1. News

ৰবৰ আৰু চাহ খেতিত সফলতা প্ৰাক্তন সেনা জোৱানৰ

KJ Staff
KJ Staff
Debajit Sharma
Debajit Sharma

কাৰ্বিপাহাৰত ৰবৰ আৰু চাহ খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে প্ৰাক্তন সেনাজোৱান দিপাংকৰ শৰ্মাই। এসময়ত দেশ সেৱাৰ বাবে ওলাই যোৱা সৰুপথাৰৰ নাহৰণিৰ কোষেশ্বৰ শৰ্মা আৰু অনু দেৱীৰ কনিষ্ঠ পুত্ৰ দিপাংকৰ শৰ্মাই কাৰ্বিপাহাৰত ৰবৰ আৰু চাহ খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে৷

দিপাংকৰে ২০০৩ চনত ভাৰতীয় সেনাবাহিনীত যোগদান কৰি নাগপুৰত পৰীক্ষাত উত্তীৰ্ণ হৈ সেনাবাহিনীত যোগদান কৰে৷ দেশৰ বিভিন্ন ঠাইত সেৱা আগবঢ়োৱাৰ পাছত আৰু দিল্লীত এক বিশেষ প্ৰশিক্ষণ সমাপ্ত কৰাৰ পাছত তেওঁক অশান্ত জৰ্জৰ দক্ষিণ আফ্ৰিকাৰ কংগোত উগ্ৰপন্থী দমন আৰু শান্তিৰক্ষাৰ বাবে পঠোৱা হয়৷

তাত দহ মাহ সেৱা আগবঢ়োৱাৰ পাছত তেওঁ ভাৰতলৈ উভতি আহে৷ ইতিপূৰ্বে জ্যেষ্ঠভাতৃ প্ৰশান্ত শৰ্মাৰ মৃত্যু হোৱাত বৃদ্ধ পিতৃ মাতৃক পৰিচৰ্যা কৰাত অসুবিধা হয়৷ তদুপৰি দিপাংকৰৰ কাৰ্যকাল শেষ হোৱাৰ পূৰ্বেই চাকৰিৰ পৰা অৱসৰ লৈ কাৰ্বি আংলংত ২০বিঘা মাতিত ৰবৰৰ বাগিছা ক্ৰয় কৰে৷ ৰবৰৰ বাগিছাতে তেওঁ চাৰিবিঘা মাটিত চাহ খেতিও আৰম্ভণি কৰিছে৷

ৰবৰৰ গছ আৰু চাহগছ সমূহ কমবয়সীয়া হৈ আছে যদিও তেওঁ ৰবৰৰ পৰা প্ৰতিদিনে ১৫ শ আৰু কেঁচা চাহপাতৰ পৰা সপ্তাহত দুহেজাৰ টকাকৈ লাভ কৰিছে৷ কম শ্ৰমিকেৰে দুয়োটা খেতি কৰিব পাৰি বাবে তেওঁ সদ্যহতে মাত্ৰ এজন কৰ্মচাৰীৰে এই দুইটা খেতি চম্ভালি আছে ৷

লগতে পঢ়কঃ Avocado Cultivation: উত্তৰ-পূৰ্বাঞ্চলত আভকাডো খেতিৰ সম্ভাৱনীয়তা

English Summary: Rubber and tea cultivation by former Indian army soldier

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.