Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 9 November, 2022 2:54 PM IST
ছয়গাঁৱত ৫ হাজাৰ মেট্রিকটন ধাৰণ ক্ষমতাসম্পন্ন শীতল ভঁৰাল উদ্বোধন

ৰাজ্য চৰকাৰে ৰাজ্যখনৰ কৃষিখণ্ডৰ আন্তঃগাঁথনি তথা বজাৰ সৃষ্টিৰ জৰিয়তে বাণিজ্যিক কৃষিৰ বিকাশত বিশেষ অগ্ৰাধিকাৰৰ দি মঙলবাৰে ছয়গাঁৱত ২৪.৭৫ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা শীতল ভৰাঁলটো উদ্বোধন কৰে হিমন্ত বিশ্ব শৰ্মাই। ৫,০০০ মেট্ৰিক টন ধাৰণ ক্ষমতাৰ কৃষিজাত সামগ্ৰীৰ এই শীতল ভঁৰালটোৰ লগতে পানেৰীৰত ২.৮৯ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মিত ফল-মূল সংসাধন গোটটো কৃষক ৰাইজৰ সেৱাৰ বাবে মুকলি কৰে। উল্লেখ্য যে ৫ হাজাৰ মেট্রিকটন ধাৰণ ক্ষমতাসম্পন্ন এই শীতল ভঁৰালটো ২৪.৭৫ কোটি টকা ব্যয় সাপেক্ষে ৰাজ্যিক কৃষি সামগ্রী বিপণন পৰিষদে স্থাপন কৰিছে।

শীতল ভৰাঁলটো উদ্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় কামৰূপ, কামৰূপ মহানগৰ, গোৱালপাৰা, নলবাৰী আৰু বৰপেটাৰ কৃষক আৰু ব্যৱসায়ীসকলক বিশেষভাৱে উপকৃত কৰিবলগীয়া এই শীতল ভঁৰালৰ প্ৰতিটো চিলাৰ আৰু ফ্ৰীজাৰ কোঠাৰ ধাৰণ ক্ষমতা ক্ৰমে ৫৫০ মেট্রিকটনৰ পৰা ৫৭৫ মেট্রিকটন। চিলাৰ কোঠা কেইটা আলু, ফল আৰু অন্য শাক-পাচলি ৰখাৰ বাবে উপযোগী হোৱাৰ বিপৰীতে পৰম্পৰাগত কৃষিৰ লগত কৃষকসকলে যদি কৃষিজাত সামগ্ৰীৰ সংসাধন আৰু পেকেজিঙত গুৰুত্ব প্ৰদান কৰে তেন্তে ৰাজ্যৰ অৰ্থনীতিয়ে নতুন জীৱন লাভ কৰিব।

লগতে পঢ়ক- 

নেমু গছৰ ডাল ধৰা পদ্ধতিৰে উৎপাদন কৰা পুলিত এবছৰতে লাগে ফল

ভাষণ প্ৰসংগত মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে ৰাজ্যৰ অৰ্থনীতি আজিও বহু পৰিমাণে কৃষিৰ ওপৰত নিৰ্ভৰশীল। অসমৰ ঘৰুৱা উৎপাদনৰ এক তৃতীয়াংশ কৃষি অর্থনীতিয়ে অৰিহণা যোগায়। ৰাজ্যখনৰ কৃষিখণ্ডৰ আধুনিকীকৰণ, যুৱক-যুৱতীসকলৰ বাবে কৃষিখণ্ডক মনোগ্রাহীকৈ গঢ়ি তোলা, কৃষি যান্ত্ৰিকীকৰণ আৰু কৃষিজাত সামগ্ৰীৰ এখন বজাৰ সৃষ্টি কৰাৰ বাবে ৰাজ্য চৰকাৰে নিৰলস প্ৰচেষ্টা চলাই আহিছে বুলি মন্তব্য কৰি তেওঁ কয় যে ৰাজ্য চৰকাৰে ৰাজ্যখনত ২২০ টা স্থানত ধান বনা কল আৰু ১১০টা স্থানত ধান মজুতকৰণৰ বাবে গুদাম নিৰ্মাণৰ আঁচনিও গ্ৰহণ কৰিছে। এই আঁচনিৰ বাবে উদ্যোগীসকলক ৫০ শতাংশ পর্যন্ত ৰাজসাহায্য আগেেবাৱা হৈছে। মুখ্যমন্ত্ৰীয়ে লগতে মন্তব্য কৰে যে ৰাজ্যখনত বজাৰ চাহিদা থকা বৃক্ষৰ ব্যৱসায়ৰো প্ৰচুৰ সম্ভাৱনা আছে৷ আগৰ, শাল, চেগুন আদিকে ধৰি বিভিন্ন মূল্যৱান গছ ৰোপণ কৰি স্বাৱলম্বী হোৱাৰ দিশত আগবাঢ়ি আহিবলৈও তেওঁ ৰাজ্যবাসীক আহ্বান জনায়। মুখ্যমন্ত্রীয়ে লগতে কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰখনৰ কাৰ্যকালৰ যোৱা ডেৰটা বছৰত অসমৰ অর্থনীতিয়ে এখন নতুন আকাশ স্পৰ্শ কৰাৰ দিশত ধাৱমান হৈছে আৰু বিকাশৰ এক নতুন পৰিৱেশ নিৰ্মাণ হৈছে।  

অনুষ্ঠানতে কৃষিমন্ত্ৰী অতুল বৰাই কয়- ‘দুয়োটা প্ৰকল্পৰ জৰিয়তে কামৰূপ আৰু গোৱালপাৰা জিলাৰ লগতে চুবুৰীয়া জিলাসমূহৰ কৃষক বন্ধুসকল যথেষ্ট উপকৃত হ'ব বুলি আমি দৃঢ় বিশ্বাসী।’

লগতে পঢ়ক- 

উদঙীয়া গৰুৰ যমকাল Bio Liquid Spray Herboliv+

English Summary: cold storage in Assam
Published on: 09 November 2022, 02:46 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now