1. News

সাৱধান হওঁক গাহৰি পালকসকল! বানৰ পাছতেই অচিন ৰোগত আক্ৰান্ত গাহৰি!

RAHUL ALI
RAHUL ALI
Swine Flue hit Pig Farming!
Swine Flue hit Pig Farming!

বানপানীৰ পাছতেই এতিয়া অচিন ৰোগত মানুহ, গৰু, ছাগলীৰ লগতে আক্ৰান্ত হৈছে ৰাজ্যৰ শ শ গাহৰি। কিন্তু গাত কথা লগ নাই ৰাজ্যৰ পশু পশু চিকিৎসা বিভাগৰ। বানপানীৰ পাছত জীৱ-জন্তুৰ লগতে জনস্বাস্থ্যৰ বাবে চৰকাৰৰ হাতত নাই কোনো পৰিকল্পিত যোজনা। যাৰবাবে এতিয়া ৰাজ্যৰ ভিন্ন প্ৰান্তত গৰু-ছাগলীৰ লগতে গাহৰি আদি খাদ্য, চিকিৎসাৰ অভাৱত পোক-পৰুৱাৰ দৰে মৃত্যু ঘটিছে।

হাজোৰ সাতদলা নদীপাৰ অঞ্চলত তিনিচুকীয়াৰ দৰেই শ শ গাহৰি মৃত্যু হৈছে। বানপানীৰ পাছতে অচিন ৰোগত আক্ৰান্ত হৈ গাহৰিসমূহ চিকিৎসা অভাৱত মৃত্যু হৈছে। পশু চিকিৎসা বিভাগৰ লগত যোগাযোগ কৰি চিকিৎসা কৰিও কোনো সুফল পোৱা নাই গাহৰি পালকসকলে। এজন গাহৰি পালকৰে ৫০ পৰা ১০০ টা লৈ গাহৰিৰ মৰাত এতিয়া হাহাকাৰ লাগিছে গাহৰি পালকসকলৰ মাজত।

ইফালে গাহৰি পালকসকলৰ গাহৰিৰ মৃত্যুৰ ক্ষতিপুৰণ হিচাপে চৰকাৰে এককালীন পূঁজিৰ ঘোষণা কৰা কথা উল্লেখ কৰিছে গাহৰি পালকসকলে। কিন্তু ৫-৬ দিন লাটমণ্ডলৰ পশু চিকিৎসা বিভাগৰ কাৰ্যালয়লৈ তাঁতবাতি কৰিও আবেদন পত্ৰ দাখিল কৰিব পৰা নাই গাহৰি পালকসকলে। যাৰবাবে এতিয়া একাংশ গাহৰি পালকে বাদ দিব লগা হৈছে চৰকাৰী সাহাৰ্য্যৰ আশা।

তিনিচুকীয়াত ছোৱাইন ফ্লুৰ সন্দেহত পশু চিকিৎসা বিভাগে নিধন কৰিছে শতাধিক গাহৰি। ঋণ লৈ আৰু সাঁচতীয়া ধনেৰে গাহৰি পালন কৰা এই গাহৰি পালকসকলৰ অৱস্থা এতিয়া পানীত হাঁহ নচৰা। ইফালে পশু চিকিৎসা বিভাগে গাহৰিসমূহৰ নিধন কাৰ্যত হাত উজান দিয়াৰ দৰে ৰোগত আক্ৰান্ত গাহৰিৰ গাহৰিসমূহৰ চিকিৎসাৰ ক্ষেত্ৰত সেই অনুপাতে কিন্তু গুৰুত্ব প্ৰদান কৰা নাই।

বিগত বৰ্ষতো একেদৰেই ছোৱাইন ফ্লুৰ সন্দেহত নিধন কৰা হৈছিল হাজাৰ হাজাৰ গাহৰি আৰু লাওলোৱা অৱস্থাৰ সৃষ্টি হৈছিল গাহৰি পালকসকলৰ। তাৰ পিছতো কিন্তু পশু চিকিৎসা বিভাগৰ জ্ঞান হোৱা নাই। ৰোগৰ প্ৰতিকাৰৰ লগতে গাহৰি পালকসকলৰ মাজত সচেতনতা সৃষ্টিৰো কোনো পদক্ষেপ গ্ৰহণ নকৰিলে। বৰং কিছুমান সুস্থ গাহৰিকো ছোৱাইন ফ্লুত আক্ৰান্তৰ সন্দেহত পশু চিকিৎসা বিভাগে নিধন কৰি বিগত বৰ্ষৰ দৰেই গাহৰি পালকসকলৰ মূৰত মাৰহে শোধালে।

লগতে পঢ়ক-“ছোৱাইন ফ্লু বুলি কোনো ৰোগ নাই! গাহৰি মাংস ভক্ষণ কৰিলে মানুহৰ দেহলৈ নিবিয়পে বেমাৰ’’

English Summary: African Swine Flue hit Pig Farming in Assam

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.