1. News

Budget 2023 : ৰাজ্যৰ ১ লাখ যুৱক–যুৱতীলৈ ২ লাখকৈ টকা- অজন্তা নেওগ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Ajanta Neog
Ajanta Neog

ৰাজ্যৰ নিৱনুৱা যুৱক-যুৱতীসকলক লৈ বাজেটত বিশেষ ঘোষণা। বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে ২০২৩–২৪ বিত্তীয় বৰ্ষৰ বাজেটত গ্ৰহণ কৰিছে যুৱক-যুৱতীসকলৰ স্ব নিয়োজনৰ বাবে পদক্ষেপ। ৰাজ্যৰ মুকুতাৰ উন্নয়নী মালাৰ অধীনত মুখ্যমন্ত্ৰীৰ স্ব–নিয়োজন অভিযান নামেৰে দৰিদ্ৰ সীমাৰেখাৰ তলৰ আৰু নিম্ন আয়ৰ পৰিয়ালৰ যুৱক–যুৱতীসকলৰ মাজত স্ব–নিয়োজনৰ সুবিধা সৃষ্টি কৰাৰ বাবে ক্ষুদ্ৰ উদ্যোগীৰ উন্নয়নৰ বাবে এখন আঁচনি ৰূপায়ণৰ প্ৰস্তাৱ বাজেটত।

বাজেটত উল্লেখ কৰা মতে, অহা তিনি বছৰত ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ বাবে ১ লাখ যুৱক–যুৱতীক কিস্তি হিচাপত ২ লাখ টকাকৈ এককালীন পুঁজি আগবঢ়োৱাৰ প্ৰস্তাৱ বাজেটত। ইয়াৰ উপৰি আন এক লাখ যুৱক–যুৱতীক এমএছএমই আৰু আন খণ্ডৰ লগত জড়িত প্ৰকল্পৰ বাবে ৰাজসাহায্য আগবঢ়োৱা হ’ব। ২ লাখ নিবনুৱাক নিয়োগ সৃষ্টিকাৰীলৈ ৰূপান্তৰ কৰাৰ বাবে বাজেটত ১০০০ কোটি টকাৰ আবণ্টন। লগতে ২৫ হাজাৰ টকা পৰ্যন্ত ঋণ লোৱা মহিলাক সহায়ৰ আশ্বাস বাজেটত।

লগতে পঢ়ক- 

TOP AGRI BUSINESS IDEAS : সৰু আৰম্ভণিৰ সৈতে শীৰ্ষ কৃষি ব্যৱসায়ৰ ধাৰণা

যদি বাজেটত উল্লেখ কৰা মতেই বাস্তৱত স্বনিৰ্ভৰশীল হ’বলৈ এই ধনৰাশি ৰাজ্যৰ নিৱনুৱা যুৱতী-যুৱতীসকলে লাভ কৰে তেন্তে ই ৰাজ্যৰ নিৱনুৱা সমস্যাটো অকণমান হ’লেও দূৰ হ’ব। কিন্তু বাস্তৱত এনে চৰকাৰী সাহাৰ্যসমূহ যোগ্যসকলে নাপায়। নেতা, পালিনেতা, শাসনাধিস্থিত দলৰ পালি-পহৰীয়াইহে লাভ কৰে।

এনেবোৰ স্বজন-তোষণ থাকিবই। ইয়াৰ  মাজতে আঁচনিৰ সুবিধাসমূহ গ্ৰহণ কৰিবলৈ যোগ্য প্ৰাৰ্থীসকলে প্ৰয়োজনীয় নথি-পত্ৰসমূহ যোগাৰ কৰি, কি কাম কৰিব- তাৰ পৰিকল্পনা এতিয়াৰ পৰাই প্ৰস্তুত কৰি এই আঁচনিখনৰ সাহাৰ্যসমূহ গ্ৰহণৰ সাজু হওঁক ।

লগতে পঢ়ক- 

ঘৰতে বহি বহি প্ৰতিগৰাকী মহিলাই পাব ১৪০০ টকা, ৩,৪২০ কোটি টকা ধাৰ্য অজন্তা নেওগৰ

English Summary: Assam Budget Session 2023 latest update-2

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.