1. News

কামৰূপ জিলাৰ আঠিয়াবৈত ৰিণিকি ভূঞাৰ সৈতে ‘ন’ খালে অতুল বৰাই

PANKAJ KHANIKAR
PANKAJ KHANIKAR
কামৰূপ জিলাৰ আঠিয়াবৈত ৰিণিকি ভূঞাৰ সৈতে ‘ন’ খালে অতুল বৰাই
কামৰূপ জিলাৰ আঠিয়াবৈত ৰিণিকি ভূঞাৰ সৈতে ‘ন’ খালে অতুল বৰাই

শুকুৰবাৰে কামৰূপ জিলাৰ আঠিয়াবৈত অসম প্ৰদেশ কৃষক মৰ্চাৰ উদ্যোগত আৰু "আকাংক্ষা" কৃষি গোটৰ সহযোগত আয়োজিত "ন-খোৱা" লোক উৎসৱত ভাগ ল’লে  কৃষি মন্ত্ৰী অতুল বৰা আৰু মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞাই। লগতে উপস্থিত থাকে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ কৃষক মৰ্চা আৰু আকাংক্ষা কৃষি গোটৰ সদস্য প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল আৰু কৃষক ৰাইজ।

নখোৱাস্থলীত উপস্থিত হৈ কৃষিমন্ত্ৰীগৰাকীয়ে কয়- খেতিয়কসকলৰ বাবে এই সময়ছোৱা প্ৰত্যাশা আৰু সমৃদ্ধিৰ। এই মধুৰ সময়ছোৱাতে কৃষক ৰাইজে পথাৰৰ সোণগুটি ঘৰলৈ চপাই আনে। নতুন ধানৰ নতুন চাউলেৰে মিলিজুলি এসাঁজ খোৱাৰ অনন্য "ন-খোৱা" পৰম্পৰাই আমাৰ লোকসংস্কৃতিৰ পথাৰখন চহকী কৰি ৰাখিছে আৰু সমাজৰ একতা সুদৃঢ় কৰি আহিছে।

লগতে পঢ়ক- 

Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক

লগতে কৃষিমন্ত্ৰীগৰাকীয়ে ন-খোৱাস্থলীৰ সমীপতে থকা কৃষি পথাৰ পৰিদৰ্শন কৰি কয়- আজিৰ এই ন-খোৱা উৎসৱস্থলীৰ সমীপতে প্ৰায় ২০০০ বিঘাতকৈও অধিক মাটিত কৰা সৰিয়হৰ খেতিৰ লগতে হাঁহ-কুকুৰাৰ ফাৰ্ম, মৌপালন, মীনপালনৰ পুখুৰী আদি পৰিদৰ্শন কৰাৰ উপৰি আলু ৰোপণ কাৰ্যসূচীতো অংশগ্ৰহণ কৰোঁ।

ইফালে, আধুনিকতাৰ ধামখুমীয়াৰ মাজতো চহা জীৱনক জীপাল কৰি অহা "ন-খোৱা"ৰ এই আনন্দপূৰ্ণ পৰম্পৰাক ধৰি ৰাখিবলৈ অসম প্ৰদেশৰ কৃষক মৰ্চা আৰু "আকাংক্ষা" কৃষি গোটৰ সদস্যসকলৰ প্ৰচেষ্টাক শলাগ লয় কৃষিমন্ত্ৰীগৰাকীয়ে।

লগতে পঢ়ক- 

আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা

English Summary: Atul Bora participated the 'Na Khawa' festival at Kamrup

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.