1. News

কৃষকক চৰকাৰী ধান ক্ৰয় কেন্দ্ৰত ধান বিক্ৰি কৰিবলৈ আহ্বান কৃষি বিভাগৰ

PANKAJ KHANIKAR
PANKAJ KHANIKAR

দেশৰ কৃষকসকলে উতপাদন কৰা শস্য চৰকাৰে ন্যূনতম সমৰ্থন মূল্যত ক্ৰয় কৰা আঁচনিখন গ্ৰহণ কৰা হৈছিল ১৯৬৬ চনত। যদিও অতি শেহতীয়াকৈ বিগত দুই এবছৰৰ পৰা অসমৰ কৃষকসকলৰ মাজত এই সন্দৰ্ভত সজাগতা সৃষ্টিৰ প্ৰয়াস দেখিবলৈ পোৱা গৈছে। বিশেষকৈ ৰাজ্যৰ কৃষি বিভাগৰ উদ্যোগত কৃষি বিজ্ঞান আৰু জিলা প্ৰশাসনসমূহে ততপৰতা দেখুৱাইছে। সম্প্ৰতি ধানৰ বিক্ৰিৰ সময়। গতিকে এই আলোচনাত ধানৰ ‘’ন্যূনতম সমৰ্থন মূল্য’’ সন্দৰ্ভত আলোচনা কৰিম।

বৰ্তমান অসমত ধানৰ সমৰ্থন মূল্য ২১৮৩ টকা। ৰাজ্যৰ কৃষি বিভাগে  কৃষকসকলৰ পৰা ধান ক্ৰয় কৰিবলৈ বিভিন্ন অঞ্চলত ধান ক্ৰয় কেন্দ্ৰসমূহো স্থাপন কৰিছে। কিন্তু  MSP ত  ধান বিক্ৰি কৰিবলৈ কৃষকসকল বৰ বেছি আগ্ৰহী নহয় যেন লাগে। কাৰণ ৰাজ্যৰ দুই এখন জিলাত ধান বিক্ৰিত ১৪৪ জাৰি কৰিছে জিলা প্ৰশাসনে। কোনো মধ্যভোগী বা দালালে যাতে কম মূল্যত ধান ক্ৰয় কৰিব নোৱাৰে তাৰ বাবে এনে নিৰ্দেশনা জাৰি কৰিছে। কিন্তু কিয় বেছি মূল্যত ধান বিক্ৰিৰ ব্যৱস্থা থকা স্বত্ত্বেও কম মূল্যত কৃষকসকলে মধ্যভোগীক ধান বিক্ৰি কৰে।

এই সন্দৰ্ভত ডিব্ৰুগড় কৃষি বিজ্ঞান কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড০ দিগন্ত শৰ্মাৰ সৈতে হোৱা আমাৰ কথা-বতৰাত তেওঁ কয় যে কেতিয়াবা চৰকাৰী ন্যূনতম সমৰ্থন মূল্যতকৈ বাহিৰত ধান বিক্ৰি কৰিলে অধিক দাম পায়, কোনোৱে মধ্যভোগীৰ প্ৰৰোচনাত পৰি বিক্ৰি কৰে, চৰকাৰী ধান ক্ৰয় কেন্দ্ৰৰ বাহিৰেও অন্য কাৰোবাক অধিক দামত ধান বিক্ৰি কৰিলেও লাভ নহয় বুলি তেওঁ কয়। কাৰণ চৰকাৰী ধান ক্ৰয় কেন্দ্ৰক ধান বিক্ৰি কৰিলে ঘৰৰ পৰাই গাড়ীৰে বিনামীলীয়াকৈ লৈ যায়হি বুলি কয় তেওঁ কয়।

ইফালে, চৰকাৰী ধান ক্ৰয় কেন্দ্ৰত ধান বিক্ৰি কৰিবলৈ কি কি নথি-পত্ৰৰ প্ৰয়োজন হয় বুলি সোধাত তেওঁ কয় যে ভোটাৰ আইডি কাৰ্ড, আধাৰ কাৰ্ড আৰু মাটিৰ নথি-পত্ৰ প্ৰয়োজন হয় বুলি জানিবলৈ দিয়ে।

লগতে পঢ়ক- 

অসমৰ ৰাজাকুল ইছলামলৈ Millionaire Fisheries Farmer of India 2023

English Summary: MSP

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.