Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 12 September, 2022 10:48 AM IST
জসবায়ু পৰিৱৰ্তন সন্দৰ্ভত অতুল বৰা

‘বিশ্ব জলবায়ু পৰিৱৰ্তনে কৃষি খণ্ডলৈ এক উল্লেখযোগ্য ভাবুকি কঢ়িয়াই আনিছে’ গুৱাহাটীৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ সোণালী জয়ন্তী উদযাপনত মুখ্য অতিথি হিচাপে ভাষণ দি বৰাই কয়- ‘শেহতীয়াকৈ কৃষি বিজ্ঞানীসকলে দুটা ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, এটা পৰিৱেশ আৰু আনটো অৰ্থনৈতিক।

কিন্তু  য'ত প্ৰত্যাহ্বান আছে, তাতেই আশা আছে। আৰু য'ত আশা আছে, তাত সফলতা গজি উঠে। আজিৰ কৃষি বিজ্ঞানীসকলৰ মূল কৰ্তব্য হ’ব লাগে জলবায়ু পৰিৱৰ্তনৰ দৰে পৰিস্থিতিত কৃষি খণ্ডৰ বহনক্ষমতা বজাই ৰখা আৰু কৃষকসকলক অৰ্থনৈতিকভাৱে লাভজনক কৰি তোলা।‘’ কৃষি মন্ত্ৰীগৰাকীয়ে লগতে কয় যে শেহতীয়াকৈ ৰাজ্যৰ নতুন প্ৰজন্মই কৃষি আৰু ইয়াৰ লগত জড়িত খণ্ডসমূহ গ্ৰহণ কৰি আত্মনিৰ্ভৰশীল হ’বলৈ আগবাঢ়ি আহিছে।

এই নৱপ্ৰজন্মক সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাটো কৃষি বিজ্ঞানী আৰু কৃষি বিষয়াসকলৰ দায়িত্ব। অসমৰ দুই-এটা এফপিচিয়ে কৃষি ৰপ্তানিৰ ক্ষেত্ৰত এক নৱজাগৰণৰ সৃষ্টি কৰিছে। কৃষি মন্ত্ৰী বৰাই তেওঁৰ ভাষণত কৃষি আৰু উদ্যান শস্য বিভাগে ৰূপায়ণ কৰি থকা অসম বাজৰা মিছন, অসম ফুলৰ খেতি অভিযান আদি আঁচনিসমূহত কৃষি বিশ্ববিদ্যালয়সমূহৰ সহযোগিতা বিচাৰে।

সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি মন্ত্ৰী বৰাই ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ পুঁজিৰে এটা দক্ষতা বিকাশ কেন্দ্ৰ উদ্বোধন কৰাৰ লগতে ৰূপায়িত আৰ্হি ফুলৰ খেতি গাঁও আৰু অমৰ গাঁও অমৰ গৌৰৱ আঁচনিৰ অধীনত ৰাজ্যৰ বিভিন্ন জিলাৰ কৃষকসকলক ৰোপণ সামগ্ৰী আৰু কৃষি সঁজুলি বিতৰণ কৰিছে।

লগতে পঢ়ক- প্ৰধান শস্য ঘেঁহুৰ পৰিৱৰ্তে ইউক্ৰেইনে আৰম্ভ কৰিছে তৈলজাত উদ্ভিদৰ খেতি

English Summary: climate change on atul borah
Published on: 12 September 2022, 10:48 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now