1. News

ধুবুৰী আহি পালে বাংলাদেশৰ পেলনীয়া কঁপাহৰ জাহাজ

KJ Staff
KJ Staff
waste cotton jutes
waste cotton jutes

ধুবুৰী তথা অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বাবে নতুন দিগন্তৰ সূচনা ঘটাই বুধবাৰে বৃহৎ পৰিমাণৰ পেলনীয়া কঁপাহ  লৈ ভাৰতীয় অন্তর্দেশীয় জলমার্গ প্ৰাধিকৰণৰ ধুবুৰীস্থ জাহাজ ঘাটত আহি উপস্থিত হৈছে এখন বাংলাদেশৰ মালবাহী জাহাজ । সেইখনৰ কৰ্মচাৰী তুহিন শেখে সদৰি কৰানুসৰি প্ৰায় ১১১ মেট্রিক ট’ন পেলনীয়া কঁপাহ ( waste cotton jutes ) অনা হৈছে জাহাজখনেৰে ।

 

উল্লেখ্য যে , পোন প্ৰথমবাৰৰ বাবে এইদৰে নদীপথেৰে বাংলাদেশৰ পৰা ভাৰতলৈ আহি পালে বৃহৎ পৰিমাণৰ পেলনীয়া কঁপাহ । যোৱা ১ ছেপ্টেম্বৰৰ পৰা বাংলাদেশৰ মুক্তাৰপুৰৰ নদীবন্দৰৰ পৰা বৰলুইতেৰে ধুবুৰী অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল “ ইয়া ৰাজ্জাকু ' নামৰ সেই বাংলাদেশী মালবাহী জাহাজখন ।

 

জানিব পৰা মতে , বাংলাদেশৰ ‘ মোক্তাৰ হুছেইন এন্টাৰপ্ৰাইজ ' নামৰ প্ৰতিষ্ঠান এটাই ভাৰতলৈ ৰপ্তানী কৰিছে পেলনীয়া কঁপাহখিনি ( waste cotton jutes ) । উল্লেখ্য যে , নতুনকৈ নিৰ্মাণ কৰাৰ পিছত ভাৰতীয় অন্তর্দেশীয় জলমার্গ প্ৰাধিকৰণৰ ধুবুৰীৰ পঞ্চঘাটৰ জাহাজঘাটৰ পৰা ২০১৯ চনৰ ২৬ ডিচেম্বৰৰ পৰা আনুষ্ঠানিক ভাৱে আৰম্ভ হৈছিল আন্তঃৰাষ্ট্ৰীয় বাণিজ্য ৷

ইমানদিনে সেই জাহাজঘাট তথা নদী বন্দৰটোৰে মূলতঃ পাথৰ আৰু শিল বাংলাদেশলৈ ৰপ্তানি কৰা হৈ আছিল । শেহতীয়াকৈ বাংলাদেশে ভাৰতলৈ ৰপ্তানি সামগ্ৰী ধুবুৰীৰ সেই জাহাজ ঘাটটোলৈ আহিবলৈ লোৱাটো এক শুভলক্ষণ বুলিয়েই বিবেচিত হৈছে । আশা কৰা হৈছে , জাহাজ ঘাটটোৱে আগলৈ গৈ ধুবুৰীকে ধৰি পশ্চিম অসমৰ আৰ্থ - সামাজিক বিকাশত এক ধনাত্মক অৰিহণা যোগাব বুলিয়েই ।

লগতে পঢ়ক- উত্তৰ প্ৰদেশত ২১ লাখ ভুৱা কৃষক

English Summary: waste cotton jutes

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.