 
            আধুনিক যুগত নতুন নতুন ধৰণে সাৰ তৈয়াৰ কৰা হয়। কিন্তু আপুনি জানি আচৰিত হ'ব যে এতিয়া মানুহৰ মৃতদেহৰ পৰাও পচন সাৰ প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। মানৱ শৱদেহক কম্পোষ্ট কৰাৰ প্ৰক্ৰিয়াটোক মানৱ সাৰ বুলি কোৱা হয়।
নিউয়ৰ্ক চহৰত মৃত মানৱ শৰীৰৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে এক পৰিৱেশ-অনুকূল পদ্ধতি অনুমোদিত কৰা হৈছে। পৰিৱেশ-অনুকূল প্ৰকাৰে মানৱ শৰীৰক ‘Natural organic reduction' প্ৰক্ৰিয়ালৈ নিয়া হয়। যাৰ ফলত মানৱ শৰীৰ কোমল কলাৰ দৰে পদাৰ্থলৈ ৰূপান্তৰিত হয়। এই প্ৰক্ৰিয়াটোত প্ৰায় ৩০ দিন সময় লাগে।
বিশেষজ্ঞসকলৰ মতে, মানুহৰ মৃতদেহৰ পৰা উৰ্বৰ মাটি তৈয়াৰ কৰাৰ এই পদ্ধতিটো সুৰক্ষিত বুলি গণ্য কৰা হৈছে। মানুহৰ মৃতদেহৰ সাৰৰ দ্বাৰা বেছিভাগ বীজাণু ধ্বংস হয়। কিছুমান ৰোগ আছে যাৰ পৰা যদি এজন ব্যক্তিৰ মৃত্যু হয়, তেন্তে মৃতদেহক মাটিলৈ ৰূপান্তৰ কৰাৰ প্ৰক্ৰিয়া কৰিব নোৱাৰি।
২০১৯ চনত ৱাশ্বিংটন মানৱ সাৰ প্ৰস্তুতকৰণৰ অনুমোদন দিয়া প্ৰথম ঠাই হিচাপে পৰিগণিত হয়, যাৰ পাছত কেলিফৰ্ণিয়া, কলোৰাডো, নিউয়ৰ্ককে ধৰি আমেৰিকাৰ বহুতো চহৰত মানৱ সাৰ প্ৰস্তুতকৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হয়। মানৱ সাৰৰ এই প্ৰক্ৰিয়াটোৱে পৰিৱেশ অনুকূল বিকল্প হিচাপে জনপ্ৰিয়তা লাভ কৰিছে। ২০১৯ চনত, ৱাশ্বিংটন মানৱ সাৰ প্ৰস্তুত কৰা কাৰ্যক অনুমোদন দিয়া প্ৰথম আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজ্য হিচাপে পৰিগণিত হয়। ইয়াৰ পিছত, এই প্ৰক্ৰিয়াটো কেলিফৰ্ণিয়া, ভাৰমণ্ট, নিউয়ৰ্ক, অৰেগন আৰু কলোৰাডোতো গ্ৰহণ কৰা হৈছে।
লগতে পঢ়কঃ এইবিধ বিদেশী শস্যৰ খেতি কৰি অসমৰ খেতিয়কেও ঘটিব পাৰে লাখে লাখে টকা
 
                     
                     
                     
                     
                                         
                                             
                                             
                         
                         
                         
                         
                        
Share your comments