Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 8 October, 2022 2:47 PM IST
মাজুলীৰ ভীমকলেৰে ইন্দুকল্পৰ শিশুখাদ্যৰ ব্ৰেণ্ড ‘ভীম ভিটা’

কল কল কল, কল এবিধ ফল, কল খালে গাত হয় হাতীৰ সমান বল। আগৰ দিনত সৰু ল’ৰা ছোৱালীক মাকে কল খুৱাবলৈ এনেদৰে গায়। শিশুৰ বাবে কল, বিষেশকৈ ভীমকল খুবেই উপকাৰী। আগতে গাওঁ সমূহত ভীমকল চালনীত ঘঁহি গুটি গুচাই সৰু ল’ৰা ছোৱালীক খুওৱা হৈছিল। এতিয়া ভীমকল চালনীত ঘঁহি গুটি গুচুৱাৰ কষ্ট কোনো মাকে নকৰে, কাৰণ বজাৰত বিভিন্ন ধৰণৰ শিশু খাদ্য উপলব্ধ। কিন্তু শিশুৰ বাবে ভীমকলৰ যি স্বাস্থ্যকৰ উপাদান সেয়া শিশুৱে লাভ কৰে জানো? এতিয়া অসমত কিন্তু সেই সমস্যা নাই। কাৰণ বজাৰত পোৱাযায় ভীমকলৰ পৰা উৎপাদন কৰা ‘ভীম ভিটা’। নদীদ্বীপ মাজুলীৰ নিৰ্ভেজান ভীমকলৰ পৰা উৎপাদিত ‘ভীম ভিটা’ অন্যান্য শিশুখাদ্যৰ দৰেই পোৱা যায় পাউদাৰ হিচাপে । উজনি অসমৰ প্ৰায় বোৰ ঔষধৰ দোকানতে উপলব্ধ মাজুলীৰ পৰা উৎপাদিত ‘ভীম ভিটা’ খুবেই জনপ্ৰিয়। গুৱাহাটীৰো কোনো কোনো অঞ্চলৰ লগতে নামনি অসমৰো ঠাই বিশেষে ‘ভীম ভিটা’ পোৱা যায়। বৰ্তমান প্ৰতিমাহে ৪০০ গ্ৰামৰ ‘ভীম ভিটা’ পাউদাৰৰ প্ৰায় ১০,০০০বটলকৈ উৎপাদন কৰি আহিছে মাজুলীৰ কমলাবাৰীৰ “সৃষ্টি ইণ্ডাষ্ট্ৰীয়েল প্ৰডাক্টছ” নামৰ ক্ষুদ্ৰ উদ্যোগটোৱে। আৰু মাজুলীৰ পৰা বিশ্বমানৰ শিশুখাদ্য উৎপাদন কৰা এই উদ্যোগটোৰ আঁৰৰ ব্যক্তিজন হ’ল ইন্দুকল্প ভৰালী।

কিন্তু একেদিনাই আজিৰ জনপ্ৰিয় ‘ভীম ভিটা’ৰ জন্ম হৈছিলনে? ইন্দুকল্প ভৰালীৰ কেনেকৈ ‘ভীম ভিটা’ৰ কথা মনলৈ আহিছিল? এই প্ৰশ্নবোৰৰ উত্তৰতে সোমাই আছে এজন উদ্যোগী সৃষ্টি হোৱাৰ আঁৰৰ বহুকাহিনী।

সংগ্ৰামৰ কঠিন বাট

এসময়ৰ বিশ্বৰ বৃহত্তম নদীদ্বীপ তথা সত্ৰ নগৰী মাজুলীৰ কমলাবাৰীৰ মহাবিদ্যালয়ৰ শিক্ষক মুহিধৰ ভৰালীৰ সন্তান ইন্দুকল্প ভৰালী। “সৰুৰে পৰাই ব্যতিক্ৰমী কিবা এটা কৰাৰ চিন্তাই মোক খেদি ফুৰিছিল। বিদ্যালয়ৰ সপ্তম- অষ্টম শ্ৰেণীত পঢ়োতেই উপাৰ্জনমুখী কিবা কৰাৰ চিন্তা কৰিছিলো। পঢ়া শুনাৰ লগতে সৰু সুৰা ইটো সিটো কৰি উপাৰ্জন কৰিবলৈ কোনোদিনেই লাজ কৰা নাছিলো।”- শিশুকালৰে পৰা নতুন কিবা এটা কৰাৰ হাবিয়াসে খেদি ফুৰাৰ কথা এনেদৰে কলে ইন্দুকল্প ভৰালীয়ে। ১৯৯৭ চনত প্ৰথম কমলাবাৰীৰ পৰা নিজাববীয়াকৈ কিবা এটা কৰাৰ মনেৰে ইন্দুকল্প ঘৰৰ পৰা ওলাই আহিল। গোলাঘাট, সৰুপথাৰৰ পৰা শাক-পাচলি আনি যোৰহাটত বিক্ৰী কৰি আৰম্ভ কৰিলে জীৱনৰ প্ৰথমটো ব্যৱসায়। তেনেদৰেই প্ৰায় এবছৰ গ’ল। ১৯৯৮ চনত ককায়েক শান্তনু ভৰালীয়ে ইন্দুকল্পক গুৱাহাটীলৈ মাটি পঠিয়ালে। দুয়ো ভাতৃয়ে লগ হৈ গুৱাহাটীত আৰম্ভ কৰিলে ‘চাওমিন’ৰ ব্যৱসায়। “জীন জান জো” নামেৰে ব্ৰেণ্ডিং কৰি কৰা চাওমিনৰ ব্যৱসায় প্ৰথমাৱস্থাত খুব ভালেই চলিছিল। কিন্তু দুবছৰ মানহে গুৱাহাটীৰ প্ৰতিযোগিতামুলক বজাৰ খনত বৰ্তী থাকিল ‘জীন জান জো’। ২০০০ চনত পুনৰ জন্মস্থান মাজুলীলৈ ঘুৰি গ’ল ইন্দুকল্প। সংকল্প লৈ গ’ল জন্মস্থান মাজুলীৰ বাবে কিবা এটা কৰাৰ। মাজুলীৰ চিনাকীৰে নিজৰ চিনাকী গঢ়ি তোলাৰ। সেই সময়তে কাগজে পত্ৰই প্ৰকাশিত হৈ থকা ‘কেচুঁসাৰ’ৰ বিষয়টোৱে দৃষ্টি আকৰ্ষণ কৰিলে ইন্দুকল্প ভৰালীৰ। নিজে জৈৱিক সাৰ প্ৰস্তুত কৰাৰ কথা ভাবিলে ইন্দুকল্পই। খেতি পথাৰত সাৰ হিচাপে ব্যৱহাৰ কৰা মেটেকা আৰু গোবৰৰ সংমিশ্ৰণ ঘটাই প্ৰস্তুত কৰি উলিয়ালে এবিধ জৈৱিক সাৰ। সাৰ বিধৰ গুণাগুণ পৰীক্ষা কৰিবৰ বাবে পালেগৈ 'নৰ্থ ইষ্ট ইনষ্টিটিউট অৱ ছাইন্স এণ্ড টেকন’লজি', যোৰহাট। সকলো ঠিকেই আছে, এবিধ উত্তম জৈৱিক সাৰেই প্ৰস্তুত হৈছে, কিন্তু সাৰ বিধত যোগ কৰিব লাগিব এবিধ বেক্টেৰিয়া। এনেদৰে প্ৰতিষ্ঠানটোত সাৰৰ গুণাগুণ পৰীক্ষাৰ পিছত জনোৱা হ’ল ইন্দুকল্পক। সাৰবিধত নতুনকৈ বেক্টেৰীয়া যোগ দিবৰ বাবে ইন্দুকল্পই প্ৰতিষ্ঠানটোতে তিনিদিনীয়া এক প্ৰশিক্ষণ ল’লে। কিন্তু এই প্ৰশিক্ষণ অন্ত পৰাৰ দিনাই ইন্দুকল্পক আকৰ্ষণ কৰিলে আন এটা বিষয়েহে। সেই প্ৰতিষ্ঠানটোৰে এগৰাকী গৱেষক বিজ্ঞানী ড০ দীপ শইকীয়াক লগ পালে ইন্দুকল্পই। কলগছৰ ওপৰত বিস্তৃত গৱেষণা কৰা ড০ শইকীয়াই শ্ৰীলংকা চৰকাৰৰ আমন্ত্ৰণ ক্ৰমে দেশখনত গৈ কলৰ পৰা প্ৰস্তুত কৰি উলিয়াব পৰা বহু উৎপাদনৰ বিষয়ে প্ৰশিক্ষণ দিছিলগৈ। ড০ শইকীয়াই কলগছৰ গা গেলাই, তাৰ পৰা আঁহ উলিয়াই সূতা প্ৰস্তুত কৰাৰ লগতে আন কেইবাবিধো সামগ্ৰী উৎপাদন কৰিব পৰাৰ কথা ক’লে ইন্দুকল্পক। সততে উপলদ্ধ কলগছৰ পৰাই ব্যৱসায়িক ভিত্তিত বহু কিবা-কিবি কৰিব পৰাৰ সম্ভাৱনা থকা স্বত্বেও কোনো আগবাঢ়ি নহাৰ কথা ড০ শইকীয়াৰ পৰা জানিব পাৰি ইন্দুকল্পই নিজে কিবা এটা কৰাৰ কথা ভাবিলে।

লগতে পঢ়ক- ন্যূনতম সমৰ্থিত মূল্যত ধান বিক্ৰি কৰি বিপাঙত কৃষক ৰাইজ

ভীম বিটা

যোগ্যজনকহে লগ দিয়ে সৌভাগ্যই

যোৰহাটৰ পৰা ঘুৰি আহিয়েই ঘৰৰ বাৰীৰে ভীমকল এথোকা কাটি আনি ইন্দুকল্প ভৰালীয়ে আৰম্ভ কৰিলে নতুন অভিযান। ড০ শইকীয়াৰ দিহা পৰামৰ্শৰে ভীমকলৰ পাউদাৰ বনাই ঘৰতে ব্যৱহাৰ কৰিব পৰা খাদ্য প্ৰস্তুত কৰি উলিয়ালে। পুনৰ গুণাগুণ নিৰ্ণয়ৰ বাবে ঢাপলি মেলিলে যোৰহাট কৃষি বিশ্ববিদ্যালয়লৈ। আকৌ পৰীক্ষা-নিৰীক্ষা। এইবাৰো উন্নত মানদণ্ডৰ এবিধ খাদ্য প্ৰস্তুত কৰি উলিওৱা বুলিয়েই প্ৰমাণ হ’ল কৃষি বিশ্ব বিদ্যালয়ৰ গৱেষণাগাৰত। কিন্তু বাণিজ্যিকীকৰণ কৰিবৰ বাবে তাতো অন্য দুই এবিধ সামগ্ৰী যোগ কৰিব লাগিব বুলি জনালে বিশ্ববিদ্যালয়খনৰে অধ্যাপক ড০ লক্ষ্মী শইকীয়াই। ষোল অনা পুৰা কৰিবৰ বাবে পুনৰ চাৰি-পাঁচ দিনীয়া আন এক প্ৰশিক্ষণ ল’লে ইন্দুকল্পই। গুটি গুচুৱা ভীমকলৰ পৰা এবিধ নতুন প্ৰডাক্ট সৃষ্টি হ’ল। ড০ লক্ষ্মী শইকীয়াৰ পৰামৰ্শক্ৰমে ইতিমধ্যে ‘চেন্ট্ৰেল ফুড টেকন’লজিকেল ৰিছাৰ্ছ ইনষ্টিটিউট'তো নতুন প্ৰডাক্ট বিধৰ মান পৰীক্ষা কৰালেগৈ ইন্দুকল্প ভৰালীয়ে। তাতো এটা আশাব্যঞ্জক ফলাফল লাভ কৰাৰ পিছত ভীমকলৰ পৰা প্ৰস্তুত কৰি উলিওৱা এই বিধ পাউডাৰ ‘ভীম ভিটা’ নাম দি উৎপাদন প্ৰক্ৰিয়া ব্যৱসায়িক ভিত্তিত আৰম্ভ কৰিলে ইন্দুকল্পই। শিশু খাদ্য হিচাপে প্ৰথমে স্থানীয় বজাৰত মাৰ্কেটিং কৰিলে। সেয়া ২০০৪ চনৰ কথা। ইতিমধ্যে মাজুলী তথা যোৰহাটৰ বজাৰত পৰিচিত হৈ পৰিছে ‘ভীম ভিটা’। তেনেতে যোৰহাটত হোৱা ট্ৰেড ফেয়াৰত ডিআৰডিএৰ সহযোগত ‘ভীম ভিটা’ৰ এখন বিপণী দিলে ইন্দুকল্পই। সেই ট্ৰেড ফেয়াৰত প্ৰায় ৩৬ হাজাৰ টকাৰ ‘ভীম ভিটা’ৰ বিক্ৰীয়ে ইন্দুকল্পক দিলে নতুন উৎসাহ। লগতে একেখন ট্ৰেড ফেয়াৰতে ‘ভীম ভিটা’ৰ মাৰ্কেটিঙৰ বাবে দুটাকৈ ঔষধৰ কোম্পানী আগবাঢ়ি আহিল। জি. এম ড্ৰাগ ডিষ্ট্ৰিবিউটৰ্ছ, গিনৰিয়া ব্ৰাদাৰ্ছ আৰু যোৰহাট মেডিকেল ষ্টোৰ, এই তিনিওটা ঔষধৰ কোম্পানীয়ে সেই সময়ৰে পৰাই ‘ভীম ভিটা’ৰ মাৰ্কেটিং কৰি আহিছে। যোৰহাট ট্ৰেড ফেয়াৰত আশাব্যঞ্জক সঁহাৰি পোৱাৰ পিছত কেইবাখনো ট্ৰেড ফেয়াৰ বা এক্সপ’ত ভাগ লৈ ‘ভীম’ভিটা’ৰ প্ৰচাৰ চলালে ইন্দুকল্পই। ইয়াৰ ভিতৰত ২০০৫ চনত গুৱাহাটীৰ সোণাৰাম হাইস্কুল খেল পথাৰত অনুষ্ঠিত হোৱা ইন্টাৰ নেচনেল ট্ৰেড ফেয়াৰ, গুৱাহাটী ট্ৰেড ফেয়াৰ, অসম চৰকাৰৰ দ্বাৰা আয়োজিত উদ্যান শস্য মেলা ইত্যাদি। ২০০৬ চনত নতুন দিল্লীত আয়োজিত ইন্টাৰনেচনেল বানানা এক্সপ’তো ভাগ লোৱাৰ সুযোগ পালে ইন্দুকল্প ভৰালী তথা ‘ভীম ভিটা’ই।

সফলতাৰ সোণালী বাট

প্ৰথম অৱস্থাত এনেদৰে বাণিজ্য মেলা, প্ৰদৰ্শনীত ভাগ লোৱাৰ লগতে নিজে মোনাত ‘ভীম ভিটা’ৰ বটল লৈ মাৰ্কেটি কৰি ঘূৰি ফুৰিছিল ইন্দুকল্পই। শিশুখাদ্য হিচাপে সাধাৰণ দোকানত দিয়াতকৈ ঔষধৰ দোকানত দি বিক্ৰীৰ চেষ্টা চলাইছিল। প্ৰথম দুবছৰমান বাণিজ্যমেলা, প্ৰদৰ্শনীত বিক্ৰী ভাল হৈছিল যদিও বজাৰত ‘ভীম ভিটা’ই ভাল সঁহাৰি পোৱা নাছিল । ২০০৯ চনৰ পৰা ‘ভীম ভিটা’ৰ বজাৰ ভাললৈ আহিল। কোনো দিনে ক’তো বিজ্ঞাপন প্ৰকাশ নকৰা ‘ভীম ভিটা’, ব্যৱহাৰ কৰা দুই-চাৰিৰ মুখ বাগৰা বিজ্ঞাপনেই বিক্ৰী বঢ়াই তুলিলে। আজি বজাৰৰ চাহিদা অনুসৰি ‘ভীম ভিটা’ৰ যোগাৰ ধৰিব নোৱাৰা অৱস্থা হৈছে 'সৃষ্টি ইণ্ডাষ্ট্ৰীয়েল প্ৰডাক্টছ'ৰ। তথাপি কিন্তু শিশুখাদ্যবিধৰ উৎপাদনৰ মানৰ ক্ষেত্ৰত তিলমানো হেৰফেৰ কৰিবলৈ ৰাজী নহয় উদ্যোগটো।

বৰ্তমান ‘ভীম ভিটা’ উৎপাদনৰ বাবে মাজুলীৰ বিভিন্ন স্থানৰ পৰা নিজা এজেন্টৰ জৰিয়তে প্ৰতিদিনে ৫০০০ৰ পৰা ৬০০০ ভীমকল আহে 'সৃষ্টি ইণ্ডাষ্ট্ৰীয়েল প্ৰডাক্টছ'লৈ। উদ্যোগটোত মেচিনৰ সহায়েৰে দৈনিক পাচঁজন স্থায়ী কৰ্মচাৰীয়ে ‘ভীম ভিটা’ উৎপাদনৰ কাম কৰে। লগতে সময় অনুযায়ী ১০ৰ পৰা ১৫ জনলৈ অস্থায়ী কৰ্মচাৰীয়ে কাম কৰে। প্ৰতিকুল বতৰ বা ঠাণ্ডাদিনত কল পূৰঠ হ’বলৈ সময় লগাৰ দৰে অসুবিধাকো নেওচি বৰ্তমান প্ৰতিমাহে ৪০০ গ্ৰামৰ প্ৰায় ১০,০০০ বটল ‘ভীম ভিটা’ প্ৰস্তুত কৰি আহিছে উদ্যোগটোৱে। উজনি অসমৰ লখিমপুৰ, ধেমাজিৰ পৰা ধৰি গোলাঘাট, যোৰহাট, শিবসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, লিডু ঢলালৈকে উপলব্ধ তথা বহুল জনপ্ৰিয় মাজুলীৰ পৰা উৎপাদিত শিশুখাদ্যবিধ। ইন্দুকল্প ভৰালীয়ে শেহতীয়াকৈ উৎপাদন আৰু বৃদ্ধি কৰি গুৱাহাটীৰ বজাৰৰ চাহিদাও পূৰণ কৰাৰ পৰিকল্পনাৰ কথা জনালে।

মহাবিদ্যালয়ৰ শিক্ষকৰ পুত্ৰ ইন্দুকল্পই এদিন 'দেউতাক কলেজৰ শিক্ষক, পুতেক ভীমকলৰ বেপাৰী' এনেধৰণৰ কটাক্ষ শুনিছিল, কিন্তু আজি ইন্দুকল্পই আন দহজনৰ পৰিয়ালক পোহপাল দিয়ে। ইন্দুকল্প ভৰালীয়ে কয়- আনৰ চাকৰি কৰাতকৈ নিজৰ চাকৰি কৰানিজৰ লগতে পৰিয়াল তথা সমাজখনৰ উন্নতি ব। জন্মস্থান মাজুলীৰ প্ৰতি বিশেষ টান আছে ইন্দুকল্পৰ। ‘ভীম ভিটা’ আৰম্ভ কৰাৰ পিছত বহুজনৰ পৰা আৰ্থিক সহযোগিতাৰ আশ্বাস পায়ো মাজুলী এৰাৰ কথা এবাৰো নাভাবিলে ইন্দুকল্পই। আৰু মাজুলীৰ প্ৰতি থকা টানৰ বাবেই ইন্দুকল্প ভৰালীয়ে শেহতীয়াভাবে কনিষ্ঠ ভাতৃ বেদব্ৰত ভৰালীৰ সৈতে মাজুলীৰ সৰিয়হৰ পৰা ‘মাজুলী লুইত’ নামেৰে আন এক মিঠাতেল উৎপাদন তথা বটলিঙৰ উদ্যোগো আৰম্ভ কৰিছে।

উৎস : বিকাশপেডিয়া

লেখক:মুকুন্দ মাধৱ নেওগ

লগতে পঢ়ক- ক’ত কিনিবলৈ পাব জিঅ’ৰ কম দামী লেপটপ?

 

English Summary: bhim bita
Published on: 08 October 2022, 02:47 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now