Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 7 February, 2023 4:19 PM IST
অসম গৌৰৱ সৰ্বেশ্বৰ কটকী

কৃষি কৰ্মৰ জৰিয়তে বিপ্লৱ আনিবলৈ সক্ষম হোৱা আদৰ্শ কৃষক সৰ্বেশ্বৰ বসুমতাৰীয়ে লাভ কৰিলে অসম চৰকাৰৰ স্বীকৃতি। কঠোৰ পৰিশ্ৰমেৰে সেউজীয়াৰ সপোন দেখা সৰ্বেশ্বৰ বসুমতাৰীলৈ অসম চৰকাৰে আগবঢ়াইছে ২০২২ বৰ্ষৰ বাবে ''অসম গৌৰৱ বঁটা''। সন্মিলিত কৃষি পদ্ধতিৰে কৃষি কৰ্ম কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল সৰ্বেশ্বৰ বসুমতাৰীয়ে।

একেদৰা মাটিতে কল, তামোল, কমলা, জলকীয়া, লিচু, নেমু আদি সন্মিলিতভাৱে ৰোপণ কৰি তেওঁ কৃষি কাৰ্যৰ ব্যয় সংকোচন কৰাৰ লগতে অধিক লাভ অৰ্জন কৰিবলৈ সক্ষম হৈছে। বছৰটোৰ অধিকাংশ সময় তেওঁ এই কৃষি কাৰ্য কৰিয়ে উপাৰ্জনৰ বাট মুকলি কৰিছে।

এজন প্ৰগতিশীল কৃষক হিচাপে পৰিচিত সৰ্বেশ্বৰ বসুমতাৰীয়ে বৰ্তমান সময়ত কৃষি বিভাগৰ পৰামৰ্শ অনুসৰি ড্ৰীপ ইৰিগেশ্যন, স্প্ৰীলাৰ ইৰিগেশ্যন আদিৰ দৰে নতুন নতুন কৃষি প্ৰযুক্তি ব্যাৱহাৰ কৰি ১০০ বিঘাৰো অধিক ভূমিত ধানৰ লগতে তামোল, কল, মাকৈ, জলকীয়া, হালধী, নেমু আৰু বিভিন্ন প্ৰকাৰৰ পাচলিৰ খেতি কৰি আহিছে।

সৰ্বেশ্বৰ বসুমতাৰীয়ে কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বী হৈ জনপ্ৰিয়তা অৰ্জন কৰাৰ লগতে বহু লোকক সংস্থাপন দিবলৈ সক্ষম হৈছে। নতুন নতুন উদ্ভাৱনী কৃষি পদ্ধতিৰে সফলতা লাভ কৰা কৃষকগৰাকীয়ে দেশৰ বিভিন্ন ৰাজ্যৰ লগতে বিদেশৰ পৰাও সন্মান লাভ কৰিছে।

লগতে পঢ়ক- 

‘‘সপোনত উপনীত হ’বলৈ টকাতকৈ সু-পৰিকল্পনাৰ বেছি প্ৰয়োজন’’- ধনীৰাম চেতিয়া

English Summary: Asom gourav Sarbeswar basumatary & His farm system
Published on: 07 February 2023, 03:50 IST