Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 28 November, 2024 11:19 AM IST
Chief Guest Of MFOI 2024

MFOI 2024 লৈ মাজত কেইটামান দিনবাকী। অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তুলিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে উদ্যোক্তা সমিতিয়ে। দেশৰ ভিন্নপ্ৰান্তৰ প্ৰগতিশীল কৃষকসকল উপস্থিত থাকিব MFOI 2024 ত। Star Farmer Speaker হিচাপে উপস্থিত থাকিব দেশ-বিদেশৰ কৃষিখণ্ডৰে জড়িত কেইবাজনো ব্যক্তি। আগন্তুক ১-৩ ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব লগা অনুষ্ঠানটোত  মুখ্য অতিথি হিচাপে উপস্থিত থাকিব দুগৰাকী কেন্দ্ৰী মন্ত্ৰী। উপস্থিত থাকিব মীন, পশুপালন আৰু দুগ্ধ মন্ত্ৰী পুৰুষোত্তম ৰূপালা, ঘাই পথ আৰু পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী।

MFOI কি! (What is MFOI!)

কৃষিক্ষেত্ৰ, কৃষক, কৃষি বৃত্তিটোৰ প্ৰতি থকা মানুহৰ পৰম্পৰাগত ধাৰণাবোৰ যে এশ শতাংশ শুদ্ধ নহয় সেই কথা প্ৰমাণ কৰিবলৈ আহি আছে কৃষি জাগৰণ মিডিয়া গ্ৰুপ, ICAR আৰু মহিন্দ্ৰা টেক্টৰছে দ্বিতীয়বাৰৰ বাবে আয়োজন কৰা মিলিয়নাৰ ফাৰ্মাৰ অৱ দা ইণ্ডিয়া এৱাৰ্ড ২০২৪ (Millionaire Farmer of India Award 2024)। কৃষিক্ষেত্ৰখনৰ লগত জড়িত হৈয়ো এজন ব্যক্তি লাখপতি বা কোটি হ’ব পাৰে, কৃষি বৃত্তিৰ লগত জড়িত হৈয়ো এজন ব্যক্তি প্ৰথন শ্ৰেণী চৰকাৰী চাকৰিয়ালৰ দৰে এক জীৱন কটাব পাৰে তাৰ এক উদাহৰণ দাঙি ধৰাৰ লগতে কৃষিক্ষেত্ৰখনত লুকাই থকা সম্ভাৱনাসমূহক লোকচক্ষুৰ আগত দাঙি ধৰিব Millionaire Farmer of India Award 2024 য়ে।

কৃষিখণ্ডৰে জড়িত হৈ বছৰি এটা ভাল উপাৰ্জন কৰা কৃষকসকলক সন্মান প্ৰদৰ্শন কৰা হয় Millionaire Farmer of India Award অনুষ্ঠানটোৰ জৰিয়তে। ২০২৩ চনৰ পৰা ধাৰাবাহিকভাৱে কৃষি জাগৰণ মিডিয়া গ্ৰুপে এই অনুষ্ঠানটোৰ জৰিয়তে সন্মান প্ৰদৰ্শন কৰি আহিছে কৃষি জাগৰণে। দেশৰ প্ৰগতিশীল কৃষকসকলক সন্মান প্ৰদৰ্শন কৰা অচিলাৰে লোকচক্ষুৰ সন্মুখত দাঙি ধৰা হয় যে কৃষি বৃত্তিৰ লগত জড়িত হৈয়ো একোজন ব্যক্তি এক স্বচ্ছল জীৱন কটাব পাৰে! কৃষক মানেই দুখীয়া, দৰিদ্ৰ নহয়, কৃষক মানেই প্ৰতিদিনে অভাৱ অনাটনৰ যুঁজি থাকিব লগা নহয়। কৃষক সন্দৰ্ভত থকা আমাৰ পৰম্পৰাগত ধাৰণাটো সলনি কৰি দিব Millionaire Farmer of India Award 2024। এই কৃষক বঁটা অনুষ্ঠানটোত দেশৰ কৃষিখণ্ডৰ সমান্তৰাভভাৱে পশুপালন, দুগ্ধখণ্ড, মীনখণ্ডকে সামৰি আত্মসহায়ক গোট, FPO আদিকে ধৰি ৩০০ৰো অধিক শিতানত বঁটা প্ৰদান কৰিব। 

লগতে পঢ়ক- 

কেইবাজনো Star Farmer Speaker উপস্থিত থাকিব MFOI 2024

English Summary: Chief Guest Of MFOI 2024
Published on: 28 November 2024, 11:19 IST