
শীতকাল ওচৰ চাপি আহিছে। ইয়াৰ লগে লগে কৃষকসকলে পথাৰত শীতকালীন শস্যৰ বাবে ব্যস্ত হৈ পৰিছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে পাঞ্জাৱৰ কৃষকসকল ব্যস্ত হৈ পৰিছে পথাৰত। কৃষকসকলে শস্যৰ অৱশিষ্ট ক্ষিপ্ৰতাৰে পৰিষ্কাৰ কৰিবলৈ নিজৰ পথাৰত জুই লগাব দুই এদিনতে।
ইফালে পঞ্জাৱ আৰু হাৰিয়ানাত ধানৰ খেৰ জ্বলোৱাটোৱেই হৈছে অক্টোবৰ আৰু নৱেম্বৰ মাহত ৰাষ্ট্ৰীয় ৰাজধানীত বায়ু প্ৰদূষণৰ মাত্ৰা ভয়ংকৰভাৱে বৃদ্ধি পোৱাৰ আঁৰৰ অন্যতম কাৰণ। এই বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবলৈ পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানে কেন্দ্ৰ চৰকাৰলৈ প্ৰেৰণ কৰিছিল এক প্ৰস্তাৱ।

সংবাদ সংস্থা পিটিআইৰ প্ৰতিবেদন অনুসৰি কেন্দ্ৰক প্ৰতি একৰত ১৫০০ টকা দিবলৈ প্ৰস্তাৱ আগবঢ়াইছিল, আনহাতে পঞ্জাৱ আৰু দিল্লী চৰকাৰে বাকী ১০০০ টকাকৈ বহন কৰিব। কিন্তু পাঞ্জাৱৰ এই প্ৰস্তাৱক নাকচ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানে। কয়- "এয়া কোনো কথা নহয়।যদি কেন্দ্ৰীয় চৰকাৰে সমৰ্থন কৰা নাই তেন্তে ইয়াৰ অৰ্থ এইটো নহয় যে আমি একো নকৰো।"
লগতে তেওঁ কয় যে ৩৮ লাখ একৰ ভূমিত ইতিমধ্যে পাঞ্জাৱ চৰকাৰে বৃহৎ পৰিসৰত পথাৰৰ অৱশিষ্ট জ্বলোৱা মেচিনৰ ব্যৱস্থা কৰিছে। আৰু ষ্টাবল পৰিচালনাৰ বাবে এই বতৰত এক লাখতকৈ অধিক শস্যৰ অৱশিষ্ট ব্যৱস্থাপনা মেচিন উপলব্ধ কৰা হ’ব।
লগতে পঢ়ক- বটদ্ৰৱাৰ কৃষিপথাৰত বিদ্যুৎস্পৃষ্ট হৈ কৃষকৰ মৃত্যু
Share your comments