1. উদ্য়ানশস্য়

আত্মসংস্থাপনত উদ্যানশস্যৰ ভূমিকা

KJ Staff
KJ Staff
উদ্যানশস্য
উদ্যানশস্য

কৃষি প্ৰধান ৰাজ্য হিচাপে অসমত কৃষিৰ সৈতে জড়িত বিভিন্ন দিশবোৰত কাৰিকৰী কৌশলৰ জড়িয়তে আমাৰ নিবনুৱা যবুক-যুৱতীসকলে স্ব-নিয়োজনৰ বাট মুকলি কৰিব পাৰে । এই ক্ষেত্ৰত অসমত উদ্যান শস্যৰ ভূমিকা উল্লেখনীয়। কিয়নো সময়ৰ লগে লগে অসমৰ কৃষিখণ্ডলৈ যথেষ্ট পৰিৱৰ্তন আহিছে । এই পৰিৱৰ্তিত পৰিস্থিতিত বিভিন্ন ধৰণৰ উদ্যান শস্যৰ খেতি কৰি আমাৰ কৃষক ৰাইজ উপকৃত হোৱা দেখিবলৈ পোৱা গৈছে । অৱশ্যে এই ক্ষেত্ৰত উদ্যান শস্যৰ প্ৰতি কৃষক ৰাইজক আকৰ্ষিত কৰিবলৈ অসম চৰকাৰৰ কৃষি বিভাগেও বিভিন্ন আঁচনি ৰূপায়ন কৰিছে । এনেক্ষেত্ৰত এই আঁচনিবোৰৰ  সুবিধা আমাৰ কৃষক ৰাইজ তথা নিবনুৱা যুৱক-যুৱতীসকলে গ্ৰহণ কৰা উচিত।

উদ্যান শস্য বুলিলে আমি সাধাৰণতে শাক-পাচলি, ফল-মূল, নানান ধৰণৰ মচলা, ফুল আৰু ঔষধি গছ লতা আদিকো বুজো। অৱশ্যে ফুল আৰু ঔষধি গছ-লতাৰ বাহিৰে বাকী উদ্যান শস্যবোৰৰ খেতি আমাৰ কৃষকসকলে অতীজৰ পৰাই কৰি আহিছে। সেইবোৰ খেতিয়েই বর্তমান উন্নত প্রণালীৰে তথা ব্যৱসায়িক ভিত্তিত কৰিবলৈ আমাৰ কৃষিবিভাগে উৎসাহিত কৰিছে। কিয়নো এইটো এটা লাভজনক খেতি আৰু বৰ্তমান উদ্যানশস্যৰ খেতি কৰি বহুতো নিবনুৱাই আত্মনির্ভশীল হ'বলৈ সক্ষম হোৱা দেখিবলৈ পোৱা গৈছে । তাৰোপৰি অসমৰ মাটি আৰু জলবায়ু নানান বিধ উদ্যান শস্যৰ বাবে বিশেষভাৱে উপযোগী। ইয়াৰ ভিতৰত কিছুমান উদ্যানশস্য গ্ৰীষ্ম আৰু বাৰিষাকালত কৰা হয় আৰু কিছুমান শীতকালত কৰা হয় । আকৌ কিছুমান উদ্যান শস্যৰ খেতি এবাৰ কৰাৰ পিছত বহু বছৰলৈ ফল খাই থাকিব পাৰি। নানান বিধ ফল-মূল এনে ধৰণৰ উদ্যান শস্যৰ উদাহৰণ। অৱশ্যে উদ্যানশস্যৰ খেতিৰ বাবে মাটি নির্বাচনত বিশেষ গুরুত্ব দিব লাগে। কাৰণ উদ্যানশস্যৰ খেতি, পানী জমা হোৱা পথাৰত কৰিব নোৱাৰি। কিন্তু খৰালি কালত বৰষুণ বা বানপানীৰ সমস্যা নথকাৰ বাবে অলপ দ মাটিতো বৰীয়া শাক-পাচলিৰ খেতি কৰিব পাৰি । এই শাক-পাচলিৰ খেতিও স্ব-নিয়োজনৰ বাবে এক উল্লেখযোগ্য খেতি হিচাপে বিবেচনা কৰিব পাৰি।

শাক-পাচলিয়ে শৰীৰৰ বাবে প্ৰয়োজনীয় খনিজ পদার্থ, বিভিন্ন ভিটামিন, এমিন' এটিড, বিটা কে’ৰটিন আদিৰ যোগন ধৰি শৰীৰক ৰোগমুক্ত কৰি ৰাখে। অৱশ্যে এই খেতি বাৰিষা আৰু খৰালি কালত আগতীয়াকৈ কৰিব পাৰিলে যথেষ্ট দামত বজাৰত বিক্ৰী কৰি লাভবান হ'ব পাৰি। কিয়নো সময়ৰ লগে লগে বজাৰত শাক-পাচলিৰে ভৰি পৰে আৰু দাম যথেষ্ট কমি যায়। আনহাতে শেহতীয়া পৰ্যায়ত পুনৰ দাম বঢ়া দেখা যায়। গতিকে আগতীয়া খেতিৰ দৰেই শেহতীয়া খেতি কৰিও লাভবান হ'ব পৰা যায়। আকৌ নানান বিধ মচলা জাতীয় শস্যৰ খেতিৰ বাবেও অসমৰ মাটি উৎকৃষ্ট । আনকি এই ধৰণৰ মচলাৰ চাহিদাও আমাৰ আভ্যন্তৰীণ আৰু বিদেশৰ বজাৰতো বাঢ়ি গৈছে। বিশেষকৈ আদা, হালধি, জলকীয়া, পিয়াজ, নহক, জলুক, তেজপাত আৰু ডালচেনি আদি মচলাৰ খেতি আমাৰ কৃষকৰ বাবে যথেষ্ট লাভজনক খেতি বুলি কৃষি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে। গতিকে উন্নত প্রণালীৰে তথা ব্যৱসায়িক ভিত্তিত এই খেতি কৰিব পৰা যায়।

আনহাতে বিভিন্ন ধৰণৰ ফুলৰ খেতি কৰিও যথেষ্ট লাভবান হব পাৰে আমাৰ যুৱক-যুৱতীসকলে । কিয়নো বর্তমান বিভিন্ন দিশত ফুলৰ চাহিদা দিনক দিনে বাঢ়ি অহা দেখিবলৈ পোৱা গৈছে। এই ফুলসমূহ পূজা-পাতল, বিভিন্ন ধর্মীয় অনুষ্ঠান, মাংগলিক কাৰ্য আৰু মেল-মিটিং আদিত যথেষ্ট পৰিমাণে ব্যৱহাৰ হয়। ঠিক সেইদৰে সৌন্দৰ্য বৰ্দ্ধনৰ বাবেও বিশেষকৈ চহৰ অঞ্চলত ফুলৰ চাহিদা ব্যাপক হাৰত বৃদ্ধি পাইছে। এইখিনিতে উল্লেখযোগ্য যে চাহিদা অনুপাতে অসমত ফুলৰ উৎপাদন কম হোৱাৰ বাবে চুবুৰীয়া ৰাজ্য পশ্চিমবঙ্গৰ পৰা দিনে বহু লাখ টকা মূল্যৰ ফুল অসমলৈ আহে। কিন্তু আমাৰ পৰিবেশত কাপ খোৱা অৰ্থাৎ ইয়াত সহজে হ'ব পৰা গোলাপ, তগব, নার্জি, ডালিয়া ৰজনীগন্ধা, চন্দ্রমল্লিকা, শেৱালী ইত্যাদি খেতি কৰি আমি লাভবান হ'ব পাৰো।

 ফল-মূলৰ ক্ষেত্ৰতো অসমৰ মাটি উৎকৃষ্ট । অসমত বহু কেইবিধ ফল-মূলৰ খেতি বিস্তৃত হাৰত কৰাব পূর্ণ সম্ভাৱনা আছে। কিয়নো ফল-মূলৰ চাহিদাও বজাৰত খুব বেছি। বিভিন্ন জাতৰ আম, মধুৰিআম, নাৰিকল, লিচু, জামু আৰু ৰবাব টেঙা আদি ফলৰ খেতি ইয়াত সহজে কৰিব পৰা যায়। কঠালৰ খেতি বৰ লাভজনক খেতি। ঘৰৰ চাৰিওফালে তথা পুখুৰীৰ পাৰত, বাৰীখনত কঁঠালৰ পুলি কই দিলেও সময়ত কঠাল বিক্ৰী কৰি অৰ্থ উপার্জন কৰিব পৰা যায়। তাৰ উপৰিও এই বিধ খেতি এবাৰ কৰি বহু বছৰলৈ ফল খাব পাৰি।তেনেদৰে অমিতাও এবিধ আমাৰ ইয়াৰ সহজে কৰিব পৰা খেতি আৰু ইয়াতো বহু বছৰলৈ ফল খাব পৰাৰ উপৰিও ইয়াত বিশেষ খৰচ কৰিবলগীয়া নহয় বাবে ই এবিধ লাভজনক খেতি বুলি কোৱা হয়। আনহাতে অসমৰ মাটিৰ বাবে আন এবিধ উপযোগী খেতি হ’ল কলখেতি। আমাৰ ইয়াত সাধাৰণতে ব্যৱসায়িক ভিত্তিত কৰা কলৰ জাতবিলাক হৈছে জাহাজী, চেনিচম্পা আৰু মালভোগ। এই খেতি উন্নত পদ্ধতিৰে কৰিলে হেক্টৰ প্ৰতি ২৪-২৫ হাজাৰ টকা খৰচ হয় যদিও ইয়াৰ ১ বছৰৰ পিছত ১৫ ৰ পৰা ২০ হাজাৰ টকা লাভ কৰি পাৰি । গতিকে এবাৰ ৰুই ৩ বছৰে ফল খাব পাৰি বাবে কম খৰচতে হোৱা ই এবিধ লাভবান খেতি ।

আমাৰ নিবনুৱাসকলে কাঠফুলৰ খেতি কৰিও স্ব-নিয়োজনৰ পথ মোকলাব পাৰে। কৃষি বিজ্ঞানীসকলে এই কাঠফুলাৰ ৫৩ বিধ প্রজাতি উপযোগী বুলি চিনাক্ত কৰিছে। এই কাঠফুলাৰ বীজ যোৰহাটত থকা আঞ্চলিক গবেষণাগাৰ, অসম কৃষি বিশ্ববিদ্যালয়ৰ আৰু গুৱাহাটীৰ বৈশিষ্টত থকা শান্তি সাধনা আশ্রম আদিৰ পৰা সংগ্ৰহ কৰা উচিত। জিলা গ্রামোন্নয়ন অভিকৰণৰ পৰা এই খেতিৰ বাবে উপযুক্ত প্রশিক্ষণ লৈ বছৰি ৪০-৪৫ হাজাৰ টকা অনায়াসে উপার্জন কৰিব পাৰি। আকৌ মাটি কঠালৰ খেতি কৰিও যথেষ্ট লাভবান হ'ব পৰা যায়। ইয়াৰ পৰা উৎকৃষ্টমানৰ জাম, স্কোৱাচ, জেলি আদি তৈয়াৰ কৰিব পাৰি। এই খেতিৰ বাবে এপ্রিল মাহৰ পৰা অক্টোবৰ মাহৰ ভিতৰত পুলি কব লাগে। ইয়াত প্রতি হেক্টৰত ৪০ হাজাৰ পুলিৰ আৱশ্যক হয় । এই খেতিত এবাৰ পুলি ৰোপন কৰি ৩ বছৰলৈ চিন্তা কৰিব নালাগে। এনে ধৰণৰ খেতিৰ পৰা হেক্টৰে প্রতি উৎপাদন হয়। ৫০ৰ পৰা ৮০ মেট্রিকটন । ইয়াৰ পৰা সৰ্বমুঠ আয় হ’ব ১ লাখৰ পৰা ১.৫ লাখ টকা । সেইদৰে ফুলকবি, বন্ধাকবি আৰু বিলাহীৰ খেতিৰেও আত্মনির্ভৰশীল হ’ব পাৰি। কিয়নো ১ বিঘা মাটিৰ পৰা ২০ কুইন্টল পর্যন্ত ফুলকবি উৎপাদন কৰিব পাৰি। গতিকে ১ বিঘা মাটিৰ পৰা ৪০ৰ পৰা ৫০ হাজাৰ টকা আয় কৰিব পাৰি । আনহাতে ১ বিঘা মাটিত বন্ধাকবি ৰুই বছৰি ১০-১৫ হাজাৰ টকা আয় কৰিব পাৰি। সেইদৰে ১বিঘা মাটিত ৩০ৰ ৪০পৰা কুইন্টল বিলাহী উৎপাদন কৰি বহু হাজাৰ টকা লাভ কৰিব পাৰি।

তামোলৰ খেতিও বব লাভজনক খেতি। কিয়নো ১বিঘা মাটিত ১৭৬ জোপা তামোল গছ সাধাৰণতে ৰুব পাৰি। ৰোৱাৰ ৫বছৰৰ পৰাই গড়ে ১০০টাকৈ তামোল পোৱা যায়। আকৌ ৮বছৰৰ পৰা প্ৰতিজোপা গছত গড়ে ৬০০টাকৈ তামোল পোৱা যায়। আনহাতে তামোলবোৰ গছতে বিক্ৰী কৰিলেও বিঘাই প্রতি ১৫ৰ পৰা ২০ হাজাৰ টকা পোৱা যায়। তাৰোপৰি তামোলৰ পৰা চুপাৰিত তৈয়াৰ কৰিব পাৰি। ই এক লাভজনক ব্যবসায়। অসমৰ বৰপেটা জিলাত সৰ্বাধিক চুপাৰি তৈয়াৰ কৰা হয় । আমাৰ নিবনুৱা  যুৱক-যুৱতীসকলে এই ব্যবসায় মনোনিবেশ কৰিব পাৰিলে যথেষ্ট উপকৃত হ'ব পাৰিব । ইয়াৰ উপৰিও টেঙা জাতীয় খেতিৰ ভিতৰত সুমথিৰা আৰু নেমুটেঙাৰ খেতি বৰ লাভজনক খেতি । সুমথিৰাৰ বাৰী প্ৰতিষ্ঠা কৰিলে ৬-৭ বছৰৰ পিছতে উৎপাদন পাব পাৰি । এই উৎপাদন ৩০-৪০ বছৰলৈ পাব পাৰি । এজোপা সুমথিৰা গছৰ পৰা ৫০ ৰ পৰা ২০০০ পর্যন্ত সুমথিৰা পাব পাৰি । আনহাতে কাজী নেমু আৰু গোল নেমুৰ চাহিদাও বজাৰত প্ৰচুৰ । প্ৰতিটো নেমুৰ বজাৰ মুলা হ’ল ২-৩ টকা । এনেকুৱা নেমুবাৰী এখন পাতি ল'ব পাৰিলে ঘৰতে বহি ১ বিঘা মাটিৰ পৰা বছৰি ১৫ হাজাৰ টকালৈকে আয় কৰিব পাৰি । ইয়াত এজোপা গছে ৩ বছৰৰ পৰাই ফল দিবলৈ আৰম্ভ কৰে। আকৌ আজিকালি পুলি-বাৰী (Nursury) প্রতিষ্ঠা কৰিও যথেষ্ট উপাৰ্জন কৰিব পৰা যায় । বর্তমান ইয়াৰ চাহিদা বজাৰত অধিক আৰু ই এবিধ অতি লাভজনক ব্যবসায়।

বিভিন্ন ফুল-ফল আৰু শাক-পাচলিৰ পুলি, টাবত কৰা ফুলৰ গছ আদিব পৰা আয় উপার্জন কৰিব পাৰি। এনেধৰণৰ কামৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা প্রত্যেক জিলাতেই জিলা গ্রামোন্নয়ন অভিকৰণৰ বা কৃষি বিভাগত আছে। গতিকে আমাৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলে এনেধৰণৰ ব্যৱসায়ত মনোনিবেশ কৰি আত্মনির্ভৰশীল হ'ব পাৰে। কাৰণ আমাৰ ৰাজ্যখনৰ প্ৰাকৃতিক বাতাবৰণ উদ্যানশস্যৰ বাবে অনুকুল। এই সুবিধা গ্ৰহণ কৰি আমাৰ বৰ্তমান নৱ প্ৰজন্মই বহু পৰিমাণে উপকৃত হ'ব পাৰে। আমাৰ পূৰ্বপুৰুষসকলেও এই বাতাবৰণৰ সুবিধা গ্ৰহণ কৰি উদ্যান শস্যৰ খেতিৰে যথেষ্ট লাভবান হ'ব পাৰিছিল । অৱশ্যে বর্তমানো বহুতো নিবনুৱাই এইদৰে উদ্যানশস্যৰ খেতিৰে আৰ্থিক দিশত লাভবান হ'ব পাৰিছে যদিও তেওঁলোকে এই ক্ষেত্ৰত বৈজ্ঞানিক পদ্ধতিৰে অৰ্থাৎ কৃষি উন্নয়নৰ বাবে সেউজ বিপ্লৱৰ ব্যৱস্থাসমূহ গ্ৰহণ কৰিলে অধিক উপকৃত হ'ব । ফলত ৰাজ্যখনৰ বৰ্দ্ধিত নিবনুৱা সমস্যা কিছু পৰিমানে হ'লেও কমাব পৰা যাব আৰু লগতে কৃষি উৎপাদন বৃদ্ধি কৰি অসমৰ আয় আৰু সঞ্চয়ো বৃদ্ধি কৰিব পৰা যাব।

অৱশ্যে আমাৰ ৰাজ্য চৰকাৰে উদ্যানশস্যৰ গুৰুত্বৰ কথা উপলব্ধি কৰি কৃষি বিভাগৰ দ্বাৰা বহু আঁচনি ৰূপায়িত কৰিছে যিবোৰৰ জড়িয়তে আমাৰ কৃষকসকলে উপযুক্ত ঋণৰ সুবিধা, উচ্চ উৎপাদনক্ষম বীজ, কীটনাশক দৰব আৰু ৰাসায়নিক সাৰ আদি লাভ কৰিবলৈ সক্ষম হৈছে।

লেখিকাঃ ড০ নমিতা দেৱী, 

সহযোগী অধ্যাপক, অৰ্থনীতি বিভাগ

পশ্চিম গুৱাহাটী মহাবিদ্যালয়,

ফোনঃ ৮৭২১৮৩৪৭২৫

লগতে পঢ়কঃ উন্নত আৰু স্থায়ী প্ৰকাৰৰ তিতা কেৰেলাৰ খেতিঃ কৃষকৰ বাবে লাভজনক ব্যৱসায়

English Summary: Role of Horticulture in Self-Employment

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.