1. News

১-৩ ডিচেম্বৰলৈ নতুন দিল্লীত Millionaire Farmers of India Award 2024

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Millionaire Farmers of India Award 2023
Millionaire Farmers of India Award 2023

দেশৰ কৃষকসকলৰ বাবে ভাল খবৰ। কৃষি জাগৰণ মিডিয়া গ্ৰুপে দ্বিতীয়বাৰৰ বাবে মহিন্দ্ৰা টেক্টৰছৰ পৃষ্ঠপোষকতাত আয়োজন কৰিছে মিলিয়নাৰ ফাৰ্মাৰ অৱ ইণ্ডিয়া এৱাৰ্ড ২০২৪ কৃষক বঁটাৰ। নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া এই কৃষক বঁটা অনুষ্ঠানটোত দেশৰ কৃষিখণ্ডৰ সমান্তৰাভভাৱে পশুপালন, দুগ্ধখণ্ড, মীনখণ্ডকে সামৰি আত্মসহায়ক গোট, FPO আদিক ধৰি ৩০০ৰো অধিক শিতানত বঁটা প্ৰদান কৰিব। ১-৩ ডিচম্বৰলৈ অনুষ্ঠিত অনুষ্ঠিত হ’বলগীয়া কৃষক বঁটা অনুষ্ঠানটোত দেশৰ কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত থাকিব।

দৰ্শকসকলক জনাওঁ যে কৃষিখণ্ডত লুকাই থকা সম্ভাৱনাসমূহক সফল কৃষকসকলৰ সফলতাৰ কাহিনীৰ মাজেৰে উলিয়াই আনি কৃষিখণ্ডৰে জড়িত হৈয়ো আকাশ চুব পাৰি তাৰ এখন ছবি দাঙি ধৰিবলৈ কৃষি জাগৰণ মিডিয়া গ্ৰপে আয়োজন কৰিছে মিলিয়নাৰ ফাৰ্মাৰ অৱ ইণ্ডিয়া এৱাৰ্ড কৃষক বঁটা। এই কৃষক বঁটা অনুষ্ঠানটোৰ মূলতে থকা মানুহজন কৃষি জাগৰণ মিডিয়া গ্ৰুপৰ স্বত্ত্বাধিকাৰী তখা কৃষি জাগৰণৰ মুখ্য সম্পাদক এম চি ডমিনিক।

আপোনালোকক জনাওঁ যে বিগত বৰ্ষত অসমৰ দুগৰাকী কৃষকে লাভ কৰিছিল এই বঁটা। উদ্যমী ৰাজাকুল ইচলামে মীনপালন খণ্ডত প্ৰদৰ্শন কৰা সফলতাৰ বাবে আৰু শিলচৰ এজন নাৰ্চাৰীৰ ব্যৱসায়েৰে সফলতাৰ বাবে প্ৰদান কৰা হয় Millionaire Farmers of India Award 2024।

আগ্ৰহীসকলে MFOI-2024 কৃষক বঁটাৰ বাবে https://millionairefarmer.in/as/mfoi-nominations/ এই লিংকত ক্লিক কৰি তেওঁলোকৰ নাম পঞ্জীয়ন কৰিব পাৰিব। পৰৱৰ্তী সময়ত তেওঁলোকৰ যোগ্যতাসমূহ পৰীক্ষণৰ বাবে আমাৰ কৃষি জাগৰণৰ প্ৰতিনিধিয়ে আপোনাৰ লগত যোগাযোগ কৰিব।

লগতে পঢ়ক- 

MFOI-2024 : আহি আছে Millionaire Farmer of India 2024 কৃষক বঁটা

English Summary: Now Apply for Millionaire Farmers of India Award 2024

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.