1. News

লখিমপুৰত "মাণ্ডলিক কৃষক সমাৰোহ-২০২৩", উপস্থিত কৃষিমন্ত্ৰী

PANKAJ KHANIKAR
PANKAJ KHANIKAR
লখিমপুৰ "মাণ্ডলিক কৃষক সমাৰোহ-২০২৩"ত কৃষিমন্ত্ৰী অতুল বৰা
লখিমপুৰ "মাণ্ডলিক কৃষক সমাৰোহ-২০২৩"ত কৃষিমন্ত্ৰী অতুল বৰা

লখিমপুৰত অসম কৃষি বিশ্ববিদ্যালয়ৰ উত্তৰ লখিমপুৰৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰৰ উদ্যোগত আৰু লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত আয়োজিত "মাণ্ডলিক কৃষক সমাৰোহ-২০২৩"। কৃষিমন্ত্ৰী অতুল বৰা উপস্থিত থকা "মাণ্ডলিক কৃষক সমাৰোহ-২০২৩" লখিমপুৰ, ধেমাজি, বিশ্বনাথ আৰু শোণিতপুৰ জিলাৰ কৃষক ৰাইজ উপস্থিত থাকে। অনুষ্ঠানটো উদ্বোধন কৰে কৃষিমন্ত্ৰী অতুল বৰাই।

অনুষ্ঠানটো উদ্বোধন কৰি কৃষিমন্ত্ৰীগৰাকীয়ে কয়- উত্তৰ অসম মণ্ডলৰ বিস্তীৰ্ণ অঞ্চলটোৰ কৃষি জলবায়ু তথা ইয়াৰ মাটিৰ গঠন সুকীয়া আৰু ই উৎপাদনৰ ক্ষেত্ৰত যথেষ্ট সম্ভাৱনা বহন কৰি আহিছে। এই দিশসমূহৰ প্ৰতি লক্ষ্য ৰাখি ঐক্যবদ্ধ প্ৰচেষ্টা, আশাশুধীয়া শ্ৰম আৰু কৰ্তব্যনিষ্ঠাৰে অঞ্চলটোৰ সাৰুৱা উৰ্বৰ ভূমিক উৎপাদন আৰু উপাৰ্জনৰ এক নতুন ক্ষেত্ৰলৈ পৰিৱৰ্তিত কৰাৰ বাবে উত্তৰ মণ্ডলৰ এই আটাইকেইখন জিলাৰ কৃষক ৰাইজক আহ্বান জনালোঁ।

লগতে পঢ়ক- 

black Ridge gourd farming : চলিত বৰ্ষত ৫০ কুইন্টলতকৈ অধিক জিকা বিক্ৰি কৰে শৰত বৰুৱাই

লগতে তেওঁ কয়- বানপানীৰ সৈতে নিয়মীয়াভাৱে সহাৱস্থান কৰি অহা উত্তৰ মণ্ডলৰ ধেমাজি আৰু লখিমপুৰ জিলাৰ কৃষক ৰাইজে বিভিন্ন প্ৰাকৃতিক প্ৰতিকূলতাৰ সন্মুখীন হৈও থলুৱা ৰঙা বাওধানৰ খেতি কৰি আজি বিশ্ব বজাৰত ৰঙা চাউলৰ সমাদৰ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। আজিৰ এই মাণ্ডলিক কৃষক সমাৰোহত অংশগ্ৰহণ কৰি উভতি যোৱাৰ পাছত উত্তৰ অসমৰ কৃষক ৰাইজে কৃষি উৎপাদন বৃদ্ধিত নতুন উৎসাহ, নতুন উদ্যমেৰে কাম কৰিব বুলি আমি গভীৰ আশাবাদী।

অনুষ্ঠানটিত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুৎ চন্দন ডেকা, অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ৰঞ্জিত সাউদ, আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰটোৰ মুখ্য বিজ্ঞানী ড° প্ৰবাল শইকীয়া, লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ডীন ড° উমাৰাম তামুলী, ভাৰতীয় কিষাণ সংঘৰ কৃষ্ণকান্ত বৰা, সমাজকৰ্মী ফণীধৰ বৰুৱা, দীপক বৰদলৈ, বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ সহযোগী বিজ্ঞান গুৰু ড° ৰণেন বৰ্মন, লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ড° ধীৰেণ চৌধুৰী প্ৰমুখ্যে অন্যান্য বিশিষ্ট ব্যক্তিসকল, কৃষি বিজ্ঞানীসকল আৰু কৃষক ৰাইজ উপস্থিত থাকে।

লগতে পঢ়ক- 

Squash Farming Time : জানুৱাৰী-ফেব্ৰুৱাৰীতে আৰম্ভ কৰক স্কোৱাছৰ খেতি

English Summary: Atul Borah Lakhimpur Visit

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.