1. উদ্য়ানশস্য়

জিকা খেতি (Ridge Gourd Farming)

KJ Staff
KJ Staff
Ridge Gourd Cultivation
Ridge Gourd Cultivation

জিকা হ’ল তিয়ঁহ গোত্ৰৰ লতাজাতীয় বিষুৱক্রান্তীয় বা উপ গ্ৰীষ্ম অঞ্চলত হোৱা শস্য । এন এজিপ্তিয়াকা আৰু এল একিউটেংগুলা শ্ৰেণীৰ এই ফলবিধক পাচলি হিচাপে খেতি কৰা তথা খোৱা হয়। সম্পূর্ণ পূৰঠ হোৱাৰ আগতে ইয়াৰ খেতি চপাব লাগে। সম্পূৰ্ণৰূপে পুৰঠ হৈ পৰিলে ই বেছি আঁহীয়া হৈ পৰে। চীন আৰু ভিয়েৎনামত পাচলিবিধ বেছ জনপ্রিয়। সম্পূর্ণ পুৰঠ হ'লে ইয়াৰ ভিতৰৰ অংশ জীম ঘঁহা-মজা কৰাৰ উপযোগীকে স্পঞ্জৰ দৰে হৈ পৰে । তেতিয়া ইয়াক পাকঘৰ বা গ-ধোৱা ঘৰতত ব্যৱহাৰ কৰা হয় ।

১৫০-২০০ (গৰম কালিৰ) দিনৰ ভিতৰত ই পুৰঠ হৈ উঠে৷ এল এজিপ্তিয়াকা শাখাৰ পাচলিবিধক পাক ঘৰৰ কামত ব্যৱহাৰ কৰিব পাৰি । ইয়াৰ জাইলেম গুচ্ছখিনি বা জীম অংশটো সম্পূর্ণ পূৰঠ হােৱাৰ পিছত কোমল অংশখিনি শুকাই নিজেই ওলাই পৰে। সেই সময়ত জীমৰ বাদে ইয়াত গুটিবােৰহে থাকে। পাৰাগুৱেত ভােল আৰু অন্যান্য পাচলিৰ অংশ আৰু পূণৰ ব্যৱহাৰ যোগ্য (ৰি ছাইকেল) প্লাষ্টিকৰ সহায়ত পেনেল সজা হয় । ইয়াক ম্যানমাৰত থা-বুট-দি বুলি কোৱা হয়। খুব সম্ভৱ মণিপুৰী ছেব’ট শব্দৰ পৰাই থা-বুট দি হৈছেগৈ।

সচঁৰ বৰ্ণনা

১) পুচা নাছদাৰ : এজোপা গছত ১৫-২০ টাকৈ জিকা লাগে , দীঘল হয় , সেউজীয়া ৰংৰ । গছত ৬০ দিনৰ ভিতৰত বীজ লাগিবলৈ ধৰে আৰু ৭০-৭৫ দিনত ফলবোৰ চিঙিব পৰা হয় ।

২) এএ ইউ জে ১ : এজোপা গছত ১৫ -২০ টাকৈ জিকা লাগে, জিকাবোৰ দীঘল আৰু সেউজীয়া ৬০-৬৮ দিনৰ ভিতৰত জিকা চিঙিব পৰা হয় । গঢ় হিচাবে হেক্টৰে প্রতি ১১০ কুইন্টল মান উত্পাদন হয়।

মাটি নিৰ্বাচন

পানী বন্ধ নোহোৱা ওখ, পলসুৱা আৰু আধা জৈৱিক পদাৰ্থ থকা মাটিত জিকা খেতি ভাল হয়।

বীজৰ পৰিমাণ

৩.৫-৪.৫ কি: গ্রাম/হেক্টৰত বীজ সিঁচাৰ সময়: জানুৱাৰী - মে মাহ পর্য্যন্ত জিকা খেতি কৰিব পাৰি।

বীজৰ পৰিমাণ

১.৫ - ২.৫ মিটাৰ শাৰীৰ পৰা শাৰীলৈ * ৬০ - ১.২ মিটাৰ গছৰ পৰা গছলৈ।

সাৰ প্ৰয়োগ

প্রতিবিঘাৰ বাবে পচন সাৰ ১৫-২০ কুইণ্টল, ইউৰিয়া-১২ কিলােগ্রাম, একক ছুপাৰ ফচফেট ২৪ কিলােগ্রাম আৰু মিউটে অব পটাচ-৬ কিলোগ্রাম । ইউৰিয়া সাৰৰ আধা আৰু সমুদায় ছুপাৰ, পটাচ গুৰি সিচাৰ আগেয়ে মাটিত প্রয়োগ কৰিব লাগে । ইউৰিয়া সাৰৰ বাকী আধা জিকাৰ গছ বগাবলৈ ধৰাৰ লগে লগে প্রয়োগ কৰিব লাগে। যদি সাৰ ভেটিত প্রয়োগ কৰা হয়, তেতিয়া প্ৰতিটো ভেটিত ৫-১০ কিলােগ্রাম পচন বা গোৱৰ সাৰ, ইউৰিয়া- ৪-৫০ গ্রাম, একক ছুপাৰ ফচফেট-৪০-৫০ গ্রাম আৰু মিউটে অব পটাছ- ৮০-৯০ গ্রাম প্রয়োগগ কৰিব লাগে । পুলিবোৰ ঠন ধৰি উঠাৰ পিছত ১৫-২০ দিনৰ মূৰে মূৰে অণুসাৰ (১০ লিটাৰ পানীত ৫০-৭৫ গ্রাম) ম্প্ৰে কৰিব লাগে।

জলসিঞ্চন আৰু শস্যৰ পৰিচৰ্যা

৮-১০ দিনৰ মূৰে মূৰে জিকাৰ গছত পানী দি থাকিব লাগে । গছজোপা বগাবলৈ আৰম্ভ কৰাৰ লগে লগে জেং পুতি দিব লাগে আৰু গুৰিৰ পৰা বন-বাতবোৰ পৰিষ্কাৰ কৰিব লাগে । জিকা যদিও উভয়লিঙ্গী শস্য, ইয়াৰ পংপুষ্প আৰু স্ত্রী পুষ্প একেজোপা গছৰ বেলেগ বেলেগ অংশত ফুলে । স্ত্রী পুষ্পৰ সংখ্যা বাঢ়িলেহে জিকাৰ উৎপাদন বাঢ়ে । এই স্ত্রী পুষ্পৰ সংখ্যা বঢ়াবৰ বাবে পুলি দুপতীয়াৰ পৰা চাৰিপতীয়া হোৱা অৱস্থাতে ইঞ্জেল হৰমন (০.৬ মিলিলিটাৰ ১২ লিটাৰ পানীত মিহলাই) স্প্রে কৰিব লাগে।

ৎপাদন

৯০ - ১৩০ কুইন্টল / হেক্টৰত।

তিতা স্বাদৰ পৰা মুক্ত কৰা

 ৮০ পি পি এম চাকচিনিক এচিডৰ (Succinic acid) দ্বাৰা বীজবোৰ শোধন কৰি গছবোৰ ৫ টা মান পাত ওলোৱাৰ পিচত আৰু শেষৰবাৰ ফল ধৰা অৱস্থাত স্প্রে কৰিলে জিকাৰ তিতা স্বাদটো নোহোৱা হয়।

উৎস: অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট

লগতে পঢ়ক-জলকীয়া গছৰ পাত মুজুৰা পৰা বেমাৰ কেনেকৈ প্ৰতিৰোধ কৰিব?

English Summary: Ridge Gourd Cultivation in Assam

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.