Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 17 October, 2022 12:25 PM IST
Assam lemon to be available in delhi

দিল্লীকে ধৰি দেশৰ চাৰিখন মহানগৰত বিয়পি পৰিল অসমৰ কাজিনেমুৰ সুগন্ধ। দিল্লীত আৰম্ভ হ’ল কাজি নেমুৰ বিশ্বমুখী যাত্ৰা। অসম চৰকাৰৰ উদ্যানশস্য সঞ্চালকালয়ে ১৫ অক্টোবৰৰপৰা আনুষ্ঠানিকভাৱে কাজি নেমুৰ প্ৰ’ম’শ্যনৰ কাম আৰম্ভ কৰে। ১৫ অক্টোবৰত ৰাষ্ট্ৰীয় ৰাজধানী দিল্লী স্থিত দিল্লী হাটত ইয়াৰ আৰম্ভণি কৰে অসম চৰকাৰৰ উদ্যানশস্য সঞ্চালকালয়ে। ১৫ তাৰিখৰপৰা অসমৰ কাজিনেমু দিল্লীৰ উপৰি আন ৩ খন মহানগৰত উপলব্ধ হ’ব।

এতিয়াৰেপৰা হায়দৰাবাদ, পুনে আৰু বেংগালুৰুতো নিৰ্দিষ্ট স্থানৰপৰা কাজিনেমু ক্ৰয় কৰিব পৰা যাব। এই কথা টুইটাৰযোগে প্ৰকাশ কৰিছে অসম উদ্যানশস্য বিভাগৰ সঞ্চালক ত্ৰিৰংগ ভাৰতীয় বৈশ্যই। ১৩ অক্টোবৰৰ এটা টুইটত বিষয়াগৰাকীয়ে কয়, ‘অসমৰ কাজীনেমু উৎপাদন কৰা কৃষক ৰাইজৰ আশীৰ্বাদ শিৰত লৈ উদ্যানশস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়ৰ সমুহ বিষয়াই দেশৰ চাৰিখন চহৰত কাজি নেমু জনপ্ৰিয় কৰাৰ অভিজানত ভাগ লৈছে৷ দিল্লীলৈ নেমুৰ প্ৰথম Consignment লৈ Air India ৰ বিমান পৰহিলৈ ৰাওনা হ’ব।‘

উল্লেখ্য যে সুকীয়া সুগন্ধ, আকাৰ আৰু সোৱাদৰ বাবে অসমৰ কাজিনেমুৰ এক বিশেষ পৰিচয় আছে। শেহতীয়াকৈ ইয়াৰ উতপাদন বৃদ্ধি আৰু প্ৰচাৰৰ বাবে কেইবাটাও পদক্ষেপ হাতত লৈছে অসম চৰকাৰে। ভৌগোলিক ইণ্ডিকেচন (জি আই) টেগ থকা কাজি নেমুৱে অসমৰ ক্ষুদ্ৰ ভূমি-মালিক কৃষকসকলৰ বাবে উপাৰ্জনৰ নতুন পথ মুকলি কৰি দিছে। ৰাজ্যখনে প্ৰতি বছৰে এক লাখ টনতকৈও অধিক নেমুৰ প্ৰকাৰ উৎপাদন কৰে। অসমৰ ডিব্ৰুগড় জিলা হৈছে কাজিনেমুৰ সৰ্বাধিক উৎপাদক। আৰু এতিয়া অসমৰ ভিতৰুৱা গাঁওসমূহত উৎপাদিত নেমুৰ সোৱাদ সমগ্ৰ  ভাৰতবৰ্ষৰ লগতে  বহিঃৰাষ্ট্ৰৰ গ্ৰাহকসকলেও লাভ কৰিবলৈ সক্ষম হ’ব৷ অলপতে বাক্সাৰ কৃষকে লণ্ডনলৈ কাজি নেমু ৰপ্তানি কৰি বাতৰিৰ শিৰোনাম দখল কৰিছিল।

নীলাচল এগ্ৰ’ কোম্পানীৰ উদ্যোগত বাগসা জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ পৰা প্ৰথম ‘কনছাইনমেণ্ট’ত ছয়শ কিলোগ্ৰাম নেমু লণ্ডনলৈ প্ৰেৰণ কৰা হয় ৷ এই কাৰ্যৰ আৰম্ভ কৰে বাগসা জিলাৰ উপায়ুক্ত আয়ুষ গাৰ্গে ৷ আনহাতে জানিব পৰা মতে, নীলাচল এগ্ৰ’ কোম্পানীৰ লগত ইতিমধ্যে বৃহত্তৰ গাতি অঞ্চলৰ সাতশ নেমু খেতিয়ক পঞ্জীভুক্ত হৈছে আৰু প্ৰায় ১৫০০ খেতিয়ক লাহে লাহে কোম্পানীটোক সহযোগৰ বাবে আগবাঢ়ি আহি আছে৷ অসমৰ কাজি নেমু অতি ৰসাল আৰু অতি সুগন্ধিযুক্ত I পুৰঠ হোৱা পিছত হালধীয়া ৰঙৰ হৈ পৰে।বৰ্তমান কাজি নেমুৰ বৰ্ধিত জনপ্ৰিয়তাৰ বাবে লণ্ডনলৈ ৰপ্তানি কৰাৰ প্ৰস্তুতি চলোৱা হৈছে, কিয়নো অসমৰ এইবিধ নেমুৰ প্ৰজাতিয়ে বিদেশী বজাৰত অধিক নাম আৰু খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ’ব।

লগতে পঢ়কঃ বান্দৰৰ উপদ্ৰৱ নে চৰকাৰী আঁচনিৰ ছাইড এফেক্ট! অসমত কৃষি উৎপাদন কমিছে কিয়?

English Summary: Assam lemon to be available in delhi
Published on: 17 October 2022, 12:25 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now