Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 29 December, 2022 2:34 PM IST
hailstorm in moran

মঙলবাৰে পুৱতিনিশা হঠাতে হোৱা প্ৰবল শিল বৰষুণে উজনি অসমৰ এক বৃহৎ অংশক প্ৰভাৱিত কৰে। বিশেষকৈ মৰাণ অঞ্চলৰ লোকে পুৱা বৰফৰ দেশত সাৰ পোৱাৰ দৰে অভিজ্ঞতা লাভ কৰে। পিছে লণ্ডন-ছুইজাৰলেণ্ডৰ তুষাৰপাত আৰু অসমৰ শিলাবৃষ্টিৰ মাজত পাৰ্থক্য আছে। এই শিলাবৃষ্টিয়ে একাংশক বিদেশ ভ্ৰমণৰ দৰে অভিজ্ঞতা দিয়াৰ বিপৰীতে একাংশৰ কঁকালত দি গ’ল প্ৰচণ্ড কোব। বিশেষকৈ কৃষিজীৱিসকলৰ বাবে ভয়াৱহ ক্ষতি কৰি যায় এই শিলাবৃষ্টিয়ে। শিলাবৃষ্টিৰ ফলত প্ৰায় ১৮৫ বিঘা কৃষিভূমি ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে।

শিলাবৃষ্টিৰ ফলত হোৱা সকলো ক্ষয়-ক্ষতিৰ এক বিস্তৃত তালিকা প্ৰকাশ কৰিছে ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে। ৰাজ্যখনৰ ডিব্ৰুগড়, সিংহগৰ, তিনিচুকীয়া আৰু চৰাইদেউ জিলাৰ কেইবাটাও স্থানত যথেষ্ট ক্ষয়- ক্ষতি হৈছে। তিনিচুকীয়া জিলাৰ বোকাজান গাঁও, ধুলিজান গাঁও আৰু বিচফুটিয়া গাঁৱত বিস্তৰ ক্ষতি হয়। ৮৮ জন লোক আঘাতপ্ৰাপ্ত হয় আৰু ২২ টা কেঁচা ঘৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত হয়।

শিৱসাগৰ জিলাৰ দিমৌ অঞ্চল শিলাবৃষ্টিৰদ্বাৰা প্ৰভাৱিত হয়।অঞ্চলটোৰ বৰপথাৰ, শিঙিয়নি, কোটিঅৰি আৰু চামগুৰি গাঁৱত শিলাবৃষ্টি হৈছিল। অঞ্চলটোৰ ১৬৭৩ জন লোক ক্ষতিগ্ৰস্ত হয় আৰু ২২০ টা কেঁচা ঘৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত হয়।ক্ষতিগ্ৰস্ত পৰিয়ালবোৰৰ মাজত ২০০ টাৰ্পলিন বিতৰণ কৰা হৈছে।

ডিব্ৰুগড় জিলাৰ অধীনত চাৰিটা ৰাজহ চক্ৰ যেনে- ডিব্ৰুগড় পশ্চিম, ডিব্ৰুগড় পূব, মৰাণ আৰু টিংখং প্ৰভাৱিত হৈছিল আৰু মুঠ ৬৭ খন গাঁও ক্ষতিগ্ৰস্ত হৈছিল। ১২২৪ টা কেঁচা আৰু ৭ টা পকী ঘৰ  শিলাবৃষ্টিৰ ফলত ক্ষতিগ্ৰস্ত হয় আৰু মুঠ ৪৮৬১ জন লোক প্ৰভাৱিত হয়। লগতে ১ টা কেঁচা ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হয়। আনহাতে পিয়লি নগৰ এল.পি. স্কুল আৰু নগাচাপৰি এল.পি. স্কুলৰ আংশিক ক্ষতি হয়। শিলাবৃষ্টিত ১০.৫ হেক্টৰ শস্য ক্ষতিগ্ৰস্ত হৈছিল আৰু ক্ষতিগ্ৰস্ত পৰিয়ালবোৰৰ মাজত ১৩০ টাৰ্পলিন বিতৰণ কৰা হয়।

চৰাইদেউ জিলা এই শিলাবৃষ্টিৰ দ্বাৰা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছিল। জিলাখনৰ ৩ টা ৰাজহ চক্ৰৰ অধীনত মুঠ ৫৮ খন গাওঁ প্ৰভাৱিত হৈছিল। ২৯৬৭ টা কেচা ঘৰ আৰু ৪১ টা পকী ঘৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত হোৱাৰ ফলত ১১,৩২৫ জন লোক ক্ষতিগ্ৰস্ত হৈছিল। এটা কেঁচা ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হৈ যোৱা বুলি জানিব পৰা গৈছে। প্ৰগতি এলপি স্কুল আৰু ১নং মৰাণ টাউন এল.পি. স্কুলো আংশিকভাৱে ক্ষতিগ্ৰস্ত হয়। শিলাবৃষ্টিৰ ফলত জিলাখনৰ ১৭২.৭৩ হেক্টৰ শস্য এলেকাও ক্ষতিগ্ৰস্ত হৈছে। চাৰিদেউ জিলাৰ ক্ষতিগ্ৰস্ত লোকসকলৰ মাজত ৩,২০৯ টাৰ্পলিন বিতৰণ কৰা হৈছিল। প্ৰতিবেদনখনত উল্লেখ কৰা মতে শিলাবৃষ্টিৰ ফলত কোনো মানুহৰ মৃত্যু হোৱা নাই। অৱশ্যে প্ৰতিবেদনখনত ঘটনাটোৰ ফলত পশুধনৰ আঘাত বা মৃত্যুসম্পৰ্কে কোনো তথ্য উল্লেখ কৰা হোৱা নাই।

লগতে পঢ়কঃ 'সৰ্বাধিক ধান বিক্ৰী কৰা ৫ জন লোকক ১০ হাজাৰকৈ টকাৰে পুৰস্কৃত কৰা হ'ব'- জয়ন্ত মল্ল বৰুৱা

English Summary: 185 acrs of farmland harmed because of hailstorm in Assam
Published on: 28 December 2022, 02:45 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now