1. এগ্ৰিপেডিয়া

আহি আছে সৰিয়হ খেতিৰ সময়। জানক.....

PANKAJ KHANIKAR
PANKAJ KHANIKAR
সৰিয়হ খেতি
সৰিয়হ খেতি

অসমত প্ৰায় .৮৬ লাখ হেক্টৰ মাটিত সৰিয়হৰ খেতি কৰা হয় যদিও গড় উৎপাদন অতি কম হৈ আছে, প্ৰতি হেক্টৰত মাত্ৰ ৬৪৩ কিলোগ্ৰাম। মুঠ উৎপাদন ১.৮৪ লাখ উৎপাদন যদিও এই উৎপাদনে অসমৰে চাহিদা পূৰণ কৰিব নোৱাৰে। ফলত অসমৰ বাহিৰৰ পৰা বুজন পৰিমাণৰ সৰিয়হ আমদানি কৰিবলগীয়া হয়। অসমৰ বালিচঁহীয়া পলসুৱা মাটিবোৰ সৰিয়হৰ খেতিৰ বাবে অতি উপযুক্ত তদুপৰি বান অধ্যুষিত অঞ্চলত এই খেতিয়ে এক উল্লেখযোগ্য পৰিৱৰ্তন আনি দিব পাৰে 

সৰিয়হ বিভিন্ন প্ৰজাতিৰ আছে। অসমত সাধাৰণতে ২ প্ৰজাতিৰ- ৰেপচিদ বা টৰিয়া আৰু ৰাই (লাই) সৰিয়হৰ খেতি কৰা হয় টৰিয়াবোৰ কম দিনত চপাব পৰা সৰিয়হ (৯০-৯৫ দিন) আৰু গছ চাপৰ হয় কমদিনতে চপাব পৰা জাত হ’লেও টৰিয়া জাতৰ উৎপাদন কম খৰাং বতৰ, কীট-পতংগ আৰু বেমাৰ আজাৰ প্ৰতিৰোধ কৰিব পৰা ক্ষমতাও কম তদুপৰি গুটি ধৰিবৰ বাবে ফুলাৰ সময়ত মৌ-মাখিৰ জৰিয়তে পৰাগ সংযোগ হ’বই লাগিব যদি পথাৰত মৌ-মাখি বা অন্য ধৰণৰ পৰাগ সংযোগকাৰী পতঙ্গ নেথাকে তেন্তে ছেঁইবোৰত গুটি নধৰে 

আনহাতে,লাইজাতীয় সৰিয়হত এইবোৰ সমস্যা নাই কিন্তু, টৰিয়াতকৈ ইহঁতৰ অধিক সময় লাগে ইহঁতবোৰ ওখ, থিয় আৰু উৎপাদনো বেছি ভাৰতৰ অন্যান্য ৰাজ্যত এই লাইজাতীয় সৰিয়হৰ খেতি বেছিকৈ কৰা হয়  বালিচহীয়া পলসুৱা মাটি সৰিয়হৰ বাবে উপযুক্ত চৰ-চাপৰি নৈপৰীয়া অঞ্চলত সেয়েহে সৰিয়হৰ খেতি ভাল হয় সৰিয়হৰ খেতিৰ বাবে মাটিখিনি মিহিকৈ চাহ কৰা হ’ব লাগে যদিও বালিয়া মাটিত বেছিকৈ চাহ কৰিলে মাটিৰ পানীধাৰন ক্ষমতা কমি যাব আৰু বীজৰ অঙ্কুৰণ তথা গছৰ বৃদ্ধিত ব্যাঘাত জন্মাব অসমৰ প্ৰায়বোৰ মাটিয়েই আম্লিক অৰ্থাৎ টেঙা হোৱাৰ বাবে শস্যৰ উৎপাদন কমি যায় সেয়ে এই টেঙা গুণটো নাইকিয়া নাইবা কমাবৰ বাবে বিঘাই প্ৰতি ৬৫.৫ কিঃগ্ৰাঃ ডল’মাইট চূণ সিঁচাৰ ১৫ দিন আগেয়ে মাটিত প্ৰয়োগ কৰিব লাগে

সৰিয়হ খেতি
সৰিয়হ খেতি

সৰিয়হ খেতিত সাৰ প্ৰয়োগৰ ক্ষেত্ৰত মন কৰিবলগীয়া কথা হল যিবোৰ পথাৰত জলসিঞ্চন ব্যৱস্থাৰ নাই অৰ্থা বৰষু নিৰ্ভৰশীল তেনে পথাৰত  ইউৰিয়া-১২ কিঃগ্ৰাঃ, চুপাৰ-২৮ কিঃগ্ৰাঃ আৰু পটাচ- ৩ কিঃগ্ৰাঃ বিঘাই প্ৰতি প্ৰয়োগ কৰিব লাগে। আনহাতে জলসিঞ্চন ব্যৱস্থা থকা পথাৰত ইউৰিয়া-১৮ কিঃগ্ৰাঃ, চুপাৰ-৩২ কিঃগ্ৰাঃ আৰু পটাচ-৮ কিঃগ্ৰাঃ প্ৰয়োগ কৰিব লাগে। 

বীজৰ পৰিমাণ :

  • প্ৰতি বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ-১.৩ কিঃগ্ৰাঃ
  • সৰিয়হ সিঁচাৰ উপযুক্ত সময় হল অক্টোবৰৰ মাজভাগৰ পৰা নৱেম্বৰৰ মাজভাগলৈঅৱশ্যে বীজৰ পৰিমাণ কিছু বঢ়াই নবেম্বৰৰ শেহতীয়াকৈ সিঁচিব পাৰি যিমান সোনকালে সিঁচে, সিমান মোৱা পোকৰ আক্ৰমণৰ পৰা হাত সাৰিব পাৰি
  • ভেঁকুৰজাতীয় ৰোগৰ প্ৰতিষেধক হিচাপে বীজখিনিMetalaxyl 35 WS (প্ৰতি কিলোগ্ৰামত ৬ গ্ৰাম) শোধন কৰি লব লাগে

লগতে পঢ়ক- ধানৰ কুমলীয়া পাত কটা টুপলিকটা পোক

English Summary: mustard cultivation

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.