
অসমৰ উৰ্বৰ মাটি আৰু নাতিশীতোষ্ণ জলবায়ু বিভিন্ন ধৰণৰ উদ্যান শস্যৰ বাবে অতি উপযোগী । সেয়েহে অসমত বাৰ মাহে বিভিন্ন ধৰণৰ ফলমূল , শাক - পাচলি , ফুল , বাগিচা শস্য , মছলাজাতীয় শস্যৰ খেতি সহজে হোৱা দেখা যায় । এক কথাত ক'বলৈ গ'লে অসম জৈৱ বৈচিত্ৰ্যৰ এক সুন্দৰ উদ্যান। ফল মূলকে ধৰি কেইবিধমান মুখ্য শস্যৰ উৎপত্তিস্থল অসমেই বুলি জনা যায় ।
ফল - মূলৰ ভিতৰত কল , আনাৰস , কাজি নেমু , কমলা টেঙা , তামোল , নাৰিকল , কঁঠাল , আম , অমিতা , লিচু , মধুৰী আদিয়েই প্রধান । ভাৰতত উৎপন্ন হোৱা প্ৰায় ৬০ বিধ শাক - পাচলিৰ আটাইকেইবিধেই বছৰৰ বিভিন্ন সময়ত অসমত কৰা হয়। তদুপৰি বৰ্তমান সময়ত উদ্যান শস্যত নগৰীয়া কৃষি এক নতুন সংযোজন ঘটিছে । ‘ ৰূফ টপ গার্ডেনিঙে ’ ইতিমধ্যে নগৰ অঞ্চলত সমাদৰ লাভ কৰিছে ।

নগৰ অঞ্চলত উপলব্ধ স্থানসমূহত কৃষিকাৰ্য কৰি সতেজ ফল-মূল, শাক-পাচলি লাভ কৰাৰ লগতে ফুলৰ খেতি কৰিব পাৰি । এনে খেতিয়ে বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ কৰা, প্রাকৃতিক শোভাবর্ধন কৰা আৰু জৈৱিক সামগ্ৰীৰ পুনৰ ব্যৱহাৰতো অৰিহণা যোগাব পাৰে ।

শেহতীয়াকৈ NASA- ৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে ঘৰৰ ভিতৰত ৰোৱা ( Indoor Plants ) শোভাবর্ধক গছ , যেনে- এল’ভেৰা , এৰেকা , ফাইকুলা , আইভি , তুলসী , স্নেক প্লেন্ট আদিয়ে বায়ুমণ্ডলত অক্সিজেন বৃদ্ধি কৰে । ঘৰৰ লগত সংলগ্ন ঠাইত, ঘাইপথৰ কাষে কাষে বা বিভাজকত , ছাদৰ ওপৰত , মুকলি এলেকাত সঠিক পৰিকল্পনাৰে নগৰীয়া কৃষি কৰিব পাৰি।
লগতে পঢ়ক- আপোনাৰ ঘৰটো সৌন্দৰ্যশালী কৰাৰ লগতে উপাৰ্জনৰ এটা নতুন পথ দিব
Share your comments