1. News

হায়দৰাবাদত হিমন্ত বিশ্ব শৰ্মাৰ ৱাশ্বিং পাউডাৰ গাৰ্লেৰে অমিত শ্বাহক আদৰণি

PANKAJ KHANIKAR
PANKAJ KHANIKAR
হায়দৰাবাদত ৱাচিং পাউডাৰ গাৰ্ল ৰূপত হিমন্ত বিশ্ব শৰ্মা পোষ্টাৰ
হায়দৰাবাদত ৱাচিং পাউডাৰ গাৰ্ল ৰূপত হিমন্ত বিশ্ব শৰ্মা পোষ্টাৰ

লংকালৈ গ’লে যদি সকলো ৰাৱণ হয় তেন্তে গেৰুৱা বসন পিন্ধিলে সকলো ধোৱা তুলসী হয়- সম্প্ৰতি দেশৰ কেন্দ্ৰীয় তদন্তকাৰী সংস্থা ED ৰ কিছুমান কাণ্ড-কাৰখানাক প্ৰত্যক্ষ কৰি বিৰোধী শক্তিয়ে নিজৰ কৰ্মপন্থা অব্যাহত ৰাখিছে। হায়দৰাবাদত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ যোৱা কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহক আদৰিবলৈ অন্য দলৰ পৰা বিজেপিত যোগদান কৰা নেতাসকলক লৈ এখন পোষ্টাৰ দেখা গৈছে।

পোষ্টাৰ খনত দেখা গৈছে আন দলৰ পৰা বিজেপিত যোগদান কৰা ৰাজনীতিবিদৰ মুখ থকা ‘নিৰ্মা গাৰ্ল’ৰ বিভিন্ন ভংগী। হাৰ্ডিঙখনত আছে হিমন্ত বিশ্ব শৰ্মা, নাৰায়ণ ৰাণে, সুৱেন্দু অধিকাৰী, সুজানা চৌধুৰী, অৰ্জুন খোটকাৰ, জ্যোতিৰাদিত্য সিন্ধিয়া, ঈশ্বৰপ্পা, আৰু বিৰুপাক্ষপ্পাৰ মুখ।

লগতে পঢ়ক- 

জনীয়াত উত্তৰ-প্ৰদেশৰ ৬০ গৰাকী কৃষকৰ ৰঙালাও-তৰমুজৰ খেতি

তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ কন্যা কে কবিতাই দিল্লীত সুৰাৰ গোচৰত জেৰাৰ সন্মুখীন হোৱাৰ পৰাই পি এম মোডীকে ধৰি বিজেপি নেতাৰ বিৰুদ্ধে এনে পোষ্টাৰ হায়দৰাবাদত প্ৰকাশ পাবলৈ আৰম্ভ কৰিছে। এখন পোষ্টাৰত ‘গণতন্ত্ৰ ধ্বংসকাৰী, ভণ্ডামিৰ দাদা’ টেগলাইনেৰে প্ৰধানমন্ত্ৰী মোডীক ‘ৰাৱণ’ হিচাপে দেখুওৱা হৈছে।  দেওবাৰে বি আৰ এছৰ বিধায়ক চি কে কবিতাক ইডিয়ে ৯ ঘণ্টা ধৰি সোধা-পোছা ৰাখিছিল।

 ইপিনে আবকাৰী নীতিৰ গোচৰত দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াক চিবিআইয়ে গ্ৰেপ্তাৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু মমতা বেনাৰ্জীকে ধৰি ৯জন বিৰোধী নেতাই দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ পত্ৰ লিখি কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহক অপব্যৱহাৰ কৰিছে বুলি কয়। ইফালে, এই চিঠিৰ উত্তৰত বিজেপিৰ মুখপাত্ৰ সুধাংশু ত্ৰিবেদীয়ে কয় যে বিৰোধী দলসমূহে “দুৰ্নীতিৰ অভিযোগৰ পৰা ইজনে সিজনক” ৰক্ষা কৰিবলৈ চেষ্টা কৰিছে। লগতে তেওঁ কয় যে পত্ৰখনে স্পষ্ট কৰি দিছে যে তেওঁলোকে তদন্তকাৰী সংস্থাসমূহক “ভয় দেখুৱাবলৈ” চেষ্টা কৰিছে।

লগতে পঢ়ক- 

Oscar For Natu Natu : মৌলিক গীতৰ অস্কাৰ RRRৰ নাটু নাটু শীৰ্ষক গীতলৈ

    

English Summary: Himanta Biswa Sarma as washing powder girl in Hyderabad

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.