্ৰাম বীজৰ প্ৰয়োজন।

ব্যৱধান:

শাৰীৰ মাজত ৩০ ছেন্টিমিটাৰ আৰু গছৰ মাজত ১৫ ছেন্টিমিটাৰ।

সাৰ প্ৰয়োগ -

পচন সাৰ বা গোবৰ সাৰ বিঘাত ১০ কুইন্টল ৰাসায়নিক সাৰ(বিঘাই প্ৰতি) ইউৰীয়া-৯ কিলোগ্ৰাম, একক ছুপাৰ ফছফেট- ১৮ কিলোগ্ৰাম, মিউৰেট অব পটাচ ৫ কিলোগ্ৰাম। বীজ সিঁচাৰ সময়ত সমুদায় সাৰ প্ৰয়োগ কৰিব লাগে।

প্ৰতিপালন:

২০ দিন পিছত খুৰপি বা কোৰেৰে বনবাত নিৰাই দিব লাগে।

খেতি চপোৱা -

পাত আৰু গা-গছবোৰ হালধীয়া হ’লে, পাত সৰিবলৈ ধৰিলে আৰু গুৰিৰ পিনে ছেঁইবোৰ হাতেৰে চেপি দিলে ওপৰৰ পিনৰপৰা ফাটিবলৈ ল’লে খেতি চপাব লাগে।

উৎপাদন:

হেক্টৰে প্ৰতি ৬-৮ কুইন্টল।

লেখক: প্ৰবোধ চন্দ্ৰ শৰ্মা

লগতে পঢ়ক- 

বানে মৰা খেতিডৰাত তিল খেতি কৰি উভতাই আনক আপোনাৰ ধন

English Summary: Sesame Farming & its benefit

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.