হাতত বন্দুক তুলি লৈ দেশমাতৃৰ সেৱা কৰাৰ দুৰ্বাৰ বাসনা আছিল তেওঁৰ ৷ এই উদ্দেশ্যে ভাৰতীয় সেনাবাহিনীৰ জোৱানৰ সাক্ষাৎকাৰত অৱতীৰ্ণ হ’বলৈ তেওঁ উপস্থিত হৈছিল যোৰহাটৰ আৰক্ষী চাউনিত ৷ শাৰীৰিক পৰীক্ষা চলি থাকোঁতেই যুৱকজনে কঁকালত প্ৰচণ্ড আঘাত পাই মাটিত বাগৰি পৰিছিল ৷ এই যে বাগৰি পৰিল, আজি ১৪ বছৰেও তেওঁ আৰু থিয় হ’ব পৰা নাই ৷ নাম তেওঁৰ চম্পক বৰ্মন ৷ নলবাৰী জিলাৰ গামাৰিমূৰীৰ ওজাপৰা চুবুৰী নিবাসী আন্ত:ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহ-বেতৰ শিল্পী প্ৰয়াত কামিনী বৰ্মন আৰু নিলীমা বৰ্মনৰ একমাত্ৰ পুত্ৰ চম্পক বৰ্মনে এতিয়া হুইল চিয়াৰত বহিয়েই কঠোৰ জীৱন সংগ্ৰামত ব্ৰতী হৈছে ।
উল্লেখ্য যে বিগত ২০০৮ চনত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈয়েই চম্পকে ভাৰতীয় সেনাবাহিনীৰ জোৱান হোৱাৰ আশাৰে যোৰহাটলৈ সাক্ষাৎকাৰ দিবলৈ গৈছিল ৷ তাত শাৰীৰিক অনুশীলন কৰি থাকোঁতেই কঁকালত প্ৰচণ্ড আঘাত পাই মাটিত ঢলি পৰিছিল ৷ তাৰ পাছত দিঘলীয়া চিকিৎসা আৰম্ভ হয় ৷ দুবছৰ ধৰি GMCHত চিকিৎসাধীন হৈ থাকিও তেওঁ সুস্থ হৈ নুঠিল ৷
লগতে পঢ়ক-
৪০ দিনতে বিক্ৰিব পাৰিব এই জাতসমূহৰ পালেং। কৃষি বিশ্ববিদ্যালয়ৰ স্বীকৃতিপ্ৰাপ্ত এই জাতসমূহ
শৰীৰৰ কোমৰৰপৰা তলৰ অংশ সংজ্ঞাহীন হৈ পৰা চম্পকে বিগত ১৪ বছৰে হুইল চেয়াৰতে জীৱন অতিবাহিত কৰি আহিছে ৷ যুৱকজনৰ পিতৃ আছিল এগৰাকী আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহ-বেতৰ শিল্পী ৷ তেওঁ নতুন দিল্লী, মুম্বাই, পঞ্জাৱ, হাৰিয়ানা, গুজৰাট, তামিলনাডু, কলকাতা আদিকে ধৰি ভাৰতৰ প্ৰায় সকলো মুখ্য মহানগৰতে নিজৰ শিল্পকৰ্মেৰে নিজস্ব প্ৰতিভা ঙি ধৰাৰ উপৰিও নেপাল, ভূটান আৰু বাংলাদেশলৈ আমন্ত্ৰিত হৈ দেশৰ নাম উজলাই তুলিছিল ৷ ১৯৭৭ চনতে “মণি বাঁহ-বেত উদ্যোগ” নামেৰে এটা উদ্যোগ খুলি শিল্প সাধনা কৰি অহা কামিনী বৰ্মনে বিগত ২০২১ চনৰ জুন মাহত আকস্মিকভাবে মৃত্যুক আকোঁৱালি লয় ৷
তাৰ পাছৰেপৰা একমাত্ৰ বিশেষভাবে সক্ষম পুত্ৰ চম্পক আৰু বিধৱা পত্নী নিলীমা বৰ্মনৰ জীৱনলৈ নামি আহে ঘোৰ অমানিশা ৷ দেউতাকৰ উদ্যোগটো জীয়াই ৰাখিবলৈ এতিয়া চম্পকে হুইল চেয়াৰত বহিয়েই কঠোৰ জীৱন সংগ্ৰাম আৰম্ভ কৰিছে ৷ এতিয়া মুখ্যমন্ত্ৰী আৰু স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক চম্পকৰ উন্নত চিকিৎসাৰ বাবে সহায়ৰ হাত আগবঢ়াবলৈ পৰিয়ালটোৱে অনুৰোধ জনাইছে । চম্পকৰ চিকিৎসাৰ বাবে সাঁচতীয়া সকলো ধন-সম্পত্তি শেষ হোৱা দুৰ্ভগীয়া চম্পকৰ ক্ৰন্দন শুনিব নে চৰকাৰ তথা চন্দ্ৰমোহন পাটোৱাৰীয়ে!
লগতে পঢ়ক-
Share your comments