Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 10 February, 2024 12:43 PM IST

৯ ফেব্ৰুৱাৰীৰ পৰা নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰত ৰাজ্যিক সমবায় সমিতি আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ যুটিয়া উদ্যোগত সমবায় সমিতিৰ কৰ্মীবৃন্দৰ কৃষি সামগ্ৰী ব্যৱসায়ৰ ওপৰত ১৫ দিনীয়া প্ৰশিক্ষণৰ শুভাৰম্ভ। কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁওৰ দ্বাৰা আয়োজিত প্ৰশিক্ষণলানিৰ উদ্বোধণী অনুষ্ঠানত আদৰণি ভাষণ তথা উদ্দেশ্য বাখ্যা কৰি কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁওৰ ভাৰপ্ৰাপ্ত মূৰব্বী তথা পথাৰ শস্য বিশেষজ্ঞা ড৹ বন্তি গগৈয়ে প্ৰশিক্ষাৰ্থীসকলক ৰাসায়নিক সাৰৰ ন্যূনতম ব্যৱহাৰ কৰিবলৈ আহ্বান জনোৱাৰ লগতে কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁৱৰ কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰে।

নগাঁও জিলা সমবায় সমিতিৰ পঞ্জীয়ক বকুল চন্দ্ৰ বৰাই প্ৰশিক্ষাৰ্থীসকলক সমবায় ভিত্তিত কাম কৰি কৃষিক্ষেত্ৰৰ উন্নতি সাধন কৰিবলৈ উদগনি যোগায়। নগাঁও জিলা কৃষি বিষয়া ৰঞ্জন ডেকাই সভাৰ জৰিয়তে সকলোকে ন্যূনতম সমৰ্থিত মূল্য কেন্দ্ৰৰ দ্বাৰা শস্য বিক্ৰী কৰি এই কেন্দ্ৰসমূহ বৰ্তাই ৰাখিবলৈ অনুৰোধ জনায় ।

লগতে পঢ়ক- 

৫০ হাজাৰটেই ডিলাৰ পৰা ঘৰলৈ যাব পাৰিব মহিন্দ্ৰা কোম্পানীৰ টেক্টৰ

 অনুষ্ঠানটোত উপস্থিত থাকি ডেফোডিল উদ্যান শস্য মহাবিদ্যালয়ৰ বিজ্ঞান গুৰু ড৹ হেমেন্দ্ৰ চন্দ্ৰ ভট্টাচাৰ্যই প্ৰশিক্ষাৰ্থীসকলক একগোট হৈ কৃষিকৰ্ম কৰি লাভবান্বিত হ'বলৈ অনুৰোধ জনায়। উদ্বোধণী সভাত নগাঁও জিলাৰ উন্নয়ণ আয়ুক্ত গুণজিত কাশ্যপে মানৱীয় প্ৰমূল্যবোধ বৰ্তাই ৰাখি কৃষি ব্যৱসায়ৰ জৰিয়তে এখন সূস্থ সমাজ গঢ়িবলৈ আহবান জনায়।

কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁৱৰ পশুবিজ্ঞান বিশেষজ্ঞ ড৹ অনিমেষ ডেকাই আঁতধৰা অনুষ্ঠানটোত নগাঁও আৰু হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৩৬ গৰাকী প্ৰশিক্ষাৰ্থীৰ লগতে কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁৱৰ ভূমি বিজ্ঞান বিশেষজ্ঞ দিপেন চন্দ্ৰ নাথ, পাম পৰিচালক শংকু মনি শৰ্মাৰ লগতে কৃষি বিজ্ঞান কেন্দ্ৰটোৰ সমূহ কৰ্মকৰ্তা উপস্থিত থাকে।

লগতে পঢ়ক- 

প্ৰতিখন জিলাৰ কৃষি কাৰ্যালয়ত কৃষকক দি আছে ছ’লাৰ, আজিয়েই যোগাযোগ কৰক

English Summary: 15-day training on agricultural commodity business in Nagaon
Published on: 10 February 2024, 12:39 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now