1. News

কেৰালাত উত্তৰ-পূৱৰ শ্ৰেষ্ঠ নাৰিকল বঁটা লাভ হাজোৰ পংকজ দাসৰ

KJ Staff
KJ Staff
Pankaj das
Pankaj das

নাৰিকলৰ বিষয়ে গৱেষণা কৰি ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যালয়ৰ অধীনৰ নাৰিকল বিকাশ ব’ৰ্ডৰ দ্বাৰা ৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত হৈছে কামৰূপ জিলাৰ হাজো পানীপাৰাৰ পংকজ দাস। কেৰালাত অনুষ্ঠিত বিশ্ব নাৰিকল দিৱসৰ অনুষ্ঠানত এই সন্মান লাভ কৰে হাজোৰ যুৱ খেতিয়কজনে ।

ইয়াৰ পূৰ্বেও ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত হৈছে পংকজ দাস । বিগত ৩০ বছৰে নাৰিকলৰ খেতি কৰি স্বাৱলম্বী হোৱাৰ লগতে পংকজ দাসে গৱেষণাও চলাই গৈছিল । প্রায় ৪ বছৰ সময় চোৱা - চিতা কৰাৰ পাছত ৫০ বছৰ ধৰি ইয়াৰ ফল পোৱাৰ লগতে ১ বিঘা মাটিত নাৰিকলৰ খেতিৰে বছৰি ২ ৰ পৰা ৩ লাখ টকা উপার্জন কৰি নিৱনুৱা যুৱক - যুৱতীসকল স্বাৱলম্বী হ’ব পাৰিব বুলি মন্তব্য কৰে যুৱ খেতিয়কজনে ।

উল্লেখ্য যে পিতৃ ঋষভ দাসৰ পদাংক অনুসৰণ কৰি শিক্ষিত যুৱক পংকজ দাসে নাৰিকল খেতিত মনোনিৱেশ কৰে । গুৱাহাটীৰ কাঁহিকুছিৰ উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ বিশেষজ্ঞসকলৰ সৈতে বিভিন্ন সময়ত নাৰিকলৰ উৎপাদন বৃদ্ধি কৰাৰ ক্ষেত্ৰত দিহা পৰামৰ্শ লোৱা বুলি জানিবলৈ দিয়ে ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত পংকজ দাসে ।

অসমত থলুৱাভাৱে নাৰিকলৰ উৎপাদন কম হোৱাৰ বাবেই প্ৰতিটো নাৰিকল দাম ৫০ ৰ পৰা ১০০ টকা পর্যন্ত হোৱাৰ বিপৰীতে অসম তথা ভাৰতৰ বাহিৰৰ পৰা আমদানিকৃত নাৰিকল ১০ ৰ পৰা ২০ টকাত বজাৰত উপলব্ধ হৈছে । ৰাজ্যৰ নিবনুৱা যুৱক - যুৱতীসকলক নাৰিকলৰ খেতি কৰি স্বাৱলম্বী হ’বলৈ আহ্বান জনায় ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক পংকজ দাসে ।

লগতে পঢ়ক- যোৰহাটৰ মুকুন্দ ৰাজখোৱাৰ 'ৰাজপ্ৰিয়ম নাৰ্ছাৰী' পৰিদৰ্শন অতুল বৰাৰ

English Summary: Best coconut award Northeast win Pankaj das

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.