1. উদ্য়ানশস্য়

Tree plantation Time : এপ্ৰিল-জুনৰ ভিতৰত এই ফল-মূলসমূহৰ পুলি ৰোপন কৰক

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Upcoming Tree plantation Time
Upcoming Tree plantation Time

বহাগৰ পৰা জুনলৈ অসমৰ কৃষক গছপুলি ৰোপন কৰিলে বৰ বেছি যত্ন নকৰাকৈ কমদিনতে লহপহকৈ বাঢ়ি আহিব। কাৰণ এই সময়ছোৱাত পানীৰ অভাৱ নহয়। বাকী সময়ছোৱাত খৰাং অৱস্থাই বিৰাজ কৰি থাকে। গতিকে যিসকল কৃষকে ফল-মূল বা কাঠৰ বাবে গছৰ পুলি ৰোপন কৰিম ভাৱিছে তেতিয়াহ’লে  সাজু হোৱাৰ সময় আহি গ’ল। তলত কিছুমান গছ আৰু ফল-মূলৰ বিষয়ে আলোচনা কৰা হৈছে যিবোৰৰ পুলি ৰোপন কৰিলে আমাৰ কৃষকসকলে ভাল ফলাফল লাভ কৰিব পাৰিব।

মেহগনি :

বৰ্তমান সময়ত অসমৰ কৃষকে কাঠৰ বাবে ৰোপন কৰিবলৈ লোৱা এবিধ গছ মেহগনি। খুব কম সময়তে ডাঙৰ হয় এই গছবোৰ। মূল্যৱান কাঠ, দাম আছে এই কাঠবিধৰ। ৫-৬ বছৰলৈ এই গছসমূহৰ তলত ঋতুকালীন শস্যৰ লগতে অমিতা কল আদি শস্যসমূহৰ খেতি কৰিব পাৰিব।

আম :

এই সময়ছোৱাত ফলৰ বাবে আমাৰ কৃষকসকলে আমৰ পুলি ৰোপন কৰিব পাৰে। সম্প্ৰতি আমাৰ অসমত দেখা গৈছে অম্ৰপালি নামৰ এবিধ গ্ৰাফটিং প্ৰজাতিৰ আম খেতি কৰিবলৈ লৈছে। আৰু এখন ভাল বজাৰ পাবলৈ সক্ষম হৈছে। অভিজ্ঞ ব্যক্তিৰ পৰা এই আমটোৰ কৃষি পদ্ধতি আয়ত্ত কৰি খেতি কৰিবলৈ ললে আমাৰ কৃষকসকল লাভান্বিত হ’ব। দুবছৰ মানৰ পৰা গছত ফল লাগে। খুব চাপৰতে লাগে। আৰু বহু পৰিমাণে লাগে। গতিকে আমাৰ কৃষকসকলে এই সময়ছোৱাতে এই আমৰ জাতটো পুলি ৰোপন কৰিব পাৰে।

লগতে পঢ়ক- 

Mango farming : ভালকে কৰিলে আমৰ খেতিয়েও আপোনাক লাখপতি বনাব

কঁঠাল :

এই সময়ছোৱাতে হাইব্ৰিড আৰু কিছুমান গ্ৰাফটিং প্ৰজাতিৰ কঁঠালৰ খেতি আমাৰ কৃষকসকলে কৰিব পাৰে। এই কঁঠালবোৰ পাচলি হিচাপে বিক্ৰি কৰিবৰ বাবে আমাৰ কৃষকসকলে ইয়াৰ খেতি কৰিব পাৰে। পাচলি হিচাপে এই কঁঠালোবৰ বিক্ৰিব পাৰিলে প্ৰতিকেজিত ৩০-৬০ টকা দৰত আমাৰ কৃষকসকলে বিক্ৰি কৰিব পাৰিব।

কল :

কল খেতিয়ো এই সময়ছোৱাত কৰিব পাৰে। বৰষুণৰ সময়ত কলগছ ৰুব পাৰি, কাৰণ ইয়াৰ বেছি পানীৰ প্ৰয়োজন।বৰ্তমান কলৰ এখন ভাল বজাৰ সৃষ্টি হৈছে। পৰাপক্ষত আমাৰ কৃষকসকলে জাহাজীকল, চেনী কল, কাছকল কলৰ লগতে উন্নত প্ৰজাতিৰ জি৯ খেতি কৰিবলৈ চেষ্টা কৰিব লাগে।

কুঁহিয়াৰ খেতি:

 এই সময়ছোৱাত কুঁহিয়াৰ খেতিয়ো কৰিব পাৰে। কুঁহিয়া খেতিয়ো এক লাভজনক খেতি হিচাপে পৰিগণিত হৈছে। বিশেষ সাৰ-পানী নিদিয়াকৈ এই খেতিৰে কম দিনতে উপাৰ্জন কৰিব পাৰিব।

নেমু :

 নেমুৰ এখন ভাল বজাৰ আছে। নেমুৰ খেতি কৰি পৰিকল্পিতভাৱে ইয়াৰ ৰস পেকেজিং কৰি ব্যৱসায় কৰিব পাৰিলেও ভাল বজাৰ এখন পাব। কেতিয়াবা এটা নেমুৰ দামো ১০-১৫ টকা পৰ্যন্ত হয়গৈ। বৰ্তমান বিদেশতো অসমৰ নেমুৱে এখন ভাল বজাৰ পাবলৈ সক্ষম হৈছে। পাৰিলে নেমুৰ আচাৰ বনাবলৈয়ো চেষ্টা চলাব লাগে।

এইবোৰৰ ওপৰি অসমৰ থলুৱা ফল-মূলসমূহ গছৰ পুলি, সৌন্দৰ্যবৰ্ধনৰ গছ-গছনি ৰোপন আৰু অসমৰ থলুৱা মূল্যৱান গছসমূহৰ পুলি ৰোপন কৰি পৃথিবীখনক সেউজীয়া কৰি তুলিব পাৰো।

লগতে পঢ়ক- 

Drumstick farming : এবিঘা মাটিত এবাৰ খেতি কৰি ১২ বছৰলৈ প্ৰতিবছৰে পাওঁক ১ লাখকৈ টকা

English Summary: Upcoming Tree plantation Time

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2025 Krishi Jagran Media Group. All Rights Reserved.