
যোৰহাটৰ মুকুন্দ বৰুৱা আৰু দুই ভাতৃয়ে নাৰ্চাৰী স্থাপেনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে। লগতে অঞ্চলটোৰ ১৭ জন ব্যক্তিক কৰ্মসংস্থাপন দিছে। যোৰহাট সোণাৰিস্থিত মুকুন্দ বৰুৱাৰ এই নাৰ্চাৰীখনে ইতিমধ্যে বেছ সুনাম অৰ্জন কৰিছে। ৰাজখোৱাৰ উদ্যম আৰু কষ্টসহিষ্ণুতা আমাৰ যুৱক-যুৱতীসকলৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে।

মুকুন্দ বৰুৱাৰ ৰাজপ্ৰিয়ম নাৰ্চাৰী ইতিমধ্যে ৰাজ্যজুৰি সুনাম অৰ্জন কৰিবলৈ কৰিবলৈ সক্ষম হৈছে। বুধবাৰ তেওঁৰ নাৰ্চাৰীখন প্ৰদৰ্শন কৰে ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰায়ো। কৃষিমন্ত্ৰী বৰায়ো তেওঁৰ মুকহন্দ বৰুৱাৰ নাৰ্চাৰীখন প্ৰদৰ্শন কৰি আপ্লুত হৈ পৰে।

এই সন্দৰ্ভত তেওঁ সংবাদ মাধ্যমৰ আগত কয় – ‘ৰাজপ্ৰিয়ম নাৰ্চাৰীৰ জৰিয়তে আজি তেওঁলোকৰ সোণাৰি গাঁওস্থিত 'ৰাজপ্ৰিয়ম নাৰ্ছাৰী'খন পৰিদৰ্শন কৰি আপ্লুত হ'লোঁ আৰু ৰাজখোৱাৰ সৈতে বাৰ্তালাপ কৰিলোঁ। ৰাজখোৱাৰ উদ্যম আৰু কষ্টসহিষ্ণুতা আমাৰ যুৱক-যুৱতীসকলৰ বাবে প্ৰেৰণাৰ উৎস।
তেওঁৰ প্ৰচেষ্টা তথা পদক্ষেপৰ প্ৰতি কৃষি, উদ্যানশস্য আৰু খাদ্য সংসাধন বিভাগে নিৰন্তৰভাৱে প্ৰয়োজনীয় সহায়-সহযোগিতা আগবঢ়াই আহিছে।’
লগতে পঢ়ক- আহি আছে সৰিয়হ খেতিৰ সময়। জানক.....
Share your comments