1. News

Oscar For Natu Natu : মৌলিক গীতৰ অস্কাৰ RRRৰ নাটু নাটু শীৰ্ষক গীতলৈ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Oscar For RRR Natu Natu Song
Oscar For RRR Natu Natu Song

তেলেগু ভাষাৰ হিট ছবি RRR ৰ ‘নাটু নাটু’ গীতে লাভ কৰিলে অস্কাৰ। লগে লগে অস্কাৰ বঁটা লাভ কৰা প্ৰথমটো ভাৰতীয় চলচ্চিত্ৰ গীত হিচাপে ইতিহাস ৰচনা কৰিছে নাটু নাটু শীৰ্ষক গীতটোৱে। ৯৫ সংখ্যক একাডেমী বঁটাত এই গীতটোৱে লেডী গাগা আৰু ৰিহানাৰ দৰে হেভিৱেটক পৰাস্ত কৰি শ্ৰেষ্ঠ মৌলিক গীতৰ সন্মান লাভ কৰে। গীতটোৰ কৰিঅ’গ্ৰাফাৰ আৰু বিষয়বস্তুৰ সাৰ্বজনীনতাই দেশ-ভাষাৰ সীমা অতিক্ৰম কৰি সকলোৰে মনক স্পৰ্শ কৰিছিল।

অস্কাৰ গ্ৰহণ কৰি গীতটোৰ সুৰকাৰা এম এম কীৰাৱানীয়ে কয় যে এই গীতটো “প্ৰতিজন ভাৰতীয়ৰ গৌৰৱ”। তেওঁ লগতে কয় যে তেওঁ ডাঙৰ হৈছিল দ্য কাৰ্পেণ্টাৰছৰ-আমেৰিকাৰ সংগীত যুটিৰ গীত শুনি। ভাষণৰ শেষৰ অংশ কীৰাৱানীয়ে হিট গীত টপ অৱ দ্য ৱৰ্ল্ডৰ সুৰত গাইছিল।

লগতে পঢ়ক- 

ভূপেন হাজৰিকাৰ গীতকো প্ৰশংসাৰে উপচাইছিল দক্ষিণৰ ছুপাৰষ্টাৰজনে

তেলেগু ভাষা কোৱা দক্ষিণ ভাৰতৰ দুখন ৰাজ্যৰ এজন প্ৰভাৱশালী ৰাজনীতিবিদ এন চন্দ্ৰবাবু নাইডুৱে টুইটাৰত কয় যে এই গীতটোৱে “ইতিহাসত নিজৰ স্থান ছীল কৰি পেলাইছে”। তেওঁ লিখিছে যে ভাৰতীয় চিনেমাৰ বাবে এইটো সম্ভৱতঃ আটাইতকৈ উত্তম মুহূৰ্ত আৰু তেলেগুসকলে ইয়াক লাভ কৰাটো আৰু অধিক বিশেষ। RRR ছবিখনৰ অফিচিয়েল টুইটাৰ হেণ্ডেলে এই জয়ক “অতিবাস্তৱ মুহূৰ্ত” বুলি অভিহিত কৰে আৰু ইয়াক বিশ্বৰ সকলো অনুৰাগীৰ বাবে উৎসৰ্গা কৰে। উল্লেখ্য যে ইউক্ৰেইনৰ চিত্ৰময় মাৰিইনস্কি পেলেচৰ সন্মুখত শ্বুট কৰা এই গীতটোত ছবিখনৰ মুখ্য অভিনেতা - ৰাম চৰণ আৰু জুনিয়ৰ এনটিআৰে শক্তিশালী নৃত্যৰ প্ৰদৰ্শন কৰিছিল।

উল্লেখ্য যে একে সময়তে শ্ৰেষ্ঠ তথ্যচিত্ৰ চুটি ছবিৰ শাখাত বিজয়ী হোৱা দ্য এলিফেণ্ট হুইছপাৰাৰ্ছৰ বাবে ভাৰতে দ্বিতীয়টো অস্কাৰ লাভ কৰে। তথ্য চিত্ৰখনত আঘাতপ্ৰাপ্ত হাতী পোৱালি এটা জাকৰ পৰা পৃথক হোৱাৰ পিছত যত্ন লোৱা দম্পতীৰ কাহিনী কোৱা এই হৈছে। শ্ৰেষ্ঠ তথ্যচিত্ৰ শাখাত জয়লাভ কৰা প্ৰথমখন ভাৰতীয় তথ্যচিত্ৰ।

লগতে পঢ়ক- 

বংগত আফিং খেতি কৰিবলৈ অনুমোদন বিছাৰি কেন্দ্ৰলৈ পত্ৰ মমতা বেনাৰ্জীৰ

English Summary: Oscar For RRR Natu Natu Song

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.