1. News

Budget Session 2023 : ঘৰতে বহি বহি প্ৰতিগৰাকী মহিলাই পাব ১৪০০ টকা, ৩,৪২০ কোটি টকা ধাৰ্য অজন্তা নেওগৰ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Ajanta Neog
Ajanta Neog

Budget Session 2023 ত  দৰিদ্ৰতা নিবাৰণৰ বাবে এইবাৰ চাৰিটা পন্থা গ্ৰহণৰ কথা উল্লেখ কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে। সেই চাৰিটা হৈছে – অৰুণোদয়, মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম যোজনা, খাদ্য সুৰক্ষাৰ নিশ্চিতি আৰু মুখ্যমন্ত্ৰীৰ আবাস যোজনা : সকলোৰে বাবে গৃহ।

অৰুণোদয় আঁচনিৰ অধীনত অতিৰিক্ত ১০ লাখতকৈ অধিক নতুন লোকক সংযোজনৰ লক্ষ্য লোৱা হৈছে বাজেটত। অৰুণোদয় আঁচনিৰ ধনৰ পৰিমাণ ১৫০ টকা বৃদ্ধি কৰি ১৪০০ টকা কৰাৰ প্ৰস্তাৱ। ইয়াৰ বাবে ৩,৪২০ কোটি টকা ধাৰ্য।

লগতে পঢ়ক- 

Exhibition Fair : যোৰহাটত RAWEP 2023 অধিনত প্ৰদৰ্শনী মেলা

মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম আঁচনিখনে সকলো পৰিয়ালকে সামৰি ল’ব বুলি উল্লেখ কৰে বিত্তমন্ত্ৰীয়ে। প্ৰতিটো পৰিয়ালক দিয়া হ’ব নগদবিহীন কাৰ্ড। ইয়াৰ বাবে বাজেটত ১৩৫ কোটি টকা ধাৰ্য।

ইফালে, ২০২৩–২৪ বৰ্ষত মুখ্যমন্ত্ৰীৰ আৱাস যোজনাৰ অধীনত ১ লাখ পৰিয়ালক সামৰি লোৱাৰ লক্ষ্য আৰু ইয়াৰ বাবে ৮০০ কোটি টকা আবণ্টন বাজেটত। উল্লেখ্য যে বাজেটত পুনৰ ১০ লাখ মহিলাক অৰুণোদয় আঁচনিৰ নতুনকৈ প্ৰদান কৰিব। যিসকল যোগ্য হিতাধিকাৰীয়ে অৰুণোদয় আঁচনিৰ ধন লাভৰ বাবে আবেদন কৰিব পাৰিব।

লগতে পঢ়ক- 

বাৰিষাৰ সময়তো প্ৰতিজন কৃষকে লাভৰ ঘৰত থাকিবলৈ মন কৰক এইখিনি কথা

English Summary: Budget Session 2023 latest update

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.