1. News

লামডিঙত কম্বলৰ অভাৱত মৃত্যুক সাবতিলে দুই মগনীয়াই

KJ Staff
KJ Staff
Begger's death
Begger's death

বৃহস্পতিবাৰে পুৱা তীব্ৰ ঠাণ্ডাৰ ফলত অসমৰ হোজাইৰ লামডিং ৰে'লৱে জংচনত এগৰাকী মহিলাসহ দুজন লোকক মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। জানিব পৰা মতে এক নম্বৰ প্লেটফৰ্মত কম্বল আৰু গৰম কাপোৰৰ অভাৱৰ বাবে নিশা শুই থকা অৱস্থাতে লোককেইজনৰ মৃত্যু হয়।

হয়। মৃত লোক দুজনে দীৰ্ঘদিন ধৰি ভিক্ষা কৰি লামডিং জংচনত বাস কৰি আছিল। ভিক্ষাৰীকেইজনে কঠোৰ ঠাণ্ডা সহ্য কৰিব পৰা নাছিল আৰু ইয়াৰ ফলত তেওঁলোকৰ মৃত্যু হৈছিল।

উল্লেখ্য যে, বিগত কেইটামান দিনত ৰাজ্যখনত তাপমাত্ৰা যথেষ্ট হ্ৰাস পাইছে। শীতৰ ফলত ১ জানুৱাৰীৰ দিনাও এজন যুৱকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছিল।

যুৱকজনক গুৱাহাটীত তেওঁৰ শোৱা কোঠাত ৰহস্যজনক পৰিস্থিতিত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল। শোণিতপুৰ জিলাৰ এমিল মুৰ্মু নামৰ যুৱকজনে আদাবাৰীৰ "মা" ৰেষ্টুৰেণ্টত ৰান্ধনী হিচাপে কাম কৰিছিল।

লগতে পঢ়কঃ ১০০ বিঘা মাটিত সমন্বিত খেতি কৰা সৰ্বেশ্বৰ বসুমতাৰীলৈ অসম গৌৰৱ সন্মান

English Summary: Two found dead at Lumding railway station due to severe cold condition

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.