1. News

দ্বিতীয়বাৰৰ বাবে আৰৱিয়ান দেশলৈ মাজুলীৰ ২০ কুইন্টল ৰঙা বাওধান

PANKAJ KHANIKAR
PANKAJ KHANIKAR
20 quintals of red paddy from Majuli to Arabian countries for the second time
20 quintals of red paddy from Majuli to Arabian countries for the second time

দ্বিতীয় বাৰৰ বাবে মাজুলিৰ বাওধানৰ চাউল পালেগৈ ছিংগাপুৰ, ছৌদি আৰৱ, কুৱেটকে ধৰি কেইবাখনো আৰৱিয়ান দেশ। শেহতীয়াকৈ মাজুলিৰ পৰা ২০ কুইন্টল ৰঙা বাওধানৰ চাউল প্ৰেৰণ কৰা কৰা হৈছে দেশকেইখনলৈ। ABM Agri Indus - try & Research pvt. Ltd নামৰ এটা কোম্পানীয়ে মাজুলীৰ ৰঙা বাও চাউল মাজুলীৰ পৰা নি ছিংগাপুৰ,চৌডি আৰব, কুৱেটকে ধৰি বহুকেইখন আৰবীয়ান দেশত বিক্ৰীৰ বাবে উদ্যোগ গ্ৰহণ কৰিছে।

বিশ্বৰ বজাৰত  মাজুলীৰ ৰঙা বাওধানে সমাদৰ  লাভ কৰাৰ মূলতে আছে কোনোধৰণৰ ৰাসায়নিক সাৰ, কীটনাশক বা বননাশক ব্যৱহাৰ নকৰাকৈ উতপাদন কৰা হৈছে হয় এই ধান। অৰ্থাত সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে এই ধান উতপাদন কৰাৰ বাবে কৰা মাজুলীৰ ৰঙা বাওধান মাজুলীৰ ঐশ্বৰ্যৰূপে বিবেচিত হৈছে। কেৱল বিদেশেই নহয় দেশৰ ভিতৰতো মাজুলীৰ ৰঙা বাওধানৰ যথেষ্ট চাহিদা আছে।বিদেশী বৃহৎ কোম্পানীবোৰে যথেষ্ট পৰীক্ষা-নিৰীক্ষা কৰিহে মাজুলীৰ ৰঙা চাউলত গুৰুত্ব প্ৰদান কৰিছে।

লগতে পঢ়ক- 

উদঙীয়া গৰুৰ যমকাল Bio Liquid Spray Herboliv+

প্ৰচুৰ পৰিমাণে জিংক আৰু আইৰন থকা, প্রকৃতি নিৰ্ভৰ আৰু কোনো ৰাসায়নিক,কীটনাশক বা বননাশক প্রয়োগ নকৰা এই ৰঙা বাও চাউলৰ গুণাগুণ কেতিয়াও হ্রাস নাপায়।এই ৰঙা বাও চাউলে বিদেশী ৰাষ্ট্ৰত ইয়াৰ পৰা অধিক দাম পোৱাৰ লগতে মাজুলী, অসম তথা ভাৰতৰ নাম বিদেশৰ বজাৰত উজলিব।

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ কৃষকসকলেও বানপ্ৰৱন অঞ্চলসমূহত ৰঙা বাওধানৰ খেতি কৰি লাভান্বিত হ’ব পাৰে।

লগতে পঢ়ক- 

এৰীপলুৰ সূতা আৰু আৰু লেটাৰ পৰা নতুনকৈ প্ৰস্তুত কৰা কেইবিধামান সামগ্ৰী

English Summary: 20 quintals of red paddy from Majuli to Arabian countries for the second time

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.