1. উদ্য়ানশস্য়

গৰম দিনত এই পদ্ধতিৰে বিলাহী খেতি কৰিলে এটকাও লোকচান নহয়

Mrigakshi Phukan
Mrigakshi Phukan
Tomato cultivation in summer
Tomato cultivation in summer

বিলাহী হৈছে ভাৰতৰ সৰ্বাধিক উৎপাদিত বাণিজ্যিক পাচলি। ই ভিটামিন আৰু খনিজ পদাৰ্থৰ এক মুখ্য উৎস আৰু ঔষধি গুণেৰে সমৃদ্ধ। বিলাহী চালাড হিচাপে খোৱা এবিধ জনপ্ৰিয় পাচলি আৰু ইয়াক সকলোৱে খাই ভাল পায়। ইয়াক সাধাৰণতে কেনিঙত প্ৰয়োগ কৰা হয় আৰু বাণিজ্যিকভাৱে চুপ, আচাৰ, চাটনি, পেষ্ট, পাউডাৰ, ৰস আদি প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয়।

ইয়াৰ বিভিন্ন ধৰণৰ স্বাস্থ্য উপকাৰিতা আছে। যেনে- ই হৃদৰোগ আৰু কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰে, ইয়াত এণ্টি অক্সিডেণ্ট থাকে আৰু উচ্চ পৰিমাণৰ লাইকোচিন আৰু ভিটামিন চি থাকে। পটাছিয়াম, ফলেট আৰু ভিটামিন কে প্ৰচুৰ পৰিমাণত বিলাহীত পোৱা যায়।

গ্ৰীষ্মকালত বিলাহীৰ খেতি:

পানীৰ বাষ্পীভৱন হেৰুওৱা পৰিহাৰ কৰিবলৈ, মাটি অত্যাধিক গৰম হোৱা প্ৰতিহত কৰিবলৈ আৰু অপতৃণৰপৰা পৰিত্ৰাণ পাবলৈ মাল্চিং পেপাৰ ব্যৱহাৰ কৰক।

জলসিঞ্চনৰ বাবে ড্ৰিপ জলসিঞ্চন পদ্ধতি ব্যৱহাৰ কৰক:

প্ৰয়োজনীয়তাৰ ওপৰত নিৰ্ভৰ কৰি জলসিঞ্চন ঘনাই কৰিব পাৰি। কিন্তু যদি অত্যাধিক জলসিঞ্চন আৰু অত্যাধিক শুকান মাটি হয়, তেনেহ'লে ফলৰ অভাৱ হয়।

বিলাহী সিঁচা ঠাইত পোনপটীয়াকৈ সূৰ্যৰ পোহৰ পৰা দিশত যিকোনো মুৰত ছয় ফুট ওখ ছাঁ দিয়া জাল স্থাপন কৰক। ছাঁৰ জালৰ ফলত পোনপটীয়াকৈ সূৰ্যৰ পোহৰ পৰিলেও ইয়াৰ তীব্ৰতা হ্ৰাস হয়।

বিলাহী গছৰ নতুন বিকাশ প্ৰতিহত কৰিবলৈ অত্যাধিক গৰম বতৰত সাৰৰ প্ৰয়োগ বন্ধ কৰক।

লগতে পঢ়কঃ এতিয়া পাৱাৰলুম নালাগে: অভিজিত দুৱৰাই সাজি উলিয়াইছে কম কষ্টতে চলা যঁতৰ

English Summary: Tomato cultivation in summers

Like this article?

Hey! I am Mrigakshi Phukan. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.