Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 23 July, 2022 5:29 PM IST
Agri Start-up Cooperative and FPO Summit 2023

শনিবাৰে কৃষি জাগৰণৰ মুখ্য প্ৰতিষ্ঠাপক তথা সম্পাদক এম চি ডমিনিক, কৃষি জাগৰণৰ জ্যেষ্ঠ উপ-সভাপতি-কৰ্পোৰেট যোগাযোগ পি.এছ.চাইনী কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী, মীন পালন, পশুপালন আৰু দুগ্ধ উৎপাদন মন্ত্ৰী, পৰশট্টম ৰূপালাৰ বাসগৃহত এখন বৈঠকত মিলিত হয়। বৈঠকত পশুদুগ্ধ, FPO আৰু এচিএফ সন্মিলন বিভিন্ন দিশৰ ওপৰত আলোচনা কৰে।

ভাৰতীয় কৃষি খণ্ডৰ কৃষকৰ সমস্যা সমাধানৰ বাবে সংবাদ মাধ্যমসমূহে গুৰুত্বসহকাৰে মনোযোগ দিয়া প্ৰয়োজন, কিয়নো ইমান বিশাল দেশত বহুতো প্ৰতিশ্ৰুতিবদ্ধ কৃষি সাংবাদিক উপলব্ধ আছে। কিন্তু আদৰ্শগত মঞ্চ নাই; আৰু কৃষিৰ ক্ষেত্ৰত গৱেষণা আৰু বিকাশৰ প্ৰযুক্তি এই মঞ্চৰ পৰা আন মঞ্চলৈ শ্বেয়াৰ কৰা হ'ব। সেয়ে কৃষি ক্ষেত্ৰত এক নতুন দিগন্ত সূচনাৰ লক্ষ্যৰে কৃষি জাগৰণৰ মুখ্য সম্পাদক এম. চি. ডমিনিকৰ প্ৰচেষ্টাত সৰ্বভাৰতীয় পৰ্যায়ত Aagriculture Journalist Association of India চমুকৈ AJAI নামেৰে এক সংস্হাৰ গঠিত হয়।

মন্ত্ৰীগৰাকীয়ে ভাৰতীয় কৃষক সম্প্ৰদায়ত সেৱা আগবঢ়োৱা কৃষি জাগৰণ দলৰ প্ৰচেষ্টাক উৎসাহিত কৰে। তেওঁ কয় এই মঞ্চখন আগন্তুক বছৰবোৰত কৃষি খণ্ডৰ ক্ষেত্ৰত এক স্মাৰক পদক্ষেপ, ই খণ্ডটো সলনি কৰিব। ইয়াৰ উপৰিও মন্ত্ৰীগৰাকীয়ে কৃষি জাগৰণৰ উদ্যোগত আগন্তুক বৰ্ষত ১ৰ পৰা ৩ মাৰ্চ, ২০২৩ ত অনুষ্ঠিত হ’লগীয়া কৃষি ষ্টাৰ্টআপ সমবায় আৰু এফপিঅ'ৰ সন্মিলনৰ বাবে সকলো ধৰণৰ সমৰ্থনৰ আশ্বাস দিয়ে। উল্লেখ্য যে আগন্তুক বৰ্ষত অনুষ্ঠিত হ’বলগীয়া এই বিশেষ সন্মিলনীখনত সভাপতিত্ব কৰিবলৈ কৃষি জাগৰণৰ দলটোৱে মন্ত্ৰীগৰাকীক আমন্ত্ৰণ জনায়।

যদিওবা কৃষক উৎপাদক সংগঠন (Farmer Producer Organization) আগৰে পৰা আছিল কিন্তু বিগত বৰ্ষত কেন্দ্রীয় চৰকাৰে কৃষক উৎপাদক সংগঠনৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। সমান্তৰালভাৱে কৃষক সমাজে এই পদক্ষেপক আকোঁৱালি লৈছে আৰু এক নতুন মাত্রা লাভ কৰিবলৈ সক্ষম হৈছে। পৰবর্ত্তী পাঁচ বছৰৰ ভিতৰত প্রধান মন্ত্রী নৰেন্দ্র মোদীয়ে এই আঁচনিৰ অধীনত প্রায় ১০০০০ হাজাৰ কৃষক উৎপাদক সংগঠন বা FPO সৃষ্টি কৰাৰ পোষকতা কৰিছে।

এতিয়া হয়তো আপোনালোকৰ মনত প্রশ্নৰ উদয় হৈছে যে এই FPO মানে কি?

FPO মানে Farmers Production Organisation অর্থাৎ কৃষক সকলৰ পঞ্জীয়ন ভূক্ত এটা সংগঠিত অনুষ্ঠান।

কেনেকৈ FPO বনাব পাৰি

  1. FPO এটাতঅতিকমেও 10 জন খেতিয়ক18 বছৰৰ উর্দ্ধৰ হোৱাটো বাধ্যতামূলক

  2. Board of Director 5 ৰপৰা 15 জন থাকিবপাৰে

  3. এটা EPO ত এজন মুখ্যকার্য্যাবাহীবিষয়া থাক যাক তিনি বছৰ পর্য্যন্ত NABARD ৰ পৰা বেতন দিয়া হয

  4. Board of Directorৰ পানকার্ড থকাটো বাধ্যতামূলক আৰু সদস্যপদৰবাবে যিকোনো পৰিচয় পত্র জমা দিযা বাধ্যতামূলক৷

FPO ৰ সদস্য কৃষক সকলে বজাৰত তেওঁলোকৰ উৎপাদিত সামগ্রী সমূহ বিক্রী কৰিব যাব নালাগে। বৰঞ্চ বেপাৰী খেতিয়কৰ ওচৰত উৎপাদিত সামগ্রী সমূহ নিবলৈ আহে। যাৰ ফলস্বৰূপে কৃষক সকলৰ মুনাফা দুগুনলৈ বৃদ্ধি পায়৷ তেওঁলোকে মণ্ডী বা বজাৰ বিচাৰি হাবাথুৰি খাব নালাগে। বেপাৰী সমূহে সঠিক মুল্যত খেতিয়কৰ উৎপাদিত সামগ্রী সমূহ ক্রয় কৰি নিয়ে৷ কোনো কোনো লোকৰ মতে FPOৰ পৰা সদস্য নোহোৱা খেতিয়কে যিমান লাভ পাব পাৰে তাতকৈ দুগুণ লাভ এই সংগঠনৰ সদস্য সকলে পাব পাৰে।

তাৰোপৰি FPOৰ সদস্যভুক্ত কৃষক সকলে লাখৰ পৰা 15 লাখ পৰ্য্যন্ত ঋণ লাভৰ সুবিধা পাব পাৰে NABARD ৰ ফালৰ পৰা৷ NABARD, SFAC চৰকাৰী দপ্তৰ, কৰ্পৰেট আৰু আন্তঃৰাষ্ট্ৰীয় এজেন্সী য়ে FPO সকলক অর্থ নৈতিক দিশত সম্পূর্ণ ৰূপে সহযোগিতা আগবঢ়াই আছিছে। বর্তমান ভাৰতর্ষত 5000 তকৈ অধিক FPO আছে আৰু ইয়াৰ লাভালাভ সমূহ গ্রহণ কৰি আহিছে।

Small Farmer Agri-business Consortium (SFAC)য়ে এফপিঅ’ক প্ৰচাৰিত কৰিবলৈ ত্ৰিস্তৰীয় গাঁথনি ডিজাইন কৰিছে। গাঁথনিটোত ক্লাষ্টাৰ-আধাৰিত ব্যৱসায় সংগঠন (CBBO) থাকে যিয়ে গ্ৰাউণ্ড লেভেলত resource institutes (RIs) হিচাপে কাম কৰিব। CBBO য়ে ৰাজ্য চৰকাৰৰ সৈতে কাম কৰি নিশ্চিত কৰিব যে এফপিঅ'সকলে সমবায়সমূহক প্ৰদান কৰা সকলো লাভালাভ লাভ কৰিব।

CBBO য়ে এফপিঅ’ৰ পঞ্জীয়ন আৰু প্ৰশিক্ষণত সহায় কৰে। ইয়াৰ উপৰিও পেছাদাৰী দক্ষতাৰ নিযুক্তি, অংশীদাৰসকলৰ সৈতে নিয়মীয়া আন্তঃপৃষ্ঠত সহায় কৰে, অনুসৰণযোগ্যতা ৰক্ষাকৰাত সহায় কৰে আৰু স্থানীয় আৰু গোলকীয় দুয়োধৰণৰ সামগ্ৰীৰ বাবে বজাৰ-সংযোগ প্ৰদান কৰে।

অসমৰ দৰে অনগ্রসৰ ৰাজ্যত কৃষক সকলে ইয়াৰ বিষয়ে সম্পূর্ণ ৰূপে জ্ঞাত নহয় বা জানিবলৈ আগ্রহী নহয়৷ কিন্তু বর্তমান সময়ত আহি পৰা কিছুমান সমস্যা আৰু সময়ৰ লগত খোজ মিলাবলে FPO গঠন অসমৰ দৰে ঠাইত প্রয়োজন আহি পৰিছে। অবশ্যে নৱ যুৱ উদ্যমী খেতিয়ক সকলে লাহে লাহে আগ্রহী হৈ উঠিছে।

গতিকে ইযাৰ সহায়ত কিছুমান অনুন্নত অঞ্চল বা ৰাজ্যৰ নতুন দিগন্তৰ সূচনা হব বুলি আশা কৰিব পাৰি।

লগতে পঢ়ক-CEAT Specialityৰ সহযোগত ট্ৰেক্টৰ জংচনে আয়োজন কৰিলে ITOTY 2022

English Summary: Agri Start-up Cooperative and FPO Summit 2023
Published on: 23 July 2022, 05:29 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now