 
            ডিব্ৰুগড়ত দুষ্পাপ্য শগুণৰ মৃত্যু। ২০ টাকৈ শগুণ মৃত্যু হোৱা লগতে আৰু ৭০ টাতকৈ অধিক অসুস্থ হৈ মৃত্যুৰ ক্ষণ গণিছে।ডিব্ৰুগড় জামিৰা পাত্ৰ গাওঁ পথাৰত দেখা গৈছে এই দৃশ্য। কিয় এনেদৰে এইবিধ দুৰ্লভ প্ৰজাতিৰ জীৱৰ সেই অঞ্চলত ব্যাপক হাৰত মৃত্যু হৈছে বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। ইতিমধ্যে বন বিভাগৰ এটা দল ভিতৰুৱা অঞ্চলটোলৈ ৰাওঁনা হৈছে।
অভিযোগ মতে, পাত্ৰ গাঁৱৰ পথাৰ খনত পৰিভ্ৰমী পক্ষী নিধন কৰাৰ বাবে একাংশ দুষ্কৃতিকাৰিয়ে পথাৰত গুটি ধানৰ সৈতে বিষ দিছিল। সেই গুটিধান পানীত মিহলি হোৱা বাবে গৰুৱে খোৱাৰ পাছত কেইবাটাও গৰু মৃত্যু হয় আৰু সেই মৃত্যু হোৱা গৰু ভক্ষণ কৰাৰ বাবে অঞ্চলটোত প্রায় শতাধিক শগুণ আহিছিল। সেই শগুণে গৰু ভক্ষণ আৰু পানী খোৱাৰ পাছতেই মৃত্যু হবলৈ ধৰে এটাৰ পাছত এটাকৈ শগুণৰ।
এনেদৰে সমগ্ৰ পথাৰখনত প্ৰায় ২০ টাকৈ দুষ্পাপ্য শগুণৰ মৃত্যু হোৱা লগতে আৰু প্ৰায় ৭০ টা শগুণে সংকতজনক অৱস্থাত মৃত্যুৰ ক্ষণ গণিছে। জীৱিত অৱস্থাত থকা শগুণ কেইটাই খোজ কাঢ়িবলৈকো নোৱাৰাৰ লগতে অত্যাধিক বমি কৰা প্ৰত্যক্ষ কৰা হৈছে অতি দুখ জনক এই ঘটনা স্থানীয় কেইজনমান প্রকৃতিপ্রেমী যুৱকে প্রত্যক্ষ কৰি বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক ৰাতুল গোহাঁইলৈ খবৰ দিয়ে।
লগতে পঢ়ক-
Oscar For Natu Natu : মৌলিক গীতৰ অস্কাৰ RRRৰ নাটু নাটু শীৰ্ষক গীতলৈ
জেষ্ঠ সাংবাদিক ৰাতুল গোহাঁই আৰু সন্তোষ যাদৱে পথৰ পৰা প্ৰায় চাৰি কিলোমিটাৰ পদব্ৰজে গৈ দূর্গম অঞ্চলটোত উপস্থিত হৈ স্তম্ভিত হৈ পৰা লগতে সাংবাদিক দুগৰাকীৰ তৎপৰতাত সমগ্ৰ বিষয়টো পোহৰলৈ আহে। ঘটনাৰ উচিত তদন্ত কৰি দুখীক কঠোৰ শাস্তি দিয়া লগতে অসুস্থ শগুণ কেইটাৰ উন্নত চিকিৎসা কৰাৰ দাবী জনাইছে প্রকৃতি প্রেমি সকলে।আনহাতে সোমবাৰে সন্ধিয়া ভাগলৈ ডিব্ৰু ছৈখোৱা আৰু ডিব্ৰুগড় বন বিভাগৰ এটা দল জামিৰা পাত্ৰগাওঁ পথাৰত উপস্থিত হৈ আহত হৈ থকা শগুণৰ চিকিৎসা আৰু মৃত্যু হোৱা শগুণ মৰণোত্তৰ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিছে বুলি জানিব পৰা গৈছে । ক্লিক কৰক ভিডিঅ'টো চাবলৈ https://www.facebook.com/reel/446548137657898/?s=fb_shorts_tab&stack_idx=0
লগতে পঢ়ক-
 
                     
                     
                     
                     
                                         
                                             
                                             
                         
                         
                         
                         
                        
Share your comments