1. News

মন্ত্ৰী পীযুষ হাজৰিকাক ‘অতি ভক্তি চুৰৰ লক্ষণ’ বুলি কটাক্ষ বিধায়ক অখিল গগৈৰ

PANKAJ KHANIKAR
PANKAJ KHANIKAR

বিগত কেইবাদিন ধৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সামাজিক মাধ্যমৰ এটা পোষ্টক লৈ ৰাজ্যৰ ৰাজনীতিত চৰ্চা আৰু সামাজিক জীৱনত এক ব্যাপক প্ৰভাব পেলাইছে। গীতাৰ এটা উদ্ধৃতি দি তেওঁ ফেচবুক আৰু টুইটাৰত এটা পোষ্টত তেওঁ লিখিছিল- কৃষিকৰ্ম, গো-পালন, বাণিজ্য- এইসমূহ হৈছে বৈশ্যৰ স্বভাৱজাত তথা স্বাভাৱিক কৰ্ম আৰু ব্ৰাহ্মণ, ক্ষত্ৰিয় আৰু বৈশ্য- এই তিনি বৰ্ণক শুশ্ৰূষা কৰাটোৱেই হৈছে শুদ্ৰৰ স্বাভাৱিক কৰ্ম। মুখ্যমন্ত্ৰীৰ এই পোষ্টটো সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰে। আৰু বিভিন্নজনে মুখ্যমন্ত্ৰী কঢ়িয়াই লৈ ফুৰা মধ্যযুগীয় মানসিকতাক ধিক্কাৰ দিয়ে। অৱশ্যে বিভিন্নজনৰ সমালোচনাত সামাজিক মাধ্যমৰ পৰা মুখ্যমন্ত্ৰীয়ে ফেচবুক পোষ্টটো আঁতৰাই দিবলৈ বাধ্য হয়। আৰু তাৰ বাবে মুখ্যমন্ত্ৰীয়ে তেওঁৰ সামাজিক মাধ্যম পৰিচালনা কৰা কৰ্মকৰ্তাসকলক দোষাৰূপ কৰে আৰু গীতাৰ শ্লোকৰ ভুল অনুবাদ হৈছে বুলি উল্লেখ কৰি বিষয়টো সমাপ্ত কৰে। মুখ্যমন্ত্ৰীৰ এই ফেচবুক পোষ্টটো সন্দৰ্ভত প্ৰতিক্ৰিয়া আগবঢ়ায় বিধায়ক অখিল গগৈয়ো। কিন্তু মন্ত্ৰী পীযুষ হাজৰিকাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰক্ষণাবেক্ষণৰ চেষ্টা কৰি অখিল গগৈৰ লগত এখন ফেচবুক যুদ্ধ ঘোষণা কৰে। তলত শেহতীয়াকৈ মন্ত্ৰী পীযুষ হাজৰিকাক টেগ কৰি দিয়া এটা ফেচবুক পোষ্ট উল্লেখ কৰা হ’ল।

মৰমৰ পিয়ুষ,

তোমাৰ দ্বিতীয় ফেচবুক পোষ্টটো পঢ়াৰ পিছৰে পৰা একপ্ৰকাৰ দুশ্চিন্তাতে পৰি গৈছো৷ তুমি কোৱাৰ দৰে সঁচাই হতাশেই হৈছো; মুখ্যমন্ত্ৰীৰ পিছতে আটাইতকৈ ক্ষমতাবান মন্ত্ৰী এজনৰ চিন্তা-চৰ্চাৰ দৌৰ দেখি তবধ মানিবলগীয়া কথাই৷ এই বিজেপি চৰকাৰখনত মুখ-চুপতি আৰু বেবেৰিবাং কথাৰে কাজিয়া কৰাৰ সলনি সুস্থ ৰাজনৈতিক বিতৰ্ক কৰিব পৰা মানুহ এজনো নোলাব নেকি? শুনা ভাই পিয়ুষ, মোৰ অনুমান তুমি এটা বেমাৰত ভুগি আছা৷ বেমাৰটোৰ নাম ষ্টকহোম চিনণ্ড্ৰম৷ তুমি ইয়াৰ অৰ্থ বুজি পোৱানে? কেতিয়াবা অপহৰণ হোৱা মানুহ এজনো অপহৰণকাৰীৰ প্ৰেমত পৰে; ক্ষতি কৰিব বিচৰা মানুহ এজনৰ প্ৰতি ক্ষতিগ্ৰস্ত মানুহ এজনৰ মুগ্ধতা জাগে৷ বিজেপি বৰ্ণবাদী দল নহয় বুলি তুমি যি ব্যক্তিগত গেৰাণ্টি দিছা তাকেই ষ্টকহোম চিনণ্ড্ৰম বুলি কোৱা হয়৷ আৰু এটা কথা নেমু গছৰ তলত থিয় হৈ তুমি এইজোপা মিঠা আম গছ বুলি চিঞৰি থাকিলে কোনোবা অন্ধভক্তই বিশ্বাস কৰিব পাৰে— চকু থকা মানুহে বিশ্বাস নকৰে নহয়!

বিজেপি সাম্প্ৰদায়িক আৰু বৰ্ণবাদী। সেয়া দিনৰ পোহৰৰ দৰে সত্য। তাত বিতৰ্ক কৰিবলৈ কি আছে? বৰ্ণবাদক লৈ মই অপপ্ৰচাৰ কৰা নাই; তোমাৰ গুৰু হিমন্ত বিশ্ব শৰ্মাইহে বৰ্ণবাদী প্ৰচাৰ চলাই ক্ষমা খুজি তৎ নোপোৱা হৈছে। প’ষ্ট মুচি পেলাবলগীয়া হৈছে।ক্ষমা খুজি তেওঁৰ শেষ; তুমি আকৌ গুৰু ভক্তি দেখুৱাবলৈ গৈ তোমাৰ গুৰুৰ বদনামেই বিয়পাই আছা! ইয়াকে কয় অতি ভক্তি চোৰৰ লক্ষণ!!

লগতে পঢ়ক- 

Squash Farming Time : জানুৱাৰী-ফেব্ৰুৱাৰীতে আৰম্ভ কৰক স্কোৱাছৰ খেতি

তুমি মোক কংগ্ৰেছৰ বোকোচাত বহি ৰাজনীতি কৰাৰ কথা কৈছা৷ মই কোনোদিনাই কাৰো বোকোচাত উঠা মানুহেই নহয়; মই সোঁতৰ বিপৰীতে সাঁতোৰা মানুহহে।তোমাৰ দৰে মই ক্ষমতা আৰু ধনৰ লোভত দল বাগৰি ফুৰা মানুহ নহয়।ওপৰলৈ থু ছটিয়ালে নিজৰে গাত পৰে৷ ১০০ লিটাৰ গেৰুৱা ৰঙেৰে তোমাক ধুলেও তোমাৰ গাৰ কংগ্ৰেছী ৰং কেতিয়াও নাযায়৷ যি কংগ্ৰেছ দলৰ তোমালোক এসময়ত সৰ্বেসৰ্বা আছিলা — তোমালোকে তেতিয়া আহোমৰ বাবে কি কৰিছিলা? আৰু, আজিয়েইবা কি কৰিছা? আহোমৰ আটাইতকৈ ডাঙৰ ক্ষতি কৰিছা তোমালোকে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ দোহাই দি তোমালোকে আহোম প্ৰভাৱিত সমষ্টি ১৪/১৫ টাৰ পৰা ৩/৪ টা কৰি আহোমক ৰাজনৈতিকভাৱে নি: শেষ কৰিবলৈ তোমাৰ গুৰু হিবিশ আৰু বৰ্ণবাদী বিজেপি- আএছএছেই অভিসন্ধি কৰা নাইনে? যদিহে আহোমক ইমান ভালেই পোৱা তেন্তে জনগোষ্ঠীটোৰ দাবী মানি লৈ তেওঁলোকক জনজাতিকৰণ নকৰা কিয়? মূল ৰাজনৈতিক অধিকাৰ হৰণ কৰি মূৰ্তি এটা বন্ধাই দিলেই তোমালোকক স্বীকৃতি দিব লাগিবনে?

অখিল গগৈ, লুৰীণজ্যোতি গগৈ, গৌৰৱ গগৈ— এই তিনিজন কোনো সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰা ৰাজনৈতিক বাগধাৰা নহয়৷ জণ্ডিচ ৰোগীয়ে যেনেকৈ পৃথিৱীখন হালধীয়া দেখে তুমি নিজে সাম্প্ৰদায়িক বাবে ভুল ঠাইতো সাম্প্ৰদায়িকতাৰ গোন্ধ পোৱা৷ অখিল গগৈ, গৌৰৱ গগৈ, লুৰীণজ্যোতি গগৈ অসমৰ ৰাজনীতিত তিনিটা পৃথক সুঁতিৰ ৰাজনৈতিক ধাৰা৷ এই পৃথক ধাৰা একত্ৰিত হ’লে বানপানীত খেৰকুটা উটি যোৱাৰ দৰে তোমালোকৰ সাম্প্ৰদায়িক, বৰ্ণবাদী ৰাজনীতি উফৰি যাব সেয়া নিশ্চিত৷ এই কথাটো তুমিও জানা৷ সেয়ে ইয়াক অন্য ৰং দিয়াৰ চেষ্টা কৰি আছা নহয়? 'আহোম' মোৰ বাবে কোনো জাতিৰ নাম নহয়৷ সকলো জাতি-বৰ্ণ-ধৰ্মৰ মানুহক সামৰি এক বৃহত্তৰ অসমীয়া জাতি গঢ়াৰ ৰাজনৈতিক মতাদৰ্শটোৱে অসমত আহোম।তোমালোকে আহোমৰ বাবে ধেই কিবা কৰিছা বুলি যি ফটাঢোল কোবাই থাকা— সেয়া আহোমক দিয়া ভিক্ষা নহয়৷ এয়া প্ৰাপ্য । তাকো যিমান পাব লাগিছিল তাতকৈ বহু কম৷ আজিৰ তাৰিখত মোৰ দৃষ্টিত চাওলুং চুকাফা অসমৰ ইনক্লুছিভ জাতীয়তাবাদ, প্ৰগতিশীল জাতীয়তাবাদৰ এজন মূল আদৰ্শ পুৰুষ৷ চুকাফাই দেখুৱাই যোৱা সমন্বয়ৰ বাটেই তোমালোকৰ বৰ্ণবাদী, সাম্প্ৰদায়িক ৰাজনীতিৰ শেষ প্ৰতিষেধক৷ সেয়েহে আজিলৈকে বাৰম্বাৰ দাবী উঠাৰ পাছতো স্বৰ্গদেউ চুকাফাৰ নামত বিশ্ববিদ্যালয় এখন দিবলৈও তোমালোক অপাৰগ নহয় জানো?

ড০ হিমন্ত বিশ্ব শৰ্মাৰ যি যি ৰাজনৈতিক অভিসন্ধিমূলক কামৰ তালিকা তুমি দাঙি ধৰিছা তাৰ বৰ্ণনা প্ৰাচীন অসমীয়া কবি হৰিবৰ বিপ্ৰই[?] দি গৈছে৷

সেয়া হ’ল –

কপাস কাটিয়া যেন শশা দেয় লৰ লোকক জানাৱে বৃক্ষ পাৰিলোহে বৰ৷

অৰ্থাৎ কপাহ গছ এডাল দাঁতেৰে কামুৰি শহাপহুৱে সকলোকে জনাই দিয়ে যে সি বৰ ডাঙৰ বৃক্ষ উভালি লৈ আহিছে৷ গতিকে তোমাৰ বক্তব্যক মই বাইবেলৰ এটা প্ৰাৰ্থনাৰে সামৰিব বিচাৰিছো–

হে ঈশ্বৰ এওঁক ক্ষমা কৰি দিয়াঁ।

এওঁ কি কৈ আছে, নিজেই বুজা নাই৷৷”

পিয়ুষ, চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ tentative list ত ২০১৩ চনত অন্তৰ্ভুক্ত হৈছিল মনত ৰাখিবা।

সাম্প্ৰদায়িকতা আৰু বৰ্ণবাদ তোমালোকৰ ৰাজনীতি। ৰাজনীতি তোমালোকৰ পেচা। ৰাজনীতি কৰি তোমালোকে ১৪ পুৰুষলৈ তোমালোকে ধন ঘটি ল’বা । কিন্তু তোমালোকৰ স্বৈৰাতান্ত্ৰিক সাম্প্ৰদায়িক-বৰ্ণবাদী বিভাজনকামী ৰাজনীতিয়ে যাতে সমগ্ৰ জাতিটোক থানবান কৰি যাব নোৱাৰে তাৰ বাবেই এক বিশেষ পৰিস্থিতিত ৰাজনীতিত জড়িত হৈছো।”প্ৰতাৰণা কৰি” , “ব্যৱহাৰ কৰি” শব্দবোৰ তোমালোকৰ ক্ষেত্ৰতহে প্ৰযোজ্য।

আমি জন্মই হৈছো ত্যাগ আৰু জনগণক সেৱাৰ বাবে।

আৰু নকওঁ দিয়া।পুনৰ কেৱল এটা কথাই দোহাৰো — সময় তোমালোকৰ পক্ষত, বহু সুযোগ তোমালোকে পাইছা, সাম্প্ৰদায়িক, বৰ্ণবাদী ৰাজনীতিৰে সমাজখন ধ্বংস নকৰি উন্নয়নৰ ৰাজনীতিৰে সময়ৰ বালিত খোজ ৰখাৰ সুযোগ লোৱাহেঁতেন সুখী হ’লোহেঁতেন।

উদ্ভণ্ডালি আৰু অতপালি এৰি জাতিৰ সেৱাত নিমজ্জিত হোৱাঁ।

ধন্যবাদেৰে—

অখিল গগৈ।

লগতে পঢ়ক- 

লখিমপুৰত "মাণ্ডলিক কৃষক সমাৰোহ-২০২৩", উপস্থিত কৃষিমন্ত্ৰী

English Summary: Akhil Gogoi & Pijush Hazarika fight in Facebook

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.