1. News

কৃষিখণ্ডত শেহতীয়া প্ৰযুক্তি মিনি কম্বাইণ্ড হাৰ্ভেষ্টাৰ, কৃষকক সুবিধা লবলৈ আহ্বান তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাৰ

RAHUL ALI
RAHUL ALI
Combine Harvester in Assam Agriculture  Sector
Combine Harvester in Assam Agriculture Sector
APART, শোণিতপুৰ জিলা কৃষি বিভাগৰ উদ্যোগত আৰু IRRI, OPIU (Operational project implementation unit) -AGRI, Guwahati ৰ সহযোগত তেজপুৰৰ বৰঝাৰ গাঁৱৰ শইকীয়া চুবুৰীত মিনি কম্বাইণ্ড হাৰ্ভেষ্টাৰৰ শুভ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

তেজপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক পৃথ্বীৰাজ ৰাভাই কৃষিখণ্ডত সংযোগ কৰা শেহতীয়া প্ৰযুক্তি মিনি কম্বাইণ্ড হাৰ্ভেষ্টাৰৰ (Mini Combine Harvester) জৰিয়তে নিজেই কৃষকৰ পথাৰত ধান কাটি এই প্ৰযুক্তিৰ সুবিধা ল’বলৈ কৃষকসকলক কৰিলে উৎসাহিত কৰে।

মিনি কম্বাইণ্ড হাৰ্ভেষ্টাৰৰ জৰিয়তে বিধায়ক পৃথ্বীৰাজ ৰাভাই ধান কটাৰ দৃশ্য
মিনি কম্বাইণ্ড হাৰ্ভেষ্টাৰৰ জৰিয়তে বিধায়ক পৃথ্বীৰাজ ৰাভাই ধান কটাৰ দৃশ্য

জিলা কৃষি বিষয়া পংকজ শইকীয়া আঁত ধৰা অনুষ্ঠানটোত IRRI ৰ বিশেষজ্ঞ বিবেক কুমাৰে মিনি কমাইণ্ড হাৰ্ভেষ্টাৰ (Mini Combine Harvester) ৰ জৰিয়তে কৃষকসকল কিদৰে লাভান্বিত হ'ব সেই বিষয়ে বিশদ বিবৰণ আগবঢ়াই।

কৃষকসকলক চৰকাৰে ৰেহাই মূল্যত প্ৰদান কৰা কম্বাইন হাৰ্ভেষ্টাৰৰ এই অত্যাধুনিক প্রযুক্তিয়ে কৃষি ক্ষেত্রত এক বিপ্লৱৰ সূচনা কৰিব বুলি মন্তব্য কৰে সন্মানীয় বিধায়ক পৃথ্বীৰাজ ৰাভাই, লগতে একেদৰা মাটিতে ঋতু অনুসৰি বিভিন্ন খেতি কৰিবলৈ পৰামৰ্শ আগবঢ়ায় বিধায়ক পৃথ্বীৰাজ ৰাভাই।

কৃষক ৰাইজ
কৃষক ৰাইজ

অনুষ্ঠানতে জিলা কৃষি বিষয়া পংকজ শইকীয়া কৃষি বিভাগৰ তৰফৰ পৰা ৰেহাই মূল্যত জিলাখনৰ কৃষি উৎপাদক কোম্পানীসমূহক আগবঢ়োৱা এই অত্যাধুনিক প্রযুক্তি কম্বাইন হাৰ্ভেষ্টাৰৰ লাভ উঠাবলৈ কৃষকসকলক পৰামৰ্শ দিয়াৰ লগতে বিভাগৰ তৰফৰ পৰা ভৱিষ্যত দিনত সকলো সহায় সহযোগীতা আগবঢ়াব বুলি মন্তব্য কৰে।

অনুষ্ঠানত উপস্থিত থাকে জিলা উন্নয়ন আয়ুক্ত উৎপল বৰা, KVK বিশেষজ্ঞ মুনমুন বসুমতাৰী, ICCOA ৰ বিষয়া কিশোৰ বৰুৱা,  মহকুমা কৃষি বিষয়া প্ৰাঞ্জল শৰ্মা, কৃষি বিভাগৰ বহুকেইগৰাকী বিষয়াৰ লগতে অঞ্চলটোৰ ২০০ ৰো অধিক কৃষক ৰাইজ।

লগতে পঢ়ক-মায়াঙত শ শ বিঘা ভূমিত উন্নত পদ্ধতিৰে আলু খেতি 

প্ৰেৰকঃ

বিতোপন শইকীয়া 

শোণিতপুৰ, তেজপুৰ

English Summary: Combine Harvester in Assam Agriculture Field

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.