শুকুৰবাৰে জনতা ভৱনত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ আঁচনিসমূহৰ ৰূপায়ণ সন্দৰ্ভত কৃষিমন্ত্ৰী অতুল বৰাৰ বৈঠক। বৈঠকত বিষয়াসকলৰ পৰা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ কাম-কাজৰ শেহতীয়া অগ্ৰগতিৰ মন্ত্ৰীগৰাকীয়ে।
বৈঠকত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ লগতে দুগ্ধ উন্নয়ন বিভাগৰো আঁচনিসমূহৰ কাম-কাজৰ অগ্ৰগতিৰ বিতং খতিয়ান লয় মন্ত্ৰীগৰাকীয়ে।
দুয়োটা বিভাগৰে কাম-কাজবোৰ অধিক গতিশীল কৰিবলৈ বিষয়াসকলক যাৱতীয় নিৰ্দেশনা দিয়ে।
বৈঠকত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সচিব তথা সঞ্চালিকা ইন্দিৰা কলিতা, সচিব অভিজিত বৰুৱা, অসম পশুধন আৰু হাঁহ-কুকুৰা নিগম পৰিসীমিতৰ পৰিচালন সঞ্চালিকা দীপালী দেৱী প্ৰমুখ্যে দুগ্ধ উন্নয়ন আৰু পশুপালন বিভাগৰ আন সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে।
লগতে পঢ়ক- বিশ্বৰ পঞ্চম শক্তিশালী অৰ্থনীতিৰ ভাৰতৰ ফোঁপোলাস্বৰূপ
Share your comments