1. News

অসমীয়া ছবিজগতৰ এক সোণালী অধ্যায়ৰ সামৰণি

Mrigakshi Phukan
Mrigakshi Phukan
Nipan Goswami
Nipan Goswami

বিশিষ্ট অভিনেতা নিপন গোস্বামী আৰু নাই। গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু বৰ্ষীয়ান অভিনেতাগৰাকীৰ। চিকিৎসালয়খনৰ অধ্যক্ষ ডাঃ হিতেশ বৰুৱাই অভিনেতাগৰাকীৰ মৃত্যু হোৱাৰ কথা ৰাজহুৱা কৰিছে।ডাক্তৰ বেজবৰুৱা, আজলী নবৌ, ককা দেউতা নাতি আৰু হাতীকে ধৰি বহু ছবিত অভিনয়েৰে দৰ্শকৰ হৃদয় জিনিছিল অভিনেতাগৰাকীয়ে। মৃত্যুৰ সময়ত অভিনেতাগৰাকীৰ বয়স আছিল ৭৫ বছৰ। আজি পুৱা ৯.১৫ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

চিৰসেউজ অভিনেতাগৰাকীৰ অভিনয় প্ৰতিভাই সকলোকে অভিভূত কৰি ৰাখিছিল। তেখেতৰ বিয়োগৰ লগে লগে অসমীয়া চিনেমালৈ নামি আহিল পূৰাব নোৱাৰা শূন্যতা। অভিনেতাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি টুইটাৰত এইদৰে লিখে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ‘অসমীয়া ছবি জগতৰ চিৰসেউজ অভিনেতা নিপন গোস্বামীদেৱেৰ পৰলোক গমনৰ বাতৰি পাই মই ব্যথিত হৈ পৰিছোঁ৷ শৈশৱতে 'ককাদেউতা নাতি আৰু হাতী' নামৰ চলচ্চিত্ৰখনত অভিনয় কৰাৰ সময়তে অসমৰ অন্যতম শ্ৰেষ্ঠ অভিনেতাগৰাকীৰ মই সান্নিধ্য লাভ কৰি ধন্য হৈছিলোঁ৷’

আনহাতে কৃষিমন্ত্ৰী অতুল বৰায়ো অভিতাগৰাকীলৈ টুইটাৰযোগে এইদৰে শ্ৰদ্ধাঞ্জলি জনায়- ‘অসমীয়া চলচ্চিত্ৰ জগতৰ উজ্জ্বল নক্ষত্ৰ নিপন গোস্বামীদেৱৰ বিয়োগত অত্যন্ত মৰ্মাহত হৈছোঁ। বহু চৰিত্ৰত সাৱলীল অভিনয়েৰে তেখেতে অসমীয়া চলচ্চিত্ৰ জগতক সমৃদ্ধ কৰি থৈ গ'ল। তেখেতৰ বিয়োগ অসমৰ সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি।

নিপন গোস্বামীদেৱৰ বিদেহ আত্মাৰ সদ্গতিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। লগতে তেখেতৰ শোকসন্তপ্ত পৰিয়াল আৰু গুণমুগ্ধসকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। ঔঁ শান্তি!’

উল্লেখ্য যে, বিশিষ্ট অভিনেতা গৰাকীৰ ৰাজ্যিক মৰ্যদাৰে সম্পন্ন হ'ব শেষকৃত্য। লগতে চিকিৎসাৰ সমস্ত খৰচ বহন কৰিব চৰকাৰে। এই কথা জনায় মন্ত্ৰী অশোক সিংঘালে। অভিনেতা গৰাকীৰ মৃত্যুৰ খবৰে শোকস্তব্ধ কৰিছে ৰাজ্যবাসীক। বিভিন্নজনে ছ’চিয়েল মিডিয়াযোগে অভিনেতাগৰাকীৰ কৰ্মৰাজীক সোঁৱৰণ কৰি তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনায়।

অসমৰ চলচ্চিত্ৰ আৰু নাটকৰ অভিনেতাগৰাকীয়ে মঞ্চত অভিনয় কৰি পাছলৈ চলচ্চিত্ৰত নায়কৰ অভিনয় কৰিছিল। অসমীয়া বোলছবিৰ 'তাৰকা অভিনেতা'ৰ শাৰীৰ মুষ্টিমেয় কেইজনমানৰ ভিতৰত নিপন গোস্বামী অন্যতম। তেওঁক বহুতে অসমৰ অমিতাভ বচ্চন বুলিও ক’ব খোজে। তেওঁ টেলি-ফিল্ম, ভিচিডি ছবি আদিতো অভিনয় কৰাৰ লগতে নাট্য পৰিচালনাও কৰিছিল। নিপন কগোস্বামীয়ে কাম কৰা ছবিৰ সংখ্যা ১০০ৰো অধিক। ২০২১ বৰ্ষত তেওঁক ড০ ভবেন্দ্ৰ নাথ শইকীয়া বঁটাৰে সন্মানিত কৰা হয়৷

১৯৬৫ চন মানত তেওঁ পুনেলৈ অভিনয়ৰ প্ৰশিক্ষণৰ বাবে যায়। সুভাষ ঘাই, শত্ৰুঘ্ন সিন্‌হা, নবীন নিশ্চল, জালাল আগা, ৰেহেনা চুলতানা, ৰাকেশ পাণ্ডে আদি তেখেতৰ সহপাঠী আছিল। বলিউদৰ অভিনেতা আচৰাণী আছিল অগ্ৰজ আৰু বলিউদৰ ডেনী আৰু জয়া ভাদুৰী তেখেতৰ কনিষ্ঠ আছিল। ২ বছৰীয়া শিক্ষা সাং কৰি তেওঁ ছবিত অভিনয় কৰিবলৈ আৰম্ভ কৰে। নিপন গোস্বামীয়ে অভিনয় কৰা অসমীয়া চিনেমাসমূহৰ ভিতৰত আছে- শকুন্তলা আৰু শংকৰ জোচেফ আলি, প্ৰতিদান, ছিৰাজ, হিয়া দিয়া নিয়া, ককাদেউতাৰ ঘৰজোঁৱাই, কাদম্বৰী, মিঠা মিঠা লগনত, পলে পলে উৰে মন, বহাগৰ দুপৰীয়া, অঘৰী আত্মা, জীৱন বাটৰ লগৰী, বৰুৱাৰ সংসাৰ, আই মোৰ জনমে জনমে, প্ৰিয়া মিলন, বৰলাৰ ঘৰ আদি।

লগতে পঢ়কঃ দিল্লীত প্ৰদূষণ মূক্ত এটি ঘৰ কেনেকৈ সম্ভৱ কৰিলে সৌমিক দাসে?

English Summary: Actor Nipan Goswami death

Like this article?

Hey! I am Mrigakshi Phukan. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2025 Krishi Jagran Media Group. All Rights Reserved.