1. উদ্য়ানশস্য়

জিকা খেতি

KJ Staff
KJ Staff
জিকা খেতি
জিকা খেতি

সচঁ সমূহ

পুচা নাছদাৰ, এএ ইউ জে-১ আদি ।

সঁচৰ বৰ্ণনা

১) পুচা নাছদাৰ: এজোপা গছত ১৫-২০ টাকৈ জিকা লাগে, দীঘল হয়, সেউজীয়া ৰংৰ। গছত ৬০ দিনৰ ভিতৰত বীজ লাগিবলৈ ধৰে আৰু ৭০-৭৫ দিনত ফলবোৰ চিঙিব পৰা হয়।

২) এএ ইউ জে ১: এজোপা গছত ১৫ -২০ টাকৈ জিকা লাগে, জিকাবোৰ দীঘল আৰু সেউজীয়া ৬০-৬৮ দিনৰ ভিতৰত জিকা চিঙিব পৰা হয়। গঢ় হিচাবে হেক্টৰে প্রতি ১১০ কুইন্টল মান উৎপাদন হয়।

মাটি নিৰ্বাচনঃ

পানী বন্ধ নোহোৱা ওখ, পলসুৱা আৰু আধা জৈৱিক পদার্থ থকা মাটিত জিকা খেতি ভাল হয়।

বীজৰ পৰিমাণ

৩.৫-৪.৫ কি: গ্রাম / হেক্টৰত বীজ সিঁচাৰ সময় : জানুৱাৰী-মে মাহ পর্য্যন্ত জিকা খেতি কৰিব পাৰি।

বীজ ব্যৱধান

১.৫-২.৫ মিটাৰ শাৰীৰ পৰা শাৰীলৈ* ৬০-১.২ মিটাৰ গছৰ পৰা গছলৈ।

সাৰ প্ৰয়োগ

পচন সাৰ ১০ টন/হেক্টৰত, ১০ কি: গ্রাম নাইট্রজেন, ৩০ কি: গ্রাম ফছফৰাচ হেক্টৰে প্রতি শেষৰ বাৰ মাটি প্রস্তুত কৰোতে প্রয়োগ কৰিব আকৈ ১০ কি: গ্রাম নাইট্রজেন সাৰ গছৰ ওপৰ ভাগত প্রয়োগ কৰিব।

জলসিঞ্চন

নোহোৱা শুকান দিনবোৰত প্রায় ৮-১০ দিনৰ ব্যৱধানত গছবোৰত পানীৰ যোগানৰ ব্যৱস্থা কৰিব লাগে।

উৎপাদন

৯০-১৩০ কুইন্টল/হেক্টৰত।

তিতা স্বাদৰ পৰা মুক্ত কৰা:

৮০ পি পি এম চাকচিনিক এচিডৰ (Succinic acid) দ্বাৰা বীজবোৰ শোধন কৰি গছবোৰ ৫ টা মান পাত ওলোৱাৰ পিচত আৰু শেষৰবাৰ ফল ধৰা অৱস্থাত স্প্রে কৰিলে জিকাৰ তিতা স্বাদটো নোহোৱা হয়।

উৎস: অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট

লগতে পঢ়ক-খুটি পদ্ধতিৰে কৰা পাণ খেতিৰ ৰোগজনিত সমস্যা আৰু ইয়াৰ সমাধান-

English Summary: Ridge Gourd Cultivation

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2025 Krishi Jagran Media Group. All Rights Reserved.