1. এগ্ৰিপেডিয়া

Water Management in Agriculture Sector: কৃষি ক্ষেত্রত জল ব্যৱস্হাপনা

KJ Staff
KJ Staff
Water Management in Agriculture Sector
Water Management in Agriculture Sector

পানীয়েই প্ৰানীৰ প্ৰাণ। পানী অবিহনে জীব ও উদ্ভিদজগতৰ জীৱন অসাৰ। শস্যৰ পৰিপুষ্টি তথা সালোক সংশ্লেষণকে ধৰি সকলো জৈৱ ৰাসায়নিক প্রক্রিয়াতে গানী অপৰিহাৰ্য। সেয়ে শস্য উৎপাদনৰ ক্ষেত্ৰত উপযুক্ত পদ্ধতিৰে উচিত সময়ত উপযুক্ত পৰিমাণত জলব্যৱস্হাপনাৰ জৰিয়তে সন্তোষজনক উৎপাদন আশা কৰিব পাৰি।

কৃষক আৰু পশুপালকসকলে পানী ব্যৱহাৰ কৰাৰ মূল দুটা উপায় আছে:

১) বৰষুণৰ পানীৰ ওপৰত নিৰ্ভৰ কৰা অথবা

২) জলসিঞ্চনৰ ব্যৱস্থা কৰা

অকল বৰষুণৰ পানীৰ ওপৰতে নিৰ্ভৰ কৰি কৃষিকাৰ্য্য কৰিলে বৰষুণ কমিলে পানীৰ নাটনিৰ ফলত উৎপাদন যথেষ্ট পৰিমাণে কমি যায়, সেয়ে কৃষকসকলে কৃত্রিম জলসিঞ্চনৰ ব্যৱস্থা কৰিবলগীয়া হয়। সাধাৰণতে বৰষুণ অনিয়মিত বা শুকান সময়ত বা খৰাং হোৱাৰ সম্ভাৱনা থকা অঞ্চলত জলসিঞ্চন ব্যৱহাৰ কৰা হয়। জলসিঞ্চনৰ ব্যৱস্থাত সমগ্ৰ পথাৰখনলৈ সমান পৰিমাণত পানী যোগান ধৰা হয়।

জলসিঞ্চনৰ প্রকাৰ

সাধাৰণতে ব্যৱহাৰ কৰা কিছুমান জলসিঞ্চনৰ ব্যৱস্থা হ'ল

১)ভূমিৰ উপৰিভাগত বা পৃষ্ঠন জলসিঞ্চন

এই ব্যৱস্থাত মাধ্যাকর্ষণ শক্তিৰ দ্বাৰা ভূমিৰ ওপৰেৰে পানী বিতৰণ কৰা হয়, ইয়াৰ লগত কোনো যান্ত্রিক

পাম্প জড়িত নহয়।

2)স্থানীয় জলসিঞ্চন

পানী কম চাপত, পাইপৰ নেটৱৰ্কৰ জৰিয়তে বিতৰণ কৰা হয় আৰু প্ৰতিটো উৎপাদন ক্ষেত্ৰতে প্ৰয়োগ কৰা হয়।

৩) ড্রিপ জলসিঞ্চন

এক প্ৰকাৰৰ স্থানীয় জলসিঞ্চন য'ত গছৰ শিপাৰ ওচৰত পানীৰ টোপাল প্ৰয়োগ কৰা হয়। এই ধৰণৰ জলসিঞ্চনত বাষ্পীভৱন আৰু পানীৰ অপচয় কম হয়। সাধাৰণতে উদ্যান শস্য যেনে কাজিনেমুৰ ক্ষেত্ৰত এনেদৰে পানীৰ ব্যৱস্থা কৰা হয়

৪)স্প্রিংকলাৰ জলসিঞ্চন

এই ব্যৱস্থাত পথাৰত কোনো কেন্দ্ৰীয় স্থানৰ পৰা বা চলন্ত মঞ্চত থকা স্প্রিংকলাৰৰ পৰা ওপৰৰ উচ্চ চাপৰ স্প্রিংকলাৰ বা বন্দুকৰ দ্বাৰা পানী বিতৰণ কৰা হয়। সাধাৰণতে চাহখেতি আৰু উদ্যান শস্যৰ ক্ষেত্ৰত এনেদৰে পানীৰ ব্যৱস্থা কৰা হয়

৫)পার্শ্বীয় স্থানান্তৰ জলসিঞ্চন

পানী বিতৰণ কৰা হয় ধাৰাবাহিক পাইপৰ জৰিয়তে, প্ৰত্যেকৰে এটা চকা আৰু স্প্রিংকলাৰৰ গোট থাকে, যিবোৰ হয় হাতেৰে বা উদ্দেশ্যপ্ৰণোদিতভাৱে নির্মিত ব্যৱস্থাৰে ঘূৰাই দিয়া হয়। স্প্রিংকলাৰবোৰে পথাৰখনৰ ওপৰেৰে নিৰ্দিষ্ট দূৰত্বলৈ গতি কৰে আৰু তাৰ পিছত পৰৱৰ্তী দূৰত্বৰ বাবে পানীৰ নলী পুনৰ সংযোগ কৰিব লাগিব। এই ব্যৱস্থাটো কম খৰচী যদিও আনতকৈ অধিক শ্ৰমৰ প্ৰয়োজন হয়।

Water Management in Agriculture Sector
Water Management in Agriculture Sector

৬) উপ-জলসিঞ্চন

পাম্পিং ষ্টেচন, খাল, গেট, খাদৰ ব্যৱস্থাৰ জৰিয়তে পানীৰ স্তৰ ওপৰলৈ তুলি ভূমিত পানী বিতৰণ কৰা হয়। পানীৰ স্তৰ বেছি থকা অঞ্চলত এই ধৰণৰ জলসিঞ্চন অধিক ফলপ্রসূ

৭) হাতেৰে জলসিঞ্চন কৰা

হাতৰ শ্ৰম আৰু পানীৰ কেনৰ জৰিয়তে মাটিৰ মাজেৰে পানী বিতৰণ কৰা হয়। এই ব্যৱস্থাটো অতি শ্রমসাধ্য।

কৃষিক্ষেত্ৰত জলসিঞ্চন এনেকৈ কৰিব লাগে যাতে শস্য আৰু জীৱজন্তুৱে প্ৰয়োজন অনুপাতে পানী লাভ কৰি উৎপাদনশীলতা বৃদ্ধি কৰে, লগতে অন্যান্য ব্যৱহাৰকৰ্তা আৰু পৰিৱেশ তন্ত্ৰৰ কাৰনে প্রাকৃতিক সম্পদসমূহো সংৰক্ষিত হৈ থাকে। কৃষকে জলব্যৱস্হাপনা বুলি কলে অকল খেতিডৰাত পানী যোগান বা জলসিঞ্চনৰ কথাহে বুজি পায় কিন্তু জলব্যৱস্হাপনাত পানী দিয়াৰ লগতে অতিৰিক্ত পানীৰ সমস্যা সমাধান, সীমিত সম্পদৰে পানী যোগান, পানী যোগান পদ্ধতি, সঠিক সময়, পানী যোগানৰ ফলত হব পৰা আনুসংগিক বিসংগতি যেনে লৌহ বিষক্রিয়া আদি বিষয় জড়িত হৈ থাকে৷

অসমৰ কৃষকে সীমিত জলসিঞ্চনৰ সুবিধাৰ কাৰণে নৈ, বিল, জলাহ আদিৰ লগতে বৰষুনৰ পানীৰ ওপৰত নিৰ্ভৰশীল। এই পানীবোৰ শস্যৰ বাবে উপযোগী কিন্তু মাটিৰ তলৰ পৰা নলী নাদৰ জৰিয়তে উলিওৱা পানীত অঞ্চলভেদে লোৰ পৰিমান বেছি থকাৰ হেতু লৌহ বিষক্ৰিয়াৰ জৰিয়তে শস্যৰ ক্ষতি কৰিব পাৰে গতিকে “সুজল ববিষণা, সুপুৰুষ কিবিষণা” মানে বৰষুণৰ পানী উত্তম আৰু কৃষক হৈছে সুপুৰুষ" আপ্তবাক্যশাৰী সাৰোগত কৰি বৰষুণৰ পানীটুপিৰ সদব্যৱহাৰ কৰিব লাগে। ইয়াৰোপৰি সাম্প্ৰতিক কালত অনাবৃষ্টি, অতিবৃষ্টি, প্রচণ্ড গৰম আদিৰ ওপৰত নিৰ্ভৰ কৰি বতৰ চাই কঠীয়া পেলাব লাগে। বর্তমান যুগত মহামূল্যবান সম্পদ হিচাপে পৰিগণিত হোৱা জলসম্পদ শস্যক্ষেত্ৰত ব্যৱহাৰ কৰোতে লোকচান কেনেদৰে কমাব পাৰি তাৰ বাবে নিম্নোক্ত সাবধানতাখিনি অৱলম্বন কৰা উচিত–

১) শস্যত কেতিয়া, কিমান পৰিমাণত আৰু কি পদ্ধতিৰে পানী যোগান ধৰা উচিত তাৰ বিষয়ে সম্যক ধাৰণা আহৰণ কৰি লব লাগে।

২) শস্যডৰা অতিমাত্ৰা ডাঙৰ বা সৰু হ'ব নালাগে। মাটিডৰাৰ উপৰিভাগ সমান হোৱাৰ লগতে চাৰিওফালে আলি থাকিব লাগে ।

৩) পানী যোগানৰ উৎসৰ পৰা পানী যোগান ধৰিবলগীয়া শস্যডৰালৈ পানী যোৱা নলা চুটি হ'ব লাগে। পাৰিলে নলাটোত পলিথিন পাৰি দিব লাগে যাতে পানীৰ অপচয় নহয়। পানী যোগানৰ সময়ত সদায় নলাবোৰ মেৰামতি কৰি ল'ব লাগে সদায় উৎসৰ পৰা আটাইতকৈ দূৰত থকা মাটিডৰাত প্ৰথমে পানী দিব লাগে আৰু ক্ৰমান্বয়ে উৎসৰ ওচৰৰ মাটিবোৰত পানী দিব লাগে ।

বিভিন্ন শস্যত পানী প্রয়োগৰ বিধি:

বিভিন্ন শস্যৰ বাবে পানীৰ প্ৰয়োজনীয়তা ভিন্ন ভিন্ন। ধানজাতীয় শস্য যেনে ধান, ঘেঁহু, গোমধান আদিৰ বাবে জলব্যৱস্হাপনা অতিকৈ গুৰুত্বপূৰ্ণ। অসমত শালি ধানৰ খেতিৰ সময়ত যথেষ্ট পৰিমাণৰ বৰষুণ হয় যদিও বৰো আৰু আহ বতৰত জলসিঞ্চনৰ সুবিধা থকা অঞ্চলতহে ধানখেতি কৰিব পৰা যায়৷

ধানজাতীয় শস্য যেনে- ধান ঘেহু, গোমধান আদি শস্যৰ শিপা মাটিৰ বেছি তললৈ যাব নোৱাৰে, যিহেতু ইহঁতৰ শিপাবোৰ গুচ্ছমূলৰ হয়। এনেবোৰ শস্যৰ পানীৰ প্ৰয়োজনীয়তা বেছি। আনহাতে মাহজাতীয় বা তৈল  বীজজাতীয় শস্যৰ মূলশিপাডাল মাটিৰ যথেষ্ট গভীৰলৈ যাব পাৰে ফলত মাটিৰ নিম্নস্তৰৰ পৰাও পানী শোষণ কৰিব পাৰে।

ক) ধান খেতিৰ জলব্যৱস্থাপনা:

অসমৰ ধানখেতিৰ জলব্যৱস্হাপনা সাধাৰণতে বৰষুণ আৰু বতৰৰ ওপৰত নিৰ্ভৰশীল। বহুসময়ত দেখা যায় যে সময়োচিত বৰষুণৰ অভাৱত আহু, বৰো খেতিৰ উপৰিও শালি খেতিৰ বতৰতো কঠীয়া পৰা পলম হয় আৰু শ্রীবৃদ্ধিও হ্রাস পায়। যিহেতু কঠীয়াতলীৰ যতন নোৱাতো ধান উৎপাদনৰ অন্যতম গুৰুত্বপূৰ্ণ দিশ, সেইকাৰণে কঠীয়াতলিখন যাতে সদায় জীপাল হৈ থাকে তাৰবাবে কঠীয়া সিচাৰ ২- ৩ দিনৰ পাছৰ পৰাই পাতলীয়া গভীৰতাৰ পানী ২–৩ দিনৰ ব্যৱধানত প্ৰয়োগ কৰা উচিত। দুখন কঠীয়াতলীৰ মাজৰ অংশটো কিছু পৰিমাণে দ' কৰি নলা আকৃতিৰ কৰা উচিত, যাতে পানী যোগানৰ সময়ত অতিৰিক্ত পানী নলাত জমা হৈ তলিখন ২-৩ দিনলৈ জীপাল কৰি ৰখাত সহায় কৰে ।ইয়াৰোপৰি কঠীয়া তোলাৰ সময়ত শিপাবোৰৰ যাতে অনিষ্ট নহয়, তাৰবাবে ২–৩ দিনৰ আগৰে পৰা তলিত ১–১-৫ ইঞ্চি পানী থকাতো বাঞ্চনীয়।

মূলপথাৰতো কঠীয়া ৰোৱাৰ ২–৩ দিনৰ পাচত ৫ ইঞ্চি গভীৰতাৰ পানী প্ৰয়োগ কৰা উচিত। এই পানীখিনি শুকাই যোৱাৰ ৩দিনৰ পাচত পূনৰ একে গভীৰতাৰ পানী প্ৰয়োগ কৰা উচিত। এনেদৰে পানী যোগান ধান চপোৱাৰ ১৫-২০ দিনৰ আগলৈকে অব্যাহত ৰাখিব লাগে। মনত ৰখা উচিত যে বৰষুণ হ'লে বৰষুণৰ পানীখিনিও জলসিঞ্চনৰ পানীৰ দৰে শুকাই যোৱাৰ পৰা ৩দিনৰ পাছতহে পুনৰ জলসিঞ্চনৰ প্ৰয়োজন হয়। এনেদৰে পানী যোগান ধৰিলে আহুধানত ৮–১২ টা আৰু বৰোধানত ১৬–২০ টা জলসিঞ্চনৰ প্ৰয়োজন হয়। অৱশ্যে শালিধানৰ বতৰত বৰষুণ যথেষ্ট বেছি হয় বাবে দুটা জলসিঞ্চনৰ ব্যৱধান বেছি আৰু ৩-৫ টাতকৈ অধিক জলসিঞ্চনৰ আৱশ্যক নহয়। সেইদৰে বানপীড়িত অঞ্চলত কৰা শেহতীয়া শালিধানৰ বাবে ২-৩ টা জলসিঞ্চন প্রয়োগ কৰাটো অতি প্রয়োজন হৈ পৰে। এনে শেহতীয়া শালিধানৰ শস্যকালৰ পোখা মেলা, মণিধৰা আৰু ফুলাৰ সময়ত মুঠ দুইবাৰ পানী যোগান ধৰিব পাৰিলেই অধিক উৎপাদন আশা কৰিব পাৰি।

খ) ঘেঁহখেতিৰ জলব্যৱস্হাপনা:

এই শসাৰ কৃষিকালত ৫ ছে. মি. গভীৰতাত হোৱাকৈ দুবাৰ জলসিঞ্চনৰ প্ৰয়োজন প্ৰথমবাৰ সিঁচাৰ পৰা ২০-২২ দিনৰ পিছত বা মুকুট শিপা ওলোৱাৰ পিছত আৰু দ্বিতীয়বাৰ ফুল ফুলাৰ সময়ত প্ৰয়োগ কৰিব লাগে। যদি কৃষকসকলৰ ওচৰত মাথো এবাৰহে পানীযোগানৰ সুবিধা থাকে ভেঙে সিঁচাৰ পৰা ২০-২২ দিনৰ পিছত বা মুকুট শিপা ওলোৱাৰ পিছত পানীযোগান ধৰিব লাগে। বীজ সিঁচাৰ সময়ত খৰাং সদৃশ পৰিস্থিতিৰ সৃষ্টি হ'লে সিঁচাৰ ৩-৪ দিন আগেয়ে এবাৰ পানী যোগান ধৰিব পাৰিলে বীজ অংকুৰণত সহায়ক হয়।

গ) গোমধানৰ জলব্যৱস্থাপনা:

১) ৰবি গোমধান:

ইয়াৰ শস্যকালত ৫ ছে. মি. গভীৰতাত তিনিটা জলসিঞ্চনৰ প্ৰয়োজন হয়। প্ৰথমটো ৩-৫ দিনীয়া অৱস্হাত, দ্বিতীয়টো গছৰ উচ্চতা আঁঠুৰ সমান হ'লে আৰু তৃতীয়টো ফুলাৰ সময়ত জাতৰ ভিন্নতা আৰু কৃষিকাল অনুযায়ী এই সময়বোৰ ভিন্ন ভিন্ন হয় যদিও তিনিওটা সময়তে পানী যোগানৰ ব্যৱহা কৰি উৎপাদন বৃদ্ধি কৰিব পাৰি।

২)গ্রীষ্ম বা বর্ষাকালীন গোমধান:

এই খেতি প্রধানত: বৰষুণৰ ওপৰত নিৰ্ভৰশীল সেয়ে জলসিঞ্চনতকৈ জলনিষ্কাশনৰ ওপৰতহে বেছি গুৰুত্ব প্ৰদান কৰিব লাগে । তথাপিও শস্যৰ মাইকী ফুল ওলোৱাৰ সময়ত আৰু গুটি ধৰিবলৈ নোৱাৰ সময়ত মাটিৰ জীপ কমি আহিলে পানী যোগান ধৰিবলগীয়া হয় যিহেতু বৰ্ষাকালীন গোমধানৰ কৃষিকাল বৰষুণৰ অতিৰিক্ত পানীখিনি নিষ্কাশনৰ প্ৰয়োজনীয়তা অধিক সেইকাৰণে গোমধানৰ গুটিবোৰ ভেটি কৰি শাৰী শাৰীকৈ সিঁচিব লাগে লগতে পথাৰডৰাত প্ৰায় ৬মিটাৰ আঁতৰে আঁতৰে এফুট বহন আৰু আধাফুট দ' নলা খান্দি অতিৰিক্ত পানী নিষ্কাশনৰ কাৰনে আগতীয়াকৈ ব্যৱস্থা কৰিব লাগে। বহুসময়ত বৰ্ষাকালীন গোমধানত আগতীয়াকৈ জলনিষ্কাশনৰ ব্যৱস্হা নকৰাৰ ফলত সম্পূর্ণ খেতিডৰা নষ্ট হৈ যায়।

ঘ) বিলাহী, বেঙেনা, ব্রকলী, ধনীয়া আৰু জলকীয়া:

মূলপথাৰত পুলি ৰোপন কৰাৰ পিছতে লগে লগে প্ৰথমবাৰ পানী যোগান ধৰিব লাগে, তাৰপিছত ১৫ দিনৰ ব্যৱধানত ৪ছে. মি. গভীৰতাত শাৰীবিলাকত জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে উপযুক্ত পৰিমাণে। এইদৰে পানী যোগান ধৰিলে পানী অপচয় কম হোৱাৰ লগতে উৎপাদন ১৯-৩২ শতাংশলৈকে বৃদ্ধি হ'ব পাৰে ৷

ঙ)কুঁহিয়াৰ:

৬ছে.মি গভীৰতাত এপ্ৰিল, অক্টোবৰ আৰু নবেম্বৰ মাহত তিনিবাৰ জলসিঞ্চনৰ ব্যৱস্থা কৰিলে ৩১ শতাংশলৈকে উৎপাদন বৃদ্ধি হ'ব পাৰে ।

চ) সৰিয়হ:

৬ছে.মি গভীৰতাত ৫০ শতাংশ ফুল ফুলাৰ সময়ত অথবা চেই ধৰাৰ সময়ত এবাৰ জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে। এই সময়চোৱাত ২০-২৫ মি.মি. পর্যন্ত বৰষুণ হ'লে পানী যোগানৰ প্ৰয়োজন নহয়। গুটি সিঁচাৰ সময়ত খৰাং অঞ্চলত গুটি সিঁচাৰ আগতেই এবাৰ পানী যোগানৰ ব্যৱস্থা কৰিব পাৰে।

ছ) মচুৰ আৰু মটৰমাহঃ

মচুমাহৰ ক্ষেত্ৰত প্ৰয়োজন হ'লে গুটি ধৰাৰ সময়ত পাতলীয়াকৈ এবাৰ পানী যোগানৰ ব্যৱহা কৰিব পাৰে। মটৰমাহৰ ক্ষেত্ৰতো প্রয়োজন হ'লে গুটি সিঁচাৰ ৪০-৫০ দিনৰ পাছত এবাৰ পানীযোগানৰ ব্যৱস্থা কৰা উচিত।

জ) ফুলকবি, বন্ধাকবি, ওলকবি:

মূলপথাৰত পুলি ৰোপন কৰাৰ পিছতে লগে লগে প্ৰথমবাৰ পানীযোগান ধৰিব লাগে, তাৰপিছত প্ৰযোজন হ'লেই জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে।

ঝ)আলুগুটি:

মাজৰ শাৰীবিলাকত তিনিবাৰ জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে। প্ৰথমবাৰ গজালি ওলোৱাৰ ২৫ দিন পাচত, দ্বিতীয়বাৰ ৬০ দিন পিছত আৰু তৃতীয়বাৰ ৮০ দিন পিছ। মালচিং বা মাটি ঢাকনীৰ ব্যৱহাৰ কৰিলে গজালি ওলোৱাৰ ২৫ দিন পাচত আৰু দ্বিতীয়বাৰ ৬০ দিন পিছত দুবাৰ জলসিঞ্চনৰ ব্যৱস্থা কৰিলেই হ'ব ।

গতিকে উপৰোক্ত পদ্ধতিৰে পানী যোগান ধৰি কৃষকসকলে উৎপাদন বৃদ্ধি কৰি নিজৰ লগতে সমাজৰ আৰ্থিক অৱস্থা উন্নত কৰিব পাৰে। অধিক তথ্যৰ বাবে অসমৰ প্ৰতিখন জিলাতে থকা কৃষি বিজ্ঞান কেন্দ্র তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ লগত যোগাযোগ কৰিব পাৰে।

লগতে পঢ়ক-Foxtail millet: অসমত অৱহেলিত কণিধান, আমাজনত প্ৰতিকেজিৰ দাম ৩০০ টকা

তৃষ্ণালী শ‍ইকীয়া, বিষয়বস্তু বিশেষজ্ঞা (কৃষি অর্থনীতি), কৃষি বিজ্ঞান কেন্দ্র, যোৰহাট

সমীৰণ ভট্টাচাৰ্যা, বিষয়বস্তু বিশেষজ্ঞ (পথাৰ শস্য), কৃষি বিজ্ঞান কেন্দ্ৰ, যোৰহাট

 ড০ হৰিন্দ্ৰ গগৈ, সহকাৰী অধ্যাপক (কৃষি অর্থনীতি), অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট

English Summary: Water Management in Agriculture Sector

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2023 Krishi Jagran Media Group. All Rights Reserved.