1. এগ্ৰিপেডিয়া

black Ridge gourd farming : চলিত বৰ্ষত ৫০ কুইন্টলতকৈ অধিক জিকা বিক্ৰি কৰে শৰত বৰুৱাই

PANKAJ KHANIKAR
PANKAJ KHANIKAR
black Ridge gourd farming & its benefit
black Ridge gourd farming & its benefit

আমাৰ কৃষকসকলে জিকা খেতিৰ বিষয়ে জানে আৰু বহু কৃষকেই বাৰিষা কালত  জিকা খেতি কৰে। কিন্তু আজি এই ভিডিঅ’টোত আমি নেডালেণ্ডৰ এবিধ জিকা খেতিৰ বিষয়ে আলোচনা কৰিম। অসমত এই জিকাবিধৰ খেতি কৰে তেজপুৰ জামগুৰিহাটৰ প্ৰগতিশীল কৃষক শৰত বৰুৱাই। অসমৰ মাটি আৰু জলবায়ুৰ বাবে উপযোগী নেডাৰলেণ্ডৰ এই নতুন জিকাৰ সঁচটোৰ ক’লা জিকা। অসমত প্ৰথমবাৰৰ ২০২১ বৰ্ষত উদ্যমী কৃষক শৰৎ বৰুৱাই কৰিছিল নেডাৰলেণ্ডৰ ক’লা জিকাৰ খেতি। আৰু ২ বিঘা মাটিত এই জাতৰ জিকাৰ খেতি কৰি ৩ মাহতে আঢ়ৈ লাখ টকা উপাৰ্জন কৰিছিল।

কৃষকগৰাকীয়ে জানিবলৈ দিয়া মতে, ক'লা জিকা আমাৰ থলুৱা জাততকৈ খাবলৈ ভাল আৰু ইয়াৰ উৎপাদনো বেছি। কৃষকগৰাকীয়ে ইন্টাৰনেটত প্ৰথম লক্ষ্য কৰিছিল জিকাৰ এই সঁচবিধ। আৰু ইয়াৰ বিশেষত্ববোৰ গম পোৱাৰ পাছতে অনলাইনই অৰ্ডাৰ কৰি দুবিঘা মাটিত কৃষকগৰাকীয়ে কৰিছিল কলা জিকাৰ খেতি।

চলিত বৰ্ষৰ আৰম্ভণিতে কৃষকগৰাকীয়ে প্ৰায় ছবিঘা মাটিত এই খেতি কৰিছিল আৰু ৫০ কুইন্টলতকৈ অধিক জিকা কৰি অভিলেখ সৃষ্টি কৰিছিল। এই খেতিত লাভৰ মুখ দেখাৰ পাছতে তেওঁ আন কৃষকসকলকো এইবিধ জিকাৰ খেতি কৰিবলৈ আহ্বান জনায়। জিকাৰ থলুৱা সঁচবোৰৰ যিদৰে খেতি কৰা হয় তেনেদৰেই খেতি কৰা হয় কলা জিকাৰো। থলুৱা জাতৰ জিকা খেতি কৰোঁতে যিধৰণৰ শ্ৰম আৰু ধনৰ ব্যয় হয়- সেই একেই একেই শ্ৰম আৰু খৰচ-পাতি নেডাৰলেণ্ডৰ ক’লা জিকাৰ ক্ষেত্ৰতো হয়। পাৰ্থক্য এটাই নেডাৰলেণ্ডৰ ক’লা জিকা কৰিলে উৎপাদন বেছি হয়, খাবলৈ সুস্বাদু আৰু অধিক স্বাস্থ্য উপযোগী হোৱাৰ বাবে বজাৰত ইয়াৰ মূল্য বেছি।

লগতে পঢ়ক- 

২৬০০০ হাজাৰ ×২ =৫২০০০হাজাৰ/ যদি জহা হয় ৬০০০০ হাজাৰ টকা

ক'লা জিকাৰ খেতি
ক'লা জিকাৰ খেতি

নেডাৰ ক’লাজিকাৰ খেতি কৃষকসকলে জৈৱিকভাৱে কৰিব পাৰে। কৃষক শৰৎ বৰুৱায়ো জৈৱিক ভাৱেই কলা জিকাৰ কৰি আহিছে। ৰাসায়নিকভাৱে কৰিলে খৰচ-পাতি বেছি হয় সমান্তৰালভাৱে বজাৰতো ৰাসায়নিকভাৱে উৎপাদিত শাক-পাচলিৰ দামো বেছি নাপায়। গতিকে এই জিকাৰ খেতি কৰিব বিচৰা কৃষকসকলে জৈৱিকভাৱে কৰিলে অধিক লাভান্বিত হ’ব বুলি কয় উদ্যমী কৃষকগৰাকীয়ে।

শৰত বৰুৱাৰ কলা জিকাৰ খেতি পৰিদৰ্শন কৰাৰ সময়ত তেজপুৰৰ উপায়ুক্ত
শৰত বৰুৱাৰ কলা জিকাৰ খেতি পৰিদৰ্শন কৰাৰ সময়ত তেজপুৰৰ উপায়ুক্ত

উল্লেখ্য যে সম্প্ৰতি নেডাৰলেণ্ডৰ ক’লা জিকা, নতুন প্ৰকাৰ ৰং-বিৰঙৰ ফুল কবি-কেৰটিনা, ভেলেন্টিনা, হালধীয়া তৰমুজ আদিয়ে খেতিৰে অসমৰ কৃষিখণ্ডত এক আলোড়নৰ সৃষ্টি কৰিছে শৰত বৰুৱাই। কম দিনতে ব্যতিক্ৰমী চিন্তাৰে এই নতুন জাতসমূহৰ আধুনিক পদ্ধতিৰে খেতি কৰি সফলতা লাভ কৰাৰ লগতে আৰু নিজৰ কৃতিত্ব দাঙি ধৰিছে শৰত বৰুৱাই। উল্লেখ্য যে কোনো আগ্ৰহী কৃষকে যদি নেডাৰলেণ্ডৰ ক’লাজিকাৰ খেতি কৰিব বিচাৰে আৰু এই বিষয়ে জানিব বিচাৰে শৰৎ বৰুৱাৰ লগত যোগাযোগ কৰিব পাৰে। শৰৎ বৰুৱাৰ লগত যোগাযোগ কৰিব পাৰিব এই নম্বৰত- ৮৮৭৬৩৪৮৮৬৮। 

লগতে পঢ়ক- 

Livestock and Poultry Fair : ৫ পৰা ৭ জানুৱাৰীলৈ পশুধন আৰু হাহঁ-কুকুৰা মেলা

English Summary: black Ridge gourd farming & its benefit

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.